অসমত বানপানীৰ ফলত হোৱা দুখময় পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান জোৰদাৰ গতিত চলাই আছে, বিশেষকৈ কাছাৰ জিলাত৷ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী [এনডিআৰএফ]-য়ে দুৰ্যোগ প্ৰশমনৰ বাবে অসমত সময়ে সময়ে অভিযান চলাই আহিছে৷ কিন্তু, এই বছৰ বানপানীত এনডিআৰএফৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, সীমা সুৰক্ষা বল, ভাৰতীয় বায়ু সেনা, ভাৰতীয় সেনা, অসম ৰাইফলছৰ লগতে ৰেল বিভাগেও ৩৫খন জিলাৰ প্ৰায় ৮০ লাখ বানপীড়িতক উদ্ধাৰ আৰু সকাহ প্ৰদান কৰিবলৈ সক্ৰিয়তাৰে অভিযান চলাই আছে৷
আবতৰীয়া বৰষুণ আৰু বানে জনসাধাৰণক শলঠেকত পেলোৱাৰ সময়ত এই সংস্থাসমূহে ৰাজ্য চৰকাৰক সম্ভাৱ্য সকলো দিশৰপৰা সহায় আগবঢ়াইছে৷
প্ৰথমবাৰৰ বাবে এনডিআৰএফে ৰাজ্যখনত এটা মহিলা সদস্যৰ দলসহিতে ২৬টাকৈ অভিযানকাৰী দল নিয়োগ কৰিছে৷ যোৱা মে’ মাহৰপৰা এনডিআৰএফে ২১, ০০০ ব্যক্তিক উদ্ধাৰ কৰিছে৷
“মোৰ পৰিয়ালৰ সদস্যসকলক এনডিআৰএফে উদ্ধাৰ কৰি আমাক এখন নাৱত কমলপুৰলৈ লৈ আহে ,” আথাৰা গাঁৱৰ ভেনিপাৰা চুবুৰীৰ তৰুবালা দাসে কয়৷ তেওঁৰ লগতে উদ্ধাৰ কৰা আন ব্যক্তিসকলক কামৰূপ জিলা প্ৰশাসনৰ এটা বান শিবিৰলৈ লৈ যোৱা হয়৷
বানাক্ৰান্ত অসম আৰু চুবুৰীয়া মেঘালয়ত ভাৰতীয় বায়ুসেনাই আকাশমাৰ্গেৰে ৭৪টা উদ্ধাৰ অভিযান চলায়৷ এই অভিযানত বায়ু সেনাই C-130J চুপাৰ হাৰ্কিউলিছ, AN-32 পৰিবহন বিমান, Mi 17V5 হেলিকপ্তাৰ, এডভান্সড লাইট হেলিকপ্তাৰ, ধ্ৰুৱ আৰু Mi-17 হেলিকপ্তাৰৰ সহায়ত অসামৰিক প্ৰশাসনৰ সহযোগিতাত সাহায্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে৷ ভাৰতীয় বায়ুসেনাই অসম ৰাইফলছৰ শ্ৰীকোণা বেটেলিয়নৰ সৈতে একেলগে দক্ষিণ অসমত, বিশেষকৈ কাছাৰ জিলাত সাহায্য আৰু উদ্ধাৰ অভিযান সম্পন্ন কৰে৷
যোৱা ২১জুনত ১০০তকৈও অধিক এনডিআৰএফ জোৱানক ভুৱনেশ্বৰৰ পৰা শিলচৰলৈ বিমানেৰে অনা হয়৷ বানবিধবস্ত কাছাৰ, কামৰূপত কেন্দ্ৰীয় সংস্থাৰ অভিযান প্ৰায় ১.৮ লাখ লিটাৰ পেট্ৰ’ল আৰু ডিজেল দক্ষিণ অসমৰ দৈনন্দিন প্ৰয়োজনৰ বাবে শিলচৰত এয়াৰ ড্ৰপ কৰা হয়৷
ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ লোৱাৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰেও সহযোগিতাৰ আশ্বাস প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে অসমক সকলো ধৰণৰ সহায়-সহযোগিতা কৰিবলৈ আশ্বস্ত কৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাহায্য আৰু উদ্ধাৰ অভিযান সম্পৰ্কে দুবাৰকৈ বাৰ্তালাপ কৰে৷
বৰষুণ আৰু বানপানীৰ ভয়াবহতাৰ পৰাই ৰাজ্যবাসীয়ে মুখামুখি হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ অনুমান কৰিব পাৰি৷ (বক্সত চাওক)

১৬ জুন, শুক্ৰবাৰৰ নিশাটো, কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ গাৰ ভিতৰ গাঁৱৰ দিপালী(৫৫)ৰ বাবে যেন এক অন্তহীন নিশা হৈ পৰিছিল৷ ‘‘আমাৰ ঘৰৰ সকলো বয়বস্তু বানে উটুৱাই লৈ যায়,” তেওঁ অসম বাৰ্তাৰ প্ৰতিৱেদকৰ সন্মুখত সেই ভয়াবহ নিশাটিৰ বৰ্ণনা কৰি কয়৷
তেখেতৰ দৰেই গাঁওখনৰ শতাধিক লোকে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ফাটিমা কনভেণ্ট ইংৰাজী মাধ্যম বিদ্যালয়ত আশ্ৰয় লয়৷ “প্ৰশাসনে আমাক ইয়ালৈ লৈ আনে৷ ইয়াত মই মোৰ ঔষধৰ লগতে দুবেলা দুমুঠি খাবলৈও পাইছোঁ৷”
“সেইদিনা বানপানীয়ে মোৰ ঘৰখন উটুৱাই লৈ যায়,” কামৰূপ জিলাৰ পুঠিমাৰিৰ আতসাৰা গাঁৱৰ জীতেন কলিতাই কয়৷ ‘‘আমি ক্ষণিকৰ ব্যৱধানতহে বানত উটি যোৱাৰ পৰা ৰক্ষা পৰিলোঁ,” ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা আশ্ৰয় শিবিৰত থকা কলিতাই কয়৷
জিলা প্ৰশাসনে বাইহাটাৰ পৰা উদিয়ানালৈকে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োফালে (প্ৰায় ২৫ কিল’মিটাৰ) স্থাপন কৰা অস্থায়ী শিবিৰত হাজাৰ হাজাৰ লোকে আশ্ৰয় লৈছে৷
বানাক্ৰান্ত লোকসকলক উদ্ধাৰ কৰিবলৈ দৰং জিলা প্ৰশাসনে সেনা বাহিনীৰ সহায় বিচাৰিছিল৷ “এনডিআৰএফ আৰু দুটা এছডিআৰএফ দলৰ উপৰিও আমি সেনা বাহিনীক বানত আৱদ্ধ হোৱা লোকসকলক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছিলোঁ৷ বান সাহায্য প্ৰদানৰ ক্ষেত্ৰতো আমি কোনো ধৰণৰ অভাৱৰ সন্মুখীন হোৱা নাই,’’ জিলাখনৰ অতিৰিক্ত উপায়ুক্ত জিণ্টি ডেকাই কয়৷
ৰে’ল মন্ত্ৰ্যালয়ে সাহায্য সামগ্ৰী কঢ়িওৱাৰ বাবে স্বেচ্ছাই ৰেল সেৱাও আগবঢ়াইছে৷ বিশেষকৈ নামনি আৰু দক্ষিণ অসমৰ সেই সমূহ অঞ্চললৈ য’ত বাট-পথসমূহ বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে৷