বৰপেটা আৰক্ষীয়ে এক গোপন সূত্ৰ অনুসৰি যোৱা ২৬ জানুৱাৰীত সৰভোগ থানাৰ অধীনৰ কুৰবাহা গাঁৱত অভিযান চলাই বাল্য বিবাহৰ অপৰাধৰ গোচৰত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে৷
“আমি চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছোঁ৷ নাবালিকাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ অপৰাধত ঘটনাস্থলীত উপস্থিত হৈ দৰা, দৰাৰ পিতৃ আৰু খুৰাকৰ লগতে কাজী এজনক গ্ৰেপ্তাৰ কৰোঁ,” বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই কয়৷
যোৱা ২৩ জানুৱাৰীৰ কেবিনেট বৈঠকৰ আলোচনাৰ বিষয়বস্তুসমূহৰ ভিতৰত অন্যতম আছিল বাল্য বিবাহ প্ৰতিৰোধ অভিযান৷ সেই ভিত্তিত অসম কেবিনেটে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যব্যাপী অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (এন এফ এইচ এছ-৫)ৰ প্ৰতিৱেদনৰ ভিত্তিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়৷
কেবিনেট বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে অহা পষেকৰ ভিতৰত বাল্য বিবাহৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰে ইতিমধ্যে আৰক্ষীক নিৰ্দেশনা প্ৰদান কৰিছে৷
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৫ (২০১৯-২০ বৰ্ষ)ৰ তথ্যই প্ৰতিফলিত কৰে যে ভাৰতত ২৩.৩% মহিলাৰ তুলনাত অসমৰ ২০-২৪ বছৰ বয়সৰ ৩১.৮% মহিলাৰে বিবাহ হৈছে তেওঁলোকৰ ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱাৰে আগেয়ে৷
এন এফ এইচ এছ- ৫ৰ সমীক্ষাৰ সময়ছোৱাত প্ৰকাশ পাইছিল যে ভাৰতত ৬.৮% মহিলাৰ তুলনাত অসমত ১৫-১৯ বছৰ বয়সৰ ১১.৭% মহিলাই মাতৃত্বৰ বোজা বহন কৰিবলগীয়া বা গৰ্ভৱতী হৈছিল৷
২০১৯ চনৰ পৰা ২০২০ চনৰ ভিতৰত হোৱা এই কেন্দ্ৰীয় সমীক্ষাত কেনেদৰে ৰাজ্যৰ নাবালিকা মাতৃ তথা গৰ্ভৱতী ছোৱালীৰ হাৰ ৰাষ্ট্ৰীয় গড় ৬.৮%ৰ বিপৰীতে ১১.৭% হৈছেগৈ, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ব্যাখ্যা কৰি কয় যে এই পৰিসংখ্যাই অসমত প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰৰ এক মূল কাৰণ বাল্য বিবাহ বুলিয়েই প্ৰতিফলিত কৰিছে৷
“ধুবুৰীত ৫০.৮% বাল্য বিবাহৰ ঘটনা সংঘটিত হোৱাটো চিন্তনীয়৷ দক্ষিণ শালমাৰাত ৪৪.৭%, দৰং আৰু নগাঁৱত ক্ৰমে ৪২.৮% আৰু ৪২.৬%, গোৱালপাৰা আৰু বঙাইগাঁৱত ক্ৰমে ৪১.৮% আৰু ৪১.৭%, বৰপেটাত ৪০.১%, মৰিগাঁৱত ৩৯.১% বাল্য বিবাহ হোৱাৰ লগতে আৰু ডিমা হাছাও জিলাত সৰ্বনিম্ন ১৬.৫% বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে,” মুখ্যমন্ত্ৰীয়ে কয়৷
সমীক্ষা অনুসৰি ধুবুৰী জিলাত কম বয়সত সন্তান জন্ম দিয়া মহিলা তথা ছোৱালীৰ সংখ্যা ২২.৪%৷ ঠিক তেনেদৰে দক্ষিণ শালমাৰাত ২২% মহিলাই কম বয়সতে মাতৃত্বৰ বোজা গ্ৰহণ কৰিছে৷ এই পৰিসংখ্যা দৰঙত ১৬.১%, কামৰূপত ১৫.৭%, হোজাইত ১৫.৬%, বঙাইগাঁৱত ১৫.৪%, নগাঁৱত ১৫% আৰু বৰপেটা জিলাত ১৪.২%৷
“বাল্য বিবাহৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে ৰাজ্যজুৰি কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ছোৱালীৰ বয়স ১৪ বছৰৰ তলৰ পৰিস্থিতিত পক্স’ আইনৰ অধীনত আৰু ছোৱালীৰ বয়স ১৪ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰত হ’লে বাল্য বিবাহ প্ৰতিৰোধ আইন, ২০০৬ৰ অধীনত এজাহাৰ দাখিল কৰা হ’ব”
“বাল্য বিবাহৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে ৰাজ্যজুৰি কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ছোৱালীৰ বয়স ১৪ বছৰৰ তলৰ পৰিস্থিতিত পক্স’ আইনৰ অধীনত আৰু ছোৱালীৰ বয়স ১৪ বছৰৰ পৰা ১৮ বছৰৰ ভিতৰত হ’লে বাল্য বিবাহ প্ৰতিৰোধ আইন, ২০০৬১ অধীনত এজাহাৰ দাখিল কৰা হ’ব৷” মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়৷
পক্স’ আইন ২০১২ অনুসৰি ১৮ বছৰৰ তলৰ যিকোনো ব্যক্তিক শিশু বুলি গণ্য কৰাৰ লগতে¸ নাবালক আৰু প্ৰাপ্তবয়স্কৰ মাজৰ যৌন সম্পৰ্কক অপৰাধ বুলি গণ্য কৰা হয়৷ যেতিয়া স্বামীয়ে ১৪ বছৰৰ তলৰ বয়সৰ পত্নীৰ সৈতে যৌন কাৰ্যকলাপত লিপ্ত হয়, সেই কাৰ্যক আইনখনত ‘যৌন অপৰাধ’ বুলি অভিহিত কৰা হৈছে৷ পক্স’ আইন উলংঘা কৰিলে পুৰুষ সংগীগৰাকীক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়৷ বাল্য বিবাহ প্ৰতিৰোধ আইন ২০০৬ অনুসৰি ১৪-১৮ বছৰ বয়সৰ ছোৱালীক বিয়া কৰোৱা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি৷
মুখ্যমন্ত্ৰীয়ে কয় যে কেবিনেটৰ সিদ্ধান্তৰ ভিত্তিত গাঁও পঞ্চায়ত সচিবগৰাকীক বাল্য বিবাহ প্ৰতিৰোধ বিষয়া (চি এম পি অ’)হিচাপে নিযুক্তি দিয়া হ’ব৷ বিষয়াসকলে তেখেতৰ এলেকাত এনে কোনো গোচৰৰ সন্মুখীন হ’লে এজাহাৰ দাখিল কৰাৰ দায়িত্ব পালন কৰিব লাগিব৷
পাঁচ বছৰৰ ভিতৰত এই অপৰাধ নিৰ্মূল কৰাটো ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰ হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি কয় “কৰ্ণাটক চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ বাল্য বিবাহ ৰোধৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিবলৈ আমিও কৰ্ণাটকৰ পৰা কিছু অনুপ্ৰাণিত হৈছোঁ৷”