– চন্দ্ৰমোহন পাটোৱাৰী
প্ৰতি বছৰে যেতিয়া বৰষুণৰ পানীৰে অসমখন উপচি পৰে, তেতিয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা পৰিচিত দৃশ্য দেখিবলৈ পোৱা যায় — ৰাষ্ট্ৰীয় উদ্যানখনত সৃষ্টি হয় বানৰ। এই পৰিস্থিতি কাজিৰঙাৰ বাবে এক আশীৰ্বাদো আৰু অভিশাপো। কাৰণ এই বানেই উদ্যানখনৰ ভূমি, পৰিৱেশ আৰু বন্যপ্ৰাণীৰ জীৱনৰ মূল আধাৰ।
১,৩০০ বৰ্গ কিল’মিটাৰ এলেকাজুৰি বিস্তৃত কাজিৰঙা হৈছে ভাৰতৰ সংৰক্ষণমূলক পৰিকল্পনাৰ এক উজ্জ্বল দৃষ্টান্ত। এক খৰ্গযুক্ত গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা বনৰীয়া ম’হ, বাঘ, হাতী আদিৰ লগতে ৫৫০ৰো অধিক প্ৰজাতিৰ চৰাইৰ বাসস্থান। ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত কাজিৰঙাৰ এই জৈৱ-বৈচিত্ৰ্যৰ মূল আধাৰ হ’ল বছৰি হোৱা বান।
ব্ৰহ্মপুত্ৰৰ বানে উদ্যানখনৰ তৃণভোজী জীৱ-জন্তুৰ বাবে পুষ্টিকৰ খাদ্যৰে অঞ্চলটোৰ ঘাঁহনি সজীৱ কৰি ৰাখে। জলাশয়, শুকান বিলসমূহ পুনৰুজ্জীৱিত কৰি মাছৰ প্ৰজনন আদিত সহায় কৰি এক শক্তিশালী পৰিৱেশ তন্ত্ৰ অব্যাহত ৰখাতো অৰিহণা যোগায়।
যদি বছৰি বান নাহিলহেঁতেন, তেন্তে কাজিৰঙাৰ গঁড় আৰু আন পশু-পক্ষীকূলৰ মুকলি বাসস্থানৰ প্ৰতি ভাবুকি আহিব। এইদৰে বানে কাজিৰঙাক সজীৱ কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে।
তথাপি বান কেতিয়াবা কাজিৰঙাৰ বাবে অভিশাপ হৈ পৰে। যেতিয়া পানী দ্ৰুতগতিত বৃদ্ধি পায়, তেতিয়া জীৱ-জন্তুবোৰে ওখ ঠাইত আশ্ৰয় ল’বলৈ বাধ্য হয়।কেতিয়াবা কাষৰীয়া কাৰ্বি আংলং পাহাৰ, ঘাইপথৰ বিপৰীত অঞ্চল, আনকি গাঁওসমূহো জীৱকূলৰ বাবে আশ্ৰয়স্থল হৈ পৰে। কিন্তু এই যাত্ৰা বিপদৰে ভৰা, কিয়নো দুৰ্বল জীৱ-জন্তুবোৰক বানে ক্ষতি কৰিব পাৰে আৰু বহুতেই ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ত দ্ৰুতবেগী বাহনৰ বলি হয় বা বিশৃংখলতাৰ সুযোগ লৈ চোৰাংচিকাৰীৰ বলি হয়। খাদ্যৰ নাটনিও আন এক প্ৰত্যাহ্বান। সম্বৰ হৰিণৰ দৰে প্ৰজাতিয়ে পাত খাই জীয়াই থাকিব পাৰে যদিও গঁড় আৰু দল হৰিণ আদিয়ে ঘাঁহনি অঞ্চল পানীত ডুব যোৱাৰ সময়ত কষ্টত ভুগিবলগীয়া হয়। দীৰ্ঘদিনীয়া বান সমস্যাই পুষ্টিহীনতা আৰু কিছুমান ক্ষেত্ৰত অনাহাৰৰ সৃষ্টি কৰিব পাৰে। বানৰ এই প্ৰত্যাহ্বানক স্বীকাৰ কৰি কাজিৰঙা পৰিচালনা সমিতিয়ে এক অত্যাধুনিক বহুমুখী বান প্ৰস্তুতিৰ কৌশল তৈয়াৰ কৰিছে আৰু বিগত কেইবছৰমানৰ পৰা ইয়াক ফলপ্ৰসূভাৱে ৰূপায়ণ কৰা হৈছে। ইয়াৰ বাবে বন বিষয়া, স্থানীয় আৰক্ষী, পশু চিকিৎসাৰ দল আৰু সম্প্ৰদায়সমূহৰ স্বেচ্ছাসেৱকৰ মাজত সমন্বয় জড়িত হৈ থাকে।
ইয়াৰ ভিতৰত মূল ব্যৱস্থাসমূহৰ অন্যতম হ’ল :
* বহু বিভাগীয় বৈঠক আৰু সমন্বয় – ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত ব্যৱস্থা নিয়ন্ত্ৰণ কৰা, প্ৰব্ৰজনকাৰী জীৱ-জন্তুৰ বাবে নিৰাপদ পথ নিশ্চিত কৰা আৰু পথত হত্যা ৰোধ কৰা। ২০২৪ চনৰ ১৫ জুন তাৰিখে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বান প্ৰস্তুতিৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল, য’ত আন্তঃবিভাগীয় কাৰ্যৰ ৰূপায়ণ নিৰ্ধাৰণ কৰা হৈছিল। গৃহ, স্বাস্থ্য, পশু চিকিৎসা আৰু বন আৰু জিলা প্ৰশাসনে বন্যপ্ৰাণীৰ নিৰাপদ আশ্ৰয়স্থল নিশ্চিত কৰাৰ এক উমৈহতীয়া প্ৰচেষ্টাৰ বাবে একত্ৰিত হোৱাৰ পদক্ষেপৰ বিষয়ে বৈঠকত আলোচনা কৰা হৈছিল।
* বন বন্ধুৰ দায়িত্ব – কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাৰ্ষিক বানৰ সময়ত বন বিভাগৰ কৰ্মচাৰীসকলে নিজৰ দায়িত্বৰ ক্ষেত্ৰত সচেতন ভূমিকা পালন কৰে। এইসকল নিষ্ঠাবান কৰ্মীয়ে বন্যপ্ৰাণী উদ্ধাৰ, চিকিৎসা সাহায্য প্ৰদান আৰু জীৱ-জন্তু আৰু দৰ্শনাৰ্থী উভয়ৰে সুৰক্ষা নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰে।
* স্থানীয় লোক আৰু ছাফাৰীৰ সৈতে জড়িত ব্যক্তিসকলৰ মাজত সজাগতা অভিযান, বানৰ সময়ত কেনেকৈ সহায় কৰিব পাৰি সেই বিষয়ে তেওঁলোকৰ মাজত সচেতনতা সৃষ্টি কৰা আৰু এন এছ এছৰ স্বেচ্ছাসেৱকক প্লাষ্টিকৰ আৱৰ্জনাসমূহৰ পৰা পশুৰ কৰিড’ৰ পৰিষ্কাৰ কৰাত সহায় কৰা, ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগেৰে বাহন চলোৱা আদিৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হয়।
* আঘাতপ্ৰাপ্ত বা আবদ্ধ হৈ থকা জীৱ-জন্তুৰ বাবে পশু চিকিৎসা সেৱা আৰু উদ্ধাৰ অভিযান, বন্যপ্ৰাণীৰ নিৰাপদ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ বাবে চি ডব্লিউ আৰ চিত পশু চিকিৎসক আৰু পশু সুৰক্ষাৰ এটা দায়বদ্ধ দল, সঁজুলি আৰু চিকিৎসালয়ৰ সুবিধা প্ৰদান ব্যৱস্থা কৰা হৈছে।
* উচ্চভূমি পথৰ নিৰ্মাণ — কৃত্ৰিম টিলা আৰু উচ্চভূমি পথৰ নিৰ্মাণ কৰা হয়, য’ত সমভূমি পানীৰ তলত থাকিলে জীৱ-জন্তুৱে উচ্চভূমিত আশ্ৰয় ল’ব পাৰে। শেহতীয়াকৈ ৩০টাতকৈও অধিক নতুন উচ্চভূমিৰ পথ নিৰ্মাণ কৰা হৈছে, যাৰ জৰিয়তে বৰ্তমান ১৫০টাতকৈও অধিক উচ্চভূমিত এই নিৰ্মাণকাৰ্য সংযোগ কৰা হৈছে।
* ঘাইপথৰ কাষত এনিমেল চেন্সৰ আৰু গতি নিৰীক্ষণ প্ৰযুক্তি স্থাপন কৰা হৈছে যাতে জীৱ-জন্তুৱে পাৰ হ’লে চালকক সতৰ্ক কৰি দিয়া হয় আৰু গতি সীমাক নিয়ন্ত্ৰণ কৰিব পাৰি। বান ব্যৱস্থাপনাত আধুনিক প্ৰযুক্তিয়ে ক্ৰমান্বয়ে ভূমিকা লৈছে। এনিমেল চেন্সৰ আৰু অটোমেটিক নম্বৰ প্লেট চিনাক্তকৰণ (এ এন পি আৰ) কেমেৰাই বন্যপ্ৰাণীৰ গতিবিধি নিৰীক্ষণ আৰু অহা-যোৱা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। হোৱাটছএপ গ্ৰুপ আৰু বান নিৰীক্ষণ কোষে বাস্তৱ সময়ৰ আপডেট আৰু দ্ৰুত সঁহাৰিৰ অনুমতি দিয়ে।
একে সময়তে এই সামগ্ৰিক প্ৰচেষ্টাত পৰম্পৰাগত জ্ঞান আৰু স্থানীয় ৰাইজৰ ভূমিকাৰো গুৰুত্ব নিহিত হৈ আছে। বহু বছৰ ধৰি কাজিৰঙাৰ সমীপত বাস কৰি অহা স্থানীয় ৰাইজে প্ৰায়ে প্ৰথমে দুৰ্দশাগ্ৰস্ত জীৱ-জন্তু দেখা পালে বা চোৰাং চিকাৰৰ খবৰ পালে, সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰে।
বান যদিও অভিশাপস্বৰূপ, কিন্তু তথাপি ই কেতিয়াবা জীৱনদায়িনীৰ প্ৰতিচ্ছবি দাঙি ধৰি উদ্যানখনৰ অনন্য পৰিৱেশ তন্ত্ৰক বজাই ৰাখে। সু-পৰিকল্পনা, স্থানীয় ৰাইজৰ সমৰ্থন আৰু কাজিৰঙাৰ জৈৱ-বৈচিত্ৰ্যৰ সুৰক্ষা আৰু সংৰক্ষণৰ জৰিয়তে বান ব্যৱস্থাপনাক এক নতুন ৰূপ দিব পৰা যাব।
(লেখক অসম চৰকাৰৰ পৰিৱেশ আৰু বন, অন্যান্য বিভাগৰ মন্ত্ৰী)










