যোৱা ১৬ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সযোগে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ অধীনস্থ হিতাধিকাৰীসকলক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘অসম গৌৰৱ’ বঁটাপ্ৰাপক কল্যাণী ৰাজবংশীক প্ৰশংসা কৰি কয়, “যেতিয়া এগৰাকী মহিলা আত্মনিৰ্ভৰশীল হয়, তেতিয়া এখন সমাজ লাভান্বিত হয়। আপুনিও তাৰেই এক উদাহৰণ”।
প্ৰধানমন্ত্ৰীয়ে সমৱেত ৰাইজক সম্বোধন কৰি কয় যে এমাহজোৰা বিকশিত ভাৰত সংকল্প যাত্ৰাত সহস্ৰাধিক গাঁৱৰ লগতে ১,৫০০খন চহৰ অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্যমন্ত্ৰী তথা মন্ত্ৰীসকলৰ নেতৃত্বত বহু সৰু সৰু চহৰ-নগৰেও এই যাত্ৰাত অংশ লৈছে।
এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে গ্ৰামাঞ্চলৰ বহু লোকৰ সৈতে বাৰ্তালাপ কৰে। এই বাৰ্তালাপত তেখেতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰাকৃতিক কৃষি, গ্ৰাম্য অৰ্থনীতিৰ বিভিন্ন দিশ তথা ভাৰতৰ গাঁওসমূহৰ বিকাশ আৰু প্ৰগতিৰ কথা ব্যক্ত কৰে।
গুৱাহাটীৰ নুনমাটি নিবাসী কল্যাণী ৰাজবংশীয়ে প্ৰধানমন্ত্ৰীৰ সৈতে তেখেতৰ অভিজ্ঞতাৰ বিষয়ে ভাগ-বাটোৱাৰা কৰে। তেখেতে প্ৰধানমন্ত্ৰীক জনায় যে দীনদয়াল উপাধ্যায় যোজনা-ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান, প্রধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যম আনুষ্ঠানিকৰণ আঁচনি আদিৰ দৰে চৰকাৰী আঁচনিয়ে তেখেতক গৃহিণীৰপৰা এগৰাকী স্বাৱলম্বী মহিলালৈ ৰূপান্তৰিত কৰিছে। কল্যাণীয়ে প্ৰধানমন্ত্ৰীগৰাকীক কয় যে তেখেতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰপৰা প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা লাভ কৰিছিল।
কল্যাণীয়ে প্ৰথমে ১০,০০০ টকাৰ ঘূৰ্ণীয়মান পুঁজিৰ সৈতে এটা কাঠফুলাৰ গোট আৰম্ভ কৰে। ইয়াৰ পাছতেই তেখেতে খাদ্য প্ৰক্ৰিয়াকৰণ গোট এটাও মুকলি কৰে। ইয়াৰ সমান্তৰালকৈ তেখেতে ২০০গৰাকী মহিলাৰ সৈতে গঠন কৰে এটা এৰিয়া লেভেল ফেডাৰেশ্যন। তদুপৰি তেখেতৰ অঞ্চলৰ আন মহিলাসকলক আত্মসহায়ক গোটত অন্তৰ্ভুক্ত কৰিবলৈ তথা বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত বেংকৰ ঋণ লাভ কৰাৰ ক্ষেত্ৰত যোগোৱা অনুপ্ৰেৰণাৰ কথাও কল্যাণীয়ে প্ৰধানমন্ত্ৰীৰ সমুখত প্ৰকাশ কৰে।
উল্লেখযোগ্য যে কল্যাণীয়ে ১,০০০গৰাকী পদপথৰ বিক্ৰেতাক প্ৰধানমন্ত্ৰী স্ব-নিধি আঁচনিৰ বিষয়ে সজাগ কৰাৰ বাবে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ বাবে ‘অসম গৌৰৱ’ বঁটাৰে বিভূষিত হয়। তদুপৰি তেখেতে প্রধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যম আনুষ্ঠানিকৰণ আঁচনিৰ অধীনতো সাহায্য লাভ কৰিছিল।
কল্যাণী ৰাজবংশীয়ে তেখেতৰ অঞ্চলৰ মহিলাসকলক নেতৃত্ব দি ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ বাহন ‘মোদী কী গ্যেৰাণ্টী কী গাড়ী’ৰ সন্দৰ্ভত সজাগ কৰাৰ লগতে সংশ্লিষ্ট আঁচনিসমূহৰ সুফল লাভ কৰিবলৈ আহ্বান জনায়। সমাজৰ প্ৰতি থকা কল্যাণীৰ দৃষ্টিভংগীক প্ৰধানমন্ত্ৰীয়ে শলাগ লয় আৰু এনেদৰেই উদ্যমিতা তথা সমাজ সেৱাৰ মনোভাবেৰে অনাগত দিনতো কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰে।
যেতিয়া প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ আইইচি ভেনৰ অভিজ্ঞতাৰ বিষয়ে তেখেতক সোধে, তাৰ প্ৰত্যুত্তৰ হিচাপে কল্যাণীয়ে কয় যে তেখেতৰ অঞ্চলবাসীয়ে ভেনখনৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে ইয়াৰপৰা বহু পৰিমাণে লাভান্বিতও হৈছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো অসমত এই যাত্ৰাক সাফল্যমণ্ডিত কৰাৰ বাবে আগভাগ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি তথা পদক্ষেপসমূহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাটোৱে এই কাৰ্যসূচীৰ উদ্দেশ্য। অসমতো এই কাৰ্যসূচীয়ে ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ হাব্ৰুবাৰীত ২০ ডিচেম্বৰত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত অংশ লৈ বিভিন্ন উন্নয়নমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু জনসাধাৰণক চৰকাৰী আঁচনিৰ লাভালাভ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
জনসাধাৰণক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা এই যাত্ৰাৰ লক্ষ্য হৈছে আয়ুষ্মান ভাৰত, উজ্জ্বলা যোজনা, সুৰক্ষা বীমা যোজনা, জীৱন জ্যোতি বীমা যোজনা আদিৰ দৰে ধ্বজাবাহী আঁচনিৰ অধীনত হিতাধিকাৰীসকলক অন্তৰ্ভুক্তিৰে সম্পূৰ্ণ সংপৃক্তকৰণ নিশ্চিত কৰা।
ড০ হিমন্ত বিশ্ব শৰ্মাই যোগ্য হিতাধিকাৰীসকলক স্থানভেদে হোৱা তাৎক্ষণিক পঞ্জীয়ন প্ৰক্ৰিয়াত অংশগ্ৰহণৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় যাতে আঁচনিসমূহপৰা তেওঁলোক বঞ্চিত হ’বলগীয়া নহয়।
‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ কাৰ্যসূচীত বিভিন্ন গোটৰ সক্ৰিয় অংশগ্ৰহণ আৰু সহায়-সহযোগিতাই এই অনুষ্ঠানক অনন্য মাত্ৰা প্ৰদান কৰিছে।
এই কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰীৰ পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠানৰ সাক্ষী হ’বলৈ ডিব্ৰুগড়ত উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ, জলপথ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে আঁচনিসমূহৰ সফলতা নিশ্চিত কৰিবলৈ সকলো যোগ্য হিতাধিকাৰীৰ কাষ চাপিব পৰাটোৱেই হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ লক্ষ্য।
প্ৰধানমন্ত্ৰীৰ পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠান গোলাঘাটৰপৰা উপভোগ কৰে সোণোৱালৰ কেবিনেট সতীৰ্থ কিৰেন ৰিজিজুৱে।