৩০ নৱেম্বৰত গুৱাহাটীত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ (আইআইএছএফ) ২০২৪ৰ দশম সংস্কৰণ উদ্বোধন কৰাৰ পাছত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে গৰ্বৰে ঘোষণা কৰে যে, “বিকশিত ভাৰতৰ কাহিনী বিজ্ঞানৰ বৰ্ণমালাত লিপিবদ্ধ হ’ব।”
সমবেতসকলক সম্বোধন কৰি ড০ জিতেন্দ্ৰ সিঙে এনে এক সংস্কৃতি গঢ়ি তোলাৰ দিশত গুৰুত্ব প্ৰদান কৰে য’ত বিজ্ঞানে প্ৰগতিৰ ভেটি গঢ়ি এক ভৱিষ্যৎ সজাব পাৰে। তেওঁ কয় যে এনে এক সংস্কৃতিৰ প্ৰয়োজন য’ত প্ৰযুক্তি আৰু গৱেষণাই স্বাস্থ্যসেৱাৰ পৰা আন্তঃগাঁথনিলৈকে সমাজৰ প্ৰতিটো দিশত অৰিহণা যোগাব পাৰে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিজ্ঞানৰ পৰিৱৰ্তনশীল শক্তিৰ গুৰুত্ব আছে।
মহোৎসৱৰ বিষয়বস্তু আছিল ‘জৈৱ-নিৰ্মাণ, অৰ্ধপৰিবাহী আৰু চিকিৎসা সঁজুলিৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদানৰ সৈতে সংগতি ৰাখি বিজ্ঞান আৰু প্ৰযুক্তিৰ গোলকীয় নিৰ্মাণ কেন্দ্ৰৰ ৰূপত ভাৰত’। ড০ সিঙে উল্লেখ কৰে যে ভাৰতে গুৰুত্বপূৰ্ণ বিনিয়োগ আৰু নীতিগত পৰিকাঠামোৰ ক্ষেত্ৰত কোৱাণ্টাম মিছন আৰু অৰ্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰসমূহত দ্ৰুত গতিত আগবাঢ়িছে। তেওঁ গুৰুত্ব প্ৰদান কৰি কয় যে চৰকাৰৰ দৃষ্টিভংগী হৈছে ভাৰতক বিশ্বৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত শীৰ্ষস্থানীয় হিচাপে গঢ়ি তোলা
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মোদী চৰকাৰৰ অধীনত উল্লেখযোগ্য পৰিৱৰ্তনৰ ধাৰা অব্যাহত থকা উত্তৰ-পূৰ্বাঞ্চলত এই অনুষ্ঠানটো আয়োজন কৰাৰ তাৎপৰ্যৰ বিষয়ে আলোকপাত কৰে।
আইআইএছএফ ২০২৪ৰ এক অনন্য বৈশিষ্ট্য হৈছে যে আইআইএছএফে সহযোগিতামূলক ‘বিজ্ঞানৰ সম্পূৰ্ণতা’ দৃষ্টিভংগীৰ অধীনত বিজ্ঞান মন্ত্ৰ্যালয়সমূহৰ লগতে নীতি নিৰ্ধাৰকসকলক একত্ৰিত কৰে। এই আৰ্হিয়ে ‘চৰকাৰৰ সম্পূৰ্ণতা’ ৰণনীতিকো প্ৰভাৱিত কৰে। কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ প্ৰশাসনে উৎসৱৰ সফলতা নিশ্চিত কৰাৰ বাবে এক সমন্বয়ৰে কাম কৰিছিল।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্ভাৱন, উৎকৰ্ষতাৰ প্ৰতি ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিৰ লগতে ৰাষ্ট্ৰীয় উন্নয়ন আৰু সমৃদ্ধি ৰক্ষাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিয়ে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ চানেকি হিচাপে আইআইএছএফক অভিহিত কৰে।
তেওঁ ভাৰতৰ বৈজ্ঞানিক ঐতিহ্যৰ লগতে তক্ষশিলা আৰু নালন্দাৰ দৰে প্ৰাচীন শিক্ষা কেন্দ্ৰৰ লগতে আৰ্যভট্ট, সৰক আৰু সুশ্ৰুতৰ দৰে প্ৰসিদ্ধ ব্যক্তিসকলৰ অগ্ৰণী অৱদানৰ বিষয়েও উল্লেখ কৰে।
অসমৰ বৈজ্ঞানিক ধাৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ বৌদ্ধিক অনুসন্ধানৰ পৰম্পৰাৰ বিষয়ে মন্তব্য কৰে। তেওঁ কয় যে প্ৰাচীন প্ৰাগজ্যোতিষপুৰ নামৰ পৰাই অনুমান কৰিব পাৰি যে অসম জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞানৰ অধ্যয়নৰ কেন্দ্ৰ আছিল।নৱগ্ৰহ আৰু সূৰ্য মন্দিৰসমূহে যে এই ঐতিহ্যক প্ৰতিফলিত কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গ্ৰহ বিজ্ঞান, ঔষধ আৰু পশু চিকিৎসা পদ্ধতিত মধ্যযুগীয় অসমৰ উল্লেখযোগ্য অৱদানৰ বিষয়ে বৈদ্যকল্পতৰু আৰু হস্তীবিদ্যাৰ্নৱৰ পাতত লিপিবদ্ধ হৈ আছে।
মুখ্যমন্ত্ৰীয়ে ভাৰতৰ এক্ট ইষ্ট নীতিৰ সৈতে সংগতি ৰাখি স্থানীয় উদ্যোগবোৰ উন্নত কৰিবলৈ আৰু উদ্ভাৱনক উৎসাহিত কৰাৰ বাবে জৈৱ-সম্পদ খণ্ডৰ অধীনত বায়’-ফাউণ্ডেৰী আৰু জৈৱ-নিৰ্মাণ কেন্দ্ৰ আদি স্থাপন কৰাৰ দৰে পদক্ষেপ গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়ায়।