নাহৰকটীয়া নিৱাসী অনামিকা দাসে বছৰি বানৰ সমস্যাৰ সন্মুখীন হয়। বুঢ়ীদিহিং নৈয়ে সৃষ্টি কৰা বানে তেওঁলোকৰ বিস্তৰ ক্ষতি কৰে। কিন্তু সঠিক সময়ত উপযুক্ত আশ্ৰয়স্থল লাভ নকৰাৰ বাবে তেওঁলোকে যথেষ্ট কষ্ট ভুগিবলগীয়া হয়। তথাপিও তেওঁলোক আশাবাদী যে এই দুখ-দুৰ্দশা দিনবোৰৰ শীঘ্ৰে সমাপ্ত ঘটিব।
“আমি এক দুৰ্গম অঞ্চলৰ বাসিন্দা, য’ত প্ৰতিবছৰে শতাধিক মানুহে বিধ্বংসী বান আৰু খহনীয়াৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। যোগাযোগৰ অভাৱৰ বাবে বহু সময়ত আমাৰ দূৰৰ আশ্ৰয় শিবিৰলৈ যাবলৈ কঠিন হয়। যদিহে কোনো বৃহৎ সাহায্য শিবিৰ স্থাপন কৰা হয়, তেন্তে আমাৰ গাঁওসহ কাষৰীয়া ১০-১৫খন গাঁৱৰ ৰাইজেও সহজে সহায় লাভ কৰিব” অনামিকাই অসম বাৰ্তাক এনেদৰে কয়।
অনামিকাৰ দৰে লোকসকলৰ সমস্যাসমূহ সমাধান কৰিবলৈ চলোৱা এটি জৰীপ অনুযায়ী ১ বিঘা ভূমিৰ এটি স্থান বাছনি কৰা হৈছে, য’ত সাহায্য শিবিৰৰ নিৰ্মাণকাৰ্যৰ জৰিয়তে ১,৫০০গৰাকী লোক উপকৃত হ’ব আৰু ইয়াত প্ৰয়োজনীয় সুবিধাবোৰ উপলভ্য থাকিব যাতে পৰিয়ালবোৰে সংকটৰ সময়ত নিজৰ সুৰক্ষা নিশ্চিত কৰিব পাৰে। “স্থানীয় লোকসকলে খোৱাপানী, শৌচালয়, প্ৰাথমিক চিকিৎসা, পৰিষ্কাৰ-পৰিচ্ছন্ন কোঠালী আৰু শিশু বন্ধুত্বপূৰ্ণ পৰিৱেশৰ বাবে আহ্বান জনাইছে,” অনামিকাই লগতে এনেদৰে কয়।
এই সাহায্য শিবিৰ অসম সংহত নদী অববাহিকা ব্যৱস্থাপনা প্ৰকল্প (এ আই আৰ বি এম পি)ৰ অধীনত নিৰ্মাণ কৰা হ’ব। বিশ্ব বেংকৰ বিত্তীয় সাহায্যৰে পৰিচালিত এই প্ৰকল্প অসম চৰকাৰৰ বিশেষ অনুৰোধত আৰম্ভ কৰা হৈছিল, য’ত জলসম্পদ ব্যৱস্থাপনাৰ লগতে ইয়াৰ আনুষংগিক দিশ তথা বান আৰু খহনীয়া সমস্যা সমাধানৰ লক্ষ্যও জড়িত হৈ আছে। এই প্ৰকল্প নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণ (এফ আৰ ই এম এ এ)ৰ তত্ত্বাৱধানত, জলসম্পদ বিভাগ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এ এছ ডি এম ই)ৰ সহযোগত ৰূপায়ণ কৰা হৈছে।
এ আই আৰ বি এম পিৰ প্ৰকল্প বিষয়া বীৰেন্দ্ৰ মিত্তালে কয়, “প্ৰাকৃতিক দুৰ্যোগৰ হেতুকে অসমলৈ বিভিন্ন প্ৰত্যাহ্বান আহে।এনে সময়ত ৰাইজৰ সুৰক্ষা নিশ্চিতকৰণ আৰু ক্ষতিৰ পৰিমাণ হ্ৰাস কৰাটোৱেই হৈছে চৰকাৰৰ দায়িত্ব। আমি জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিশেষজ্ঞৰ সহযোগিতাত আনুষংগিক দিশসমূহৰ লগতে দুৰ্যোগৰ সময়ত বিপদাশংকা হ্ৰাসকৰণত গুৰুত্ব দিছোঁ।”
তেখেতে লগতে কয়, “আমি অধিকাংশ বিদ্যালয়ক বান আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ কৰিব নিবিচাৰোঁ যাতে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা লাভৰ ক্ষেত্ৰত কোনো ক্ষতি নহয়। সেই বাবে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ‘Geospatial’ লেবৰেটৰী আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছোঁ। তদুপৰি, ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰ গঠন কৰা হ’ব, যিয়ে যিকোনো দুৰ্যোগৰ সময়তেই সাজু থাকিব। যিকোনোধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইয়াক প্ৰস্তুত কৰা হ’ব। সমাজৰ অংশগ্ৰহণৰ সৈতে ৫০টা চক্ৰত দ্ৰুত সঁহাৰি দল গঠন কৰা হৈছে।”
মিত্তালে স্থানীয় লোকৰ জ্ঞানক গুৰুত্ব দি কয় যে সমাজে বিগত বহু বছৰ ধৰি দুৰ্যোগৰ সৈতে মোকাবিলা কৰি আহিছে। সেয়েহে ঘৰৰ নিৰ্মাণকাৰ্যত স্থানীয় লোকৰ প্ৰয়োজনীয়তা আৰু মতামতক গুৰুত্ব দিয়া হ’ব।
তেখেতে লগতে ক’লে, “লিংগসমতা ৰক্ষাৰ বাবে আমি সকলো মহিলাৰ অংশগ্ৰহণেৰে বান পৰিচালনা সমিতি গঠন কৰিছোঁ। তেওঁলোকে বান পৰিস্থিতি সৃষ্টি নোহোৱা সময়ত শিবিৰবোৰ পৰিচালনা কৰিব। আমাৰ লক্ষ্য হৈছে অসমত এক শক্তিশালী দুৰ্যোগ ব্যৱস্থাপনা প্ৰণালী গঢ়ি তোলা।”
প্ৰকল্পৰ প্ৰথম পৰ্যায়ত বেঁকী আৰু বুঢ়ীদিহিং নৈ অঞ্চলত কাম কৰা হ’ব, য’ত ৮খন জিলা অন্তৰ্ভুক্ত কৰা হৈছে। যদিও এ এছ ডি এম এৰ অধীনত ১৭খন জিলাত এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
এ এছ ডি এম এৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে কয়, “এই প্ৰকল্পৰ দুটা মুখ্য বিষয় হ’ল – বিশ্বব্যাপী উপলভ্য শ্ৰেষ্ঠ প্ৰযুক্তিৰ ব্যৱহাৰ (যেনে ভৌগোলিক অৱস্থান সম্পৰ্কীয় আৰু পূৰ্বানুমান প্ৰযুক্তি) আৰু স্থানীয় ৰাইজক মূলত: অংশগ্ৰহণৰ সুযোগ দিয়াটো। আমি যিবোৰ কাম কৰিছোঁ, তাৰ কেন্দ্ৰবিন্দু সম্পূৰ্ণৰূপে সমাজভিত্তিক।”
তেখেতে লগতে কয়, “প্ৰতিখন জলবায়ু স্থিতিস্থাপক গাঁৱত স্থানীয় লোকক লৈ পাঁচটা বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে। য’ত মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হৈছে যাতে মহিলা আৰু শিশুৰ সুৰক্ষাৰ দিশটো বান ব্যৱস্থাপনাৰ সময়ত গুৰুত্ব দিয়া হয়।”
“দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কৰাটো আন এটা মূল ক্ষেত্ৰ য’ত আমি সমাজৰ লোকৰ অংশগ্ৰহণ তথা এই দিশত তেওঁলোকৰ জ্ঞানৰ প্ৰয়োগ কৰাৰ বিষয়ত গুৰুত্ব দিছোঁ।” ত্ৰিপাঠীয়ে কয় যে সময়ৰ লগে লগে অসমৰ প্ৰস্তুতিৰ মান যথেষ্ট উন্নত হৈছে।
এফ আৰ ই এম এ এ-ৰ মুখ্য কাৰ্যবাহী বিষয়া ড° জীৱন বি-য়ে কয় “ নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণে অসমত বান আৰু খহনীয়া ব্যৱস্থাপনাৰ কামত প্ৰতিশ্ৰুতিবদ্ধ। আমি বেকী আৰু বুঢ়ীদিহিং নদী অববাহিকাত খহনীয়া প্ৰতিৰোধী কাম কৰিছোঁ। ২০২৩ চনৰ জুনত অসম কেবিনেটৰ দ্বাৰা অনুমোদিত ‘হাইড্ৰ’ইনফৰ্মেটিক্স ইউনিট’ এটাও স্থাপন কৰা হৈছিল, য’ত স্থানীয় ৰাইজ আৰু প্ৰাকৃতিক উপায়সমূহৰ সহায় লৈ নিৰ্মাণমূলক কাম হ’ব। এই ইউনিটে আমাৰ কামৰ মূল্যক অধিক কাৰ্যকৰী কৰি তুলিছে।
ৰাজ্যখনত জলসম্পদ ব্যৱস্থাপনাৰ সৈতে জড়িত পৰিকল্পনা আৰু ইয়াৰ কাৰ্যকৰী দিশটোৰ উন্নতিৰ হেতু নতুন প্ৰযুক্তি আৰু বিশ্বব্যাপী উত্তম পদ্ধতি গ্ৰহণৰ বাবে অসম চৰকাৰৰ দায়বদ্ধতাক তেখেতে প্ৰশংসা কৰে।