দেশৰ দ্ৰুত উন্নয়নশীল চহৰসমূহৰ ভিতৰত গুৱাহাটী অন্যতম৷ দক্ষিণ এছিয়াৰ দুৱাৰমুখ হিচাপেও গুৱাহাটী এতিয়া জিলিকি উঠিছে৷ পূৰ্বতে আন্তঃগাঁথনিমূলক বাধাৰ ফলত ইয়াত দীৰ্ঘদিন ধৰি এটা ঔদ্যোগিক পৰিৱেশ সুচাৰুৰূপে গঢ় লৈ উঠা নাছিল৷ কিন্তু পৰৱৰ্তী কালত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে আশানুৰূপ ঔদ্যোগিক পৰিৱেশৰ সৃষ্টি হৈছে৷ তদুপৰি উদ্যমীসকলে ভাৰতৰ মুখ্য চহৰসমূহত উন্নত তথ্য-প্ৰযুক্তিগত আন্তঃগাঁথনিৰ জৰিয়তে সুস্থ আৰু দ্ৰুত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰিছে৷ উদ্ভাৱনীমূলক প্ৰচেষ্টাৰ দ্বাৰা উদ্ভাৱক তথা উদ্যমীসকলে ঔদ্যোগিক বিকাশৰ এক নতুন দিগন্তৰ সূচনা কৰিছে৷
বিভিন্ন প্ৰত্যাহ্বান নেওচি নিজৰ সপোনৰ কোম্পানী গঢ় দিয়াৰ সফলতাই সাম্প্ৰতিক সময়ত মোক যথেষ্ট উৎসাহিত আৰু আনন্দিত কৰে৷ আজিৰ পৰিস্থিতিত মোৰ সফলতালৈ পুনৰ এবাৰ উভতি চালে মই সবল আৰু নষ্টালজিক অনুভৱ কৰোঁ৷ গুৱাহাটীস্থিত ষ্টাৰ্ট আপ ভেণ্টেজ চাৰ্কল আজি বিশ্বজুৰি সমাদৃত এটি ব্যৱসায়িক প্লেটফৰ্ম, যিয়ে বহু সংস্থাপনৰ পথ প্ৰশস্ত কৰিছে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহক সংযোগ কৰিছে৷ সময়সাপেক্ষ পৰিৱৰ্তনৰ সৈতে খাপ খোৱাকৈ ইয়াক প্ৰস্তুত কৰা হৈছে৷ আমি সংশ্লিষ্ট দল, উপভোক্তা আৰু ব্যৱহাৰকাৰীসকলৰ সহায়ত ১ মিলিয়ন লোকৰ কাষ চাপিবলৈ সক্ষম হৈছোঁ৷ ই ইয়াৰ উপভোক্তাৰ তালিকাত বিশ্বজুৰি কিছুমান সন্মানীয় নাম অন্তৰ্ভুক্ত কৰিবলৈও সক্ষম হৈছে, যেনে- ইনফ’চিছ, উইপ্ৰ’, এয়াৰটেল, বছ, টাটা কমিউনিকেচন ইত্যাদি৷
আমাৰ এই যাত্ৰাকালত আন কিছুমান প্ৰত্যাহ্বানো আছিল যিবোৰ মই প্ৰসংগক্ৰমে উল্লেখ কৰিছিলোঁ, যেনে- ইণ্টাৰনেট সংযোগ, কাৰ্যালয়ৰ উপযুক্ত স্থান ইত্যাদি৷ তদুপৰি কা আন্দোলনৰ সময়ত ইণ্টাৰনেট সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ ফলত ভেণ্টেজ চাৰ্কলে নিৰ্ধাৰিত সময়সীমাত উপভোক্তাৰ প্ৰয়োজনীয়তা পূৰণ কৰাতো সমস্যাৰ সন্মুখীন হৈছিল৷ তৎসত্ত্বেও আমি হাৰ মনা নাছিলোঁ৷ তেনে পৰিস্থিতিতো আমি অদম্য মনোবল আৰু গভীৰ আত্মবিশ্বাসেৰে টিকি থাকিলোঁ আৰু পৰৱৰ্তী সময়ত আমি অধিক উন্নতি লাভ কৰিলোঁ৷ মই ভাবোঁ যে এতিয়া গুৱাহাটীত প্ৰযুক্তি-আধাৰিত কোম্পানীবোৰে এক সুন্দৰ পৰিৱেশত কাম কৰিব পাৰিছে৷
এনে সুস্থ পৰিৱেশে চিন্তা-ধাৰণা আৰু জ্ঞান অন্বেষণৰ যাত্ৰাক সবল ৰূপ প্ৰদান কৰে৷ সম্প্ৰতি এই অঞ্চলৰ কিছুসংখ্যক গুণগত মানৰ শিক্ষানুষ্ঠানৰ পৰা যথেষ্ট প্ৰতিভা ওলাই আহিছে৷ অসমৰ এই পৰিৱৰ্তনশীল পৰিৱেশৰ বিষয়ে সজাগতা সৃষ্টি কৰি যদি মানুহৰ মানসিকতা সলনি কৰিব পাৰোঁ, তেন্তে আমি ‘ব্ৰেইন ড্ৰেইন’ বন্ধ কৰিব পাৰিম আৰু ই চহৰখনৰ লগতে ৰাজ্যখনৰ বিকাশত যথেষ্ট সহায় কৰিব৷
অৱশ্যে ৰাজ্য চৰকাৰে ইয়াত প্ৰযুক্তিগত ষ্টাৰ্ট আপৰ বাবে অধিক সুস্থ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আছে৷ কোম্পানীবোৰক অতিৰিক্ত বিনিয়োগৰ সৈতে গুৱাহাটীত বা অসমত তেওঁলোকৰ ভেটি টনকিয়াল কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ চৰকাৰে পৰিবহণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণত জোৰ দিব লাগিব৷ যদিহে নিজৰ ঠাইতে সকলো আন্তঃগাঁথনি আৰু উপযুক্ত সা-সুবিধা উপলভ্য হয়, তেতিয়া কোনেও নিজৰ ঘৰখনৰপৰা বা মাতৃভূমিৰপৰা বাহিৰলৈ যাবলৈ নিবিচাৰে৷ মই ভাবোঁ, ঔদ্যোগিক বা উদ্যমিতাৰ ক্ষেত্ৰখনত অসমৰ ভৱিষ্যত উজ্জ্বল৷ ভৱিষ্যতে গুৱাহাটীও পূব ভাৰতৰ বাংগালোৰ সদৃশ হ’বগৈ পাৰে৷