অসমৰ সৰ্বাংগীণ বিকাশৰ যাত্ৰাক আগুৱাই লৈ যাবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰে ১১ ডিচেম্বৰ ২০২৪ৰ পৰা আয়োজন কৰিছে ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচী। শিক্ষা,বিত্ত, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ,ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আঁচনিৰ সম্ভাৰেৰে আয়োজন কৰা এই বিশেষ কাৰ্যসূচী ৰাজ্যখনৰ ভিন্ন জিলাত অনুষ্ঠিত হয়।
এই কাৰ্যসূচীৰ প্ৰথম দিনৰ অংশ হিচাপে সৰুসজাই ক্ৰীড়া প্ৰকল্পত আয়োজিত অনুষ্ঠানত কামৰূপ আৰু কামৰূপ (মহানগৰ) জিলাৰ যোগ্য ছাত্ৰ-ছাত্ৰীসকলক প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীলৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ (ডিবিটি) যোগে নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰথম দিনৰ এই কাৰ্যসূচীত উপস্থিত থাকি বঁটা বিতৰণী অনুষ্ঠানত অংশ লয়।
তদুপৰি যোৰহাট জিলাতো আয়োজিত প্ৰথম দিনৰ কাৰ্যসূচীত মন্ত্ৰী অজন্তা নেওগে অংশ লয়।
পৰৱৰ্তী সময়ত আন কেইবাখনো জিলাত এই কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত ব্যক্ত কৰে,“এই অভিযান কেৱল জনসাধাৰণক লাভালাভ প্ৰদান কৰাৰ এক মাধ্যম নহয়, তেওঁলোকৰ সমস্যাবোৰ বুজি পোৱা আৰু মূৰ্ত সমাধান আগবঢ়োৱাৰো ই এক প্ৰয়াস।’’
‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত তৃতীয় বৰ্গৰ ঋণীলৈ দ্বিতীয় পৰ্যায়ত ‘ন’ ডিউজ চাৰ্টিফিকেট বিতৰণ, প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ (পিএমএফএমই) আঁচনিৰ অধীনত মূলধনী বিনিয়োগৰ ওপৰত ৰাজসাহায্য, দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়াললৈ পোনপটীয়াকৈ আৰ্থিক সাহায্য প্ৰদান আদি সামৰি লোৱা হৈছে।
অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে ফে’চবুকত প্ৰকাশ কৰে, “আমাৰ চৰকাৰে নাৰীশক্তিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ মহিলা সশক্তিকৰণ আমাৰ কেৱল এটা শ্লোগান নহয়, বৰঞ্চ আমাৰ শাসনৰ ই মূল শিলাস্তম্ভ। চলিত ‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীৰ অধীনত আমি লাখ লাখ মহিলা ঋণগ্ৰহণকাৰীক ‘ঋণমুক্তি প্ৰমাণ-পত্ৰ’ বিতৰণ কৰিছোঁ। ইয়াৰ জৰিয়তে আমাৰ অৰ্থনীতিত বহুলভাৱে প্ৰভাৱ পৰিব, কাৰণ অধিক মহিলা উদ্যোগীয়ে নিজৰ ব্যৱসায় প্ৰতিষ্ঠা আৰু সম্প্ৰসাৰণ কৰিব পাৰিব, নিয়োগৰ সুযোগ সৃষ্টি কৰিব পাৰিব আৰু তৃণমূল পৰ্যায়ত বিকাশ আৰু উন্নয়নৰ সূচনা কৰিব পাৰিব।”
‘বিকাশৰ ১২ দিন’ কাৰ্যসূচীৰ তৃতীয় দিনটোত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা যোৰহাটত উপস্থিত থাকে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশ লোৱা এই কাৰ্যসূচীৰ জৰিয়তে সংশ্লিষ্ট আঁচনিসমূহৰ কেইবাগৰাকীও হিতাধিকাৰী উপকৃত হয়।
“আমাৰ জনপ্রিয় চৰকাৰখনৰ প্রাথমিকতা হৈছে অসমৰ সামগ্রিক বিকাশ আৰু ৰাজ্যখনৰ জনগণৰ জীৱনধাৰণৰ মান উন্নীত কৰা। এই দিশত আমাৰ প্রচেষ্টা অবিৰতভাৱে চলি থাকিব,” জয়ন্ত মল্লবৰুৱাই ফে’চবুকত এনেদৰে প্ৰকাশ কৰে।
গোলাঘাট জিলাত ১৪ ডিচেম্বৰত আয়োজিত কাৰ্যসূচীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত অংশ লয়। তেখেতে সামাজিক মাধ্যমত উল্লেখ কৰে, “মুখ্যমন্ত্ৰী ডাঙৰীয়াই “অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১”ৰ অধীনত গোলাঘাট জিলাৰ সৰ্বমুঠ ৫,১১৯গৰাকী তৃতীয় বৰ্গৰ ঋণী মহিলাক ঋণৰ অব্যাহতি, শেহতীয়া বানত ক্ষতিগ্ৰস্ত গোলাঘাট জিলাৰ ২,০৯১টা পৰিয়ালক গৃহ নিৰ্মাণৰ বাবে ৰাজহ বিভাগৰ তৰফৰপৰা আৰ্থিক অনুদান প্ৰদান আৰু প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনিৰ অধীনত গোলাঘাট জিলাৰ আত্মসহায়ক গোটৰ ১৮৯গৰাকী মহিলাক আৰ্থিক সাহায্য আনুষ্ঠানিকভাৱে প্ৰদান কৰে।”
গোলাঘাট জিলা নিবাসী সুদৰ্শনা দাসে সামাজিক মাধ্যমত ভিডিঅ’ৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীৰ এই পদক্ষেপৰ শলাগ লয়।
“অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড° বাণীকান্ত কাকতি বঁটাৰ অংশ হিচাপে এখন স্কুটাৰ লাভ কৰোঁ। এই আঁচনিৰ জৰিয়তে আমাক উপকৃত কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ,” সুদৰ্শনাই এনেদৰে প্ৰকাশ কৰে।
![](https://i0.wp.com/asombarta.com/wp-content/uploads/2025/01/12-days-2.jpg?resize=1024%2C683&ssl=1)
অসম মন্ত্ৰীসভাৰ নৱনিযুক্ত মন্ত্ৰী কৌশিক ৰায়ে শ্ৰীভূমি জিলাত ১৬ ডিচেম্বৰ তাৰিখে এই কাৰ্যসূচীত অংশ লৈ সামাজিক মাধ্যমত প্ৰকাশ কৰে, “’বিকাশৰ ১২ দিন’ৰ অংশস্বৰূপে আজি শ্ৰীভূমি জিলাত হিতাধিকাৰীলৈ অনুষ্ঠানিকভাৱে বিভিন্ন আঁচনিৰ সাহায্য, অনুদান বিতৰণ কৰোঁ। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন আমাৰ চৰকাৰৰ এই পদক্ষেপে জনগণক উপকৃত কৰিব বুলি আমি দৃঢ় বিশ্বাসী।”
নতুনকৈ অন্তৰ্ভুক্ত হোৱা অসম মন্ত্ৰীসভাৰ আন এগৰাকী মন্ত্ৰী প্ৰশান্ত ফুকনে ১৭ ডিচেম্বৰৰ কাৰ্যসূচীত ধুবুৰীত অংশগ্ৰহণ কৰি ৰাইজলৈ চৰকাৰৰ সাহায্য আগবঢ়ায়। তেখেতে ফে’চবুকত ব্যক্ত কৰে, “এই সাহায্যৰ ফলশ্ৰুতিত আমি ৰাইজৰ সাহসৰ এখন সবল হাত হ’বলৈ চেষ্টা কৰিছোঁ, আৰ্তজনৰ কান্ধত হাত থৈ বিপদৰ বন্ধু হ’বলৈ আন্তৰিক প্ৰয়াস কৰিছোঁ। জনসেৱাৰ বাটেই যিহেতু নিৰ্বাচন কৰি লৈছোঁ, এই বাটেৰে আগুৱাই সকলো জনসাধাৰণৰ কল্যাণকামী চিন্তাক এখোজ আগুৱাই দিয়াৰ স্বাৰ্থত অহোপুৰুষাৰ্থ কৰিবলৈ আমি সদাপ্ৰস্তুত।”
এই কাৰ্যসূচীৰ অন্তিম দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত অংশ লৈ প্ৰকাশ কৰে, ‘‘বিকাশৰ ১২ দিন শীর্ষক কার্যসূচীৰ আজি ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে যৱনিকা পৰে। এই অনুষ্ঠানৰ জৰিয়তে আমি হাজাৰ হাজাৰ লোকক অনুদান আৰু উদগনি বিতৰণৰ প্রয়াস কৰিছিলোঁ। এই প্ৰচেষ্টাই জনসাধাৰণৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰাৰ উপৰি আমি অসমৰ জনতা জনাৰ্দনক দিয়া প্ৰতিশ্ৰুতিক সফলতাৰে পালন কৰিবলৈ সক্ষম কৰিছে।”
![](https://i0.wp.com/asombarta.com/wp-content/uploads/2025/01/12days.jpg?resize=1024%2C816&ssl=1)