অসমৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ দিশত ২০২৪-২৫ বৰ্ষৰ বাজেট হৈছে ৰাইজৰ আশা-আকাংক্ষাক স্পষ্টৰূপত প্ৰতিফলিত কৰা এখন কল্যাণকামী বাজেট, যাতে আমাৰ ৰাজ্যখনে সম্ভৱপৰ সময়ৰ ভিতৰত সকলো ক্ষেত্ৰতেই দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত থকাৰ লক্ষ্য প্ৰাপ্তিৰ দিশত আগবাঢ়িব পাৰে।
বাজেটৰ আকাৰ বাৰ্ষিক বৃদ্ধি হৈ অহাৰ ফলত বিভিন্ন অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰৰ সমস্যা সমাধান কৰিবলৈ ৰাজ্য চৰকাৰ সক্ষম হৈছে। অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছৰেপৰা বাজেটৰ আকাৰো বৃদ্ধি পোৱাৰ লগতে বিত্তীয় উৎসসমূহৰপৰা চৰকাৰৰ প্ৰাপ্য সংগ্ৰহ আৰু এছিয়ান ডেভেলপমেণ্ট বেংক, বিশ্ব বেংক বা নাবাৰ্ডৰ দৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ বিনিয়োগৰ বাবে নতুন বিত্তীয় সম্ভাৱনাৰ সৃষ্টি হৈছে। এই সু-বিত্তীয় ব্যৱস্থাপনাই ৰাজ্য চৰকাৰৰ ঋণযোগ্যতা বৃদ্ধি পোৱা বিষয়টো নিশ্চিত কৰিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আদিৰ দৰে দেশসমূহৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগে অসম চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ তালিকাত স্থান লাভ কৰাৰ দিন কাষ চাপিছে।
চৰকাৰৰ সামৰ্থ্য অনুযায়ী বিভিন্ন বিভাগৰদ্বাৰা বাজেটৰ নিৰ্ধাৰিত ধনৰাশি ব্যয় কৰাৰ বিশেষ দিশটো হৈছে বাজেটৰ দ্বিতীয় ইতিবাচক বিষয়। কংগ্ৰেছৰ দিনৰ বাজেট পৰিমাণৰ ৬০-৭০% ব্যয়ৰপৰা বিজেপি চৰকাৰৰ দিনত এই পৰিমাণ ৯০%তকৈ ঊৰ্ধ্বলৈ গৈছে। ই দ্ৰুত সিদ্ধান্ত গ্ৰহণ, উন্নত প্ৰকল্প ৰূপায়ণ আৰু নিকা-স্বচ্ছ ব্যৱস্থাটোৰ সৈতে সীমিত সময়ৰ ভিতৰত কাৰ্যসমূহৰ সম্পাদনৰ দিশটোক প্ৰতিফলিত কৰিছে।
তৃতীয় ইতিবাচক দিশটো হ’ল মূলধনৰ আবণ্টনৰ সৈতে ব্যয়ৰ সামঞ্জস্যতা। ইয়াৰ ফলত পথ আৰু দলঙৰ দ্ৰুত উন্নয়ন হোৱাৰ লগতে চিকিৎসা আৰু আভিযান্ত্ৰিক মহাবিদ্যালয়ৰপৰা আৰম্ভ কৰি প্ৰাথমিক বিদ্যালয়লৈকে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি ক্ষিপ্ৰ গতিত সম্পূৰ্ণ হৈছে। আন্তঃগাঁথনিৰ উন্নয়ন হৈছে অৰ্থনৈতিক উন্নয়নৰ এক অন্যতম মূল আধাৰ। কিয়নো পথ আন্তঃগাঁথনিৰ ফলত ব্যৱসায়িক কেন্দ্ৰ তথা বজাৰ ব্যৱস্থাই এক নতুন ৰূপ লাভ কৰে। ই কৃষকে নিশ্চিত মূল্য লাভ কৰাত অৰিহণা যোগায়।
ঠিক একেদৰে শৈক্ষিক আন্তঃগাঁথনিৰ উন্নতিয়ে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিক উদগনি যোগায় আৰু পাঠদানৰ উন্নত শৈলীয়ে এক উৎকৃষ্ট শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাৰ দিশত উৎসাহিত কৰে। বৰ্তমানৰ চৰকাৰে ক্ৰীড়া আন্তঃগাঁথনিৰ লগতে পথ আৰু শিক্ষানুষ্ঠানৰ উন্নয়নত মনোনিৱেশ কৰাটো শলাগ ল’বলগীয়া বিষয়। এই উন্নয়নৰ বাবে প্ৰতি বছৰে ধাৰাবাহিকভাৱে অধিক ধন আবণ্টন দিয়াৰ ফলত কাৰ্য প্ৰণালীৰ সামগ্ৰিক প্ৰক্ৰিয়াটোত এক অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। এই সকলো কামৰ ফলাফল আমি শীঘ্ৰেই ইতিবাচক ৰূপত দেখিবলৈ পাম।
আমাৰ জনসংখ্যাৰ অৰ্ধেকসংখ্যকেই হৈছে মহিলা আৰু কন্যা সন্তান। বিজেপি চৰকাৰৰ আগমনলৈকে কন্যা সন্তান বা মহিলাৰ সবলীকৰণ তথা কল্যাণৰ বিষয়টোত বেছি গুৰুত্ব প্ৰদান কৰা হৈছিল যেন অনুভৱ নহয়। কন্যা সন্তানক অৱহেলা কৰাৰ ফলত বাল্য বিবাহ, কম বয়সতে গৰ্ভধাৰণ, পুষ্টিহীনতা, মাতৃত্বকালীন মৃত্যু আৰু শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি, শিশু শ্ৰমিক আদিয়ে সমাজ ব্যৱস্থাটোত এক বিৰূপ প্ৰভাৱ পেলাইছিল।
ভাল উপাৰ্জনৰ অভাৱৰ ফলত গৃহিণীসকলে পুৰুষৰ পুতৌৰ পাত্ৰ হৈছিল। যাৰ ফলত মহিলাসকলে প্ৰায়েই নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল। সেয়েহে, বাজেটে অৰুণোদয় আঁচনিৰ বাবে বৃহৎ পুঁজিৰ আবণ্টন দি মহিলাসকলৰ মনত বিশ্বাস জন্মোৱাৰ লগতে স্বাৱলম্বী কৰি তুলিছে। এই আঁচনি হৈছে মহিলা সবলীকৰণৰ এক অনন্য নিদৰ্শন। আনহাতে দিব্যাংগ, বিধৱা আৰু বয়সস্থ লোকসকলকো আঁচনিখনৰ অধীনত সামৰি লোৱা হৈছে।
‘লাখপতি বাইদেউ’ আঁচনিৰ জৰিয়তে মহিলাসকলক আৰ্থিকভাৱে টনকিয়াল হ’বলৈ উৎসাহিত কৰিছে। তদুপৰি মহিলাসকলক ঋণমুক্ত কৰিবলৈ চৰকাৰে ঋণ পৰিশোধৰ ব্যৱস্থাও গ্ৰহণ কৰিছে। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাকালৰ পৰ্যায়ত প্ৰদান কৰা বিনামূলীয়া আৰু উদগনিমূলক সুবিধাৰ উপৰি নতুনকৈ গ্ৰহণ কৰা ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা’ আঁচনিয়ে কন্যা সন্তানসকলক উচ্চ শিক্ষাৰ বাবে উৎসাহিত কৰি তুলিব। কেঁচুৱাৰ বাবে প্ৰয়োজনীয় পুষ্টিৰ যোগান আৰু আকৰ্ষণীয় ৰূপত দিয়া শিক্ষণৰ প্ৰক্ৰিয়াৰ কথা আমি পাহৰি যোৱাটো উচিত নহ’ব। বাজেটৰ প্ৰস্তাৱ অনুসৰি অংগনৱাড়ী কেন্দ্ৰৰ সংখ্যা পূৰ্বৰ ৫ হাজাৰৰপৰা ১০ হাজাৰলৈ বৃদ্ধি কৰা হৈছে। এই সংখ্যাই কেন্দ্ৰসমূহৰ ১০০% বৃদ্ধিৰ ইংগিত দিছে।
অসমৰ অৰ্থনীতিৰ অন্যতম আধাৰ হৈছে কৃষি। মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনত ইয়াৰ ফল অত্যন্ত আশাপ্ৰদ নহ’লেও কৃষি আৰু অন্যান্য আনুষংগিক খণ্ডত আমাৰ জনসংখ্যাৰ ৭০% লোকেই জড়িত হৈ আছে। সেয়েহে কৃষি বাণিজ্যিকীকৰণৰ প্ৰচেষ্টাক সাৰ্থক ৰূপ দিয়াৰ বাবে চৰকাৰে কৃষি খণ্ড, দুগ্ধ খণ্ড, কণী উৎপাদন আৰু মীন পালনৰ বাবে পুঁজি আবণ্টন দিছে যাতে আত্মনিৰ্ভৰ অসমৰ পথ প্ৰশস্ত হয় আৰু অসমে ৰপ্তানিৰ সংখ্যা বৃদ্ধি কৰিব পাৰে। ৰাজ্য চৰকাৰে ন্যূনতম সমৰ্থন মূল্যত ধান আৰু সৰিয়হৰ ক্ৰয় কৰাৰ পদক্ষেপৰ ফলত কৃষকসকলে লাভজনক মূল্য প্ৰাপ্ত কৰিছে। উন্নতমানৰ চাহ উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কল্যাণ সাধনৰ সৈতে জড়িত বিষয়ো বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ বাজেটত কৃষি যান্ত্ৰিকীকৰণৰ বাবেও বিশেষ সংযোজন কৰা হৈছে।
চিকিৎসা মহাবিদ্যালয় আৰু কেন্সাৰ কেয়াৰ হাস্পতালসমূহৰ কাম যাতে শীঘ্ৰে সমাপ্ত কৰিব পৰা যায়, তাৰ লক্ষ্যও নিৰ্ধাৰণ কৰা হৈছে। একেদৰে, বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ বাবে গ্ৰহণ কৰা ‘আয়ুষ্মান অসম’ আঁচনিৰ সুবিধা বৃদ্ধি কৰাৰো প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ অধিক জিলা আৰু গ্ৰাম্য চিকিৎসালয়ৰ উন্নীতকৰণ কামো অব্যাহত আছে। যুৱক-যুৱতীসকলৰ নিয়োগ প্ৰক্ৰিয়া হৈছে আন এটি গুৰুত্বপূৰ্ণ বিষয়। চৰকাৰী চাকৰি প্ৰদানৰ লগতে বাজেটত অসমৰ যুৱক-যুৱতীসকলৰ মাজত স্ব-নিয়োজনৰ পথ বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই সন্দৰ্ভত এক লাখতকৈও অধিক যুৱক-যুৱতীক সহায় কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। এনেদৰেই বাজেটত সামাজিক আৰু অৰ্থনৈতিক দিশৰ সকলো ক্ষেত্ৰ সামৰি লোৱা হৈছে। পুঁজিৰ উপলভ্যতা আৰু সদ্ব্যৱহাৰে এখন জনমুখী বাজেট উপহাৰ দিয়াত সহায় কৰিব।
(লেখক অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া)