• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Friday, June 9, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

বানত হেৰুওৱা ঘৰখন পুনৰ ঠন ধৰি উঠিব

AB Bureau by AB Bureau
September 1, 2022
in অনিৰুদ্ধ অসম, অসমীয়া
0
0
বানত হেৰুওৱা ঘৰখন পুনৰ ঠন ধৰি উঠিব

কেবিনেট মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সৈতে এগৰাকী বানপীড়িতক আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰাৰ মুহূৰ্তত

দিন হাজিৰাৰে জীৱিকা নিৰ্বাহ কৰা কৰৰা গড়ভিতৰ গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ বাসিন্দা বাবুল কলিতা (৬৮)৷ প্ৰতিবছৰে অহা বলিয়া বানে তেওঁৰ দুৰ্ভগীয়া পৰিয়ালটোক জুৰুলা কৰি থৈ যায়৷

“১৮ জুনত অহা প্ৰবল বানে মোক সৰ্বস্বান্ত কৰি থৈ গ’ল৷ আমি ঘৰৰ বয়-বস্তুবোৰ সামৰাৰো সুযোগ নাপালোঁ আৰু নিমিষতে আমাৰ জীৱনলৈ কাল অমানিশা নামি আহিল৷ বালাগাঁও প্ৰাথমিক বিদ্যালয়ৰ বান সাহায্য শিবিৰত আমি আশ্ৰয় লৈছিলোঁ৷ পৰিস্থিতি শাম কটাৰ পাছত মোৰ আত্মীয়ৰ ঘৰতেই কেইদিনমান থকাকৈ গৈছিলোঁ যদিও তেনেকৈ বেছিদিন থকাটো জানো সম্ভৱ?” কলিতাই এনেদৰে নিজৰ দুখ ব্যক্ত কৰে৷ কিন্তু, এক বিশেষ আঁচনিয়ে এই দুখৰ সময়ত তেওঁক যেন কিছু হ’লেও সকাহ প্ৰদান কৰিলে৷ “যোৱা ২০ আগষ্টত চৰকাৰে গৃহ পুনৰ্নিৰ্মাণৰ বাবদ প্ৰদান কৰা ৯৫,১০০ টকা মোৰ বেংক একাউণ্টত জমা হৈছে৷ চৰকাৰখনে এনে স্পৰ্শকাতৰ মুহূৰ্তত আৰ্তজনলৈ সদায় সহায়ৰ হাত আগবঢ়াই অহা পৰিলক্ষিত হৈছে৷ প্ৰতিবছৰে সন্মুখীন হৈ অহা এই বান সমস্যাই মোক মানসিকভাৱেও ভাৰাক্ৰান্ত কৰি তুলিছে৷ মই ইতিমধ্যে পৰৱৰ্তী বান পৰিস্থিতিৰ কথা ভাবি শংকাত ভুগিছোঁ,” তেওঁ অসম বাৰ্তাক কয়৷

গাঁওখনৰ আন কিছু লোকৰ লগতে বাবুল কলিতাও বালাগাঁৱৰ এটা ইটা ভাটাত প্ৰতিদিনে ৩০০ টকা পাৰিশ্ৰমিকৰ বিনিময়ত নিয়োজিত হৈ আছে৷ “আমি বৰ কষ্টেৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হয়৷ চৰকাৰে দিয়া প্ৰতিটো আৰ্থিক সাহায্যই আমাৰ সমস্যাৰ সমাধান সহজ কৰি তুলিছে,” তেওঁ আৱেগবিহ্বলভাৱে কয়৷

বালাগাঁৱৰে আন এগৰাকী বাসিন্দা ৰমিলা দাসেও (৫৮) বাবুল কলিতাৰ দৰেই বিগত জুন মাহৰ বানত সৰ্বস্বান্ত হৈ পৰিছিল৷ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰকৰণ পদ্ধতিৰে ৯৫,১০০ টকাৰ পুনৰ্বাসন অনুদান তেওঁৰ বেংক একাউণ্টত জমা হৈছে বুলি জানিব পাৰি জিলা প্ৰশাসনক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে৷ চৰকাৰে বান সমস্যাৰ স্থায়ী সমাধান বিচাৰি পাব বুলি তেওঁ আশাবাদী৷

ৰুক্মিণী কৈৱৰ্তৰ (৭০) কাহিনীও বৰ মৰ্মস্পৰ্শী৷ বানত গৃহহাৰা হোৱাৰ পাছত তেওঁ বালাগাঁৱতে নিজ কন্যাৰ গৃহত থাকিবলৈ একপ্ৰকাৰ বাধ্য হয়৷ তিনি মাহ ধৰি তেনেদৰে জীৱন যাপন কৰিবলগীয়া হোৱাত হতাশাগ্ৰস্ততাই তেওঁক আৱৰি ধৰিছিল৷ কিন্তু যেতিয়াই তেওঁ জানিবলৈ পালে যে তেওঁৰ বেংক একাউণ্টত টকাখিনি জমা হৈছে, তেতিয়াই তেওঁ যেন জীয়াই থকাৰ এক নতুন আশা বিচাৰি পালে৷ “মই অকলশৰীয়া হোৱাৰ লগতে শাৰীৰিকভাৱেও যথেষ্ট দুৰ্বল হৈ পৰিছোঁ৷ এয়া মোৰ বাবে এক বৃহৎ সকাহ৷ আগষ্টৰ ২৩ তাৰিখে মই মোৰ বেংক একাউণ্টটো পৰীক্ষা কৰি ১০,০০০ টকা উলিয়ালোঁ৷ ঘৰটোৰ পুনৰ্নিৰ্মানৰ বাবে দুজনকৈ লোকক মই আজিৰপৰা কামত নিয়োগ কৰিছোঁ,” তেওঁ কয়৷

যোৱা ২০ আগষ্টত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য প্ৰদানৰ এই আঁচনিখন মুকলি কৰে৷ এই আঁচনিৰ জৰিয়তে পোনপটীয়া লাভালাভ হস্তান্তৰকৰণ প্ৰক্ৰিয়াৰে পুনৰ্বাসন অনুদান পুঁজি হিতাধিকাৰীসকলে লাভ কৰিবলৈ সক্ষম হয়৷

ৰঙিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল অপূৰ্ব গোস্বামীয়েও ৰুক্মিণী কৈৱৰ্ত আৰু ৰমিলা দাসৰ দৰেই বান পৰিস্থিতিৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছিল৷

“বিগত জুন মাহৰ বান পৰিস্থিতিয়ে আমাৰ বাবে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল৷ ঘৰৰ পৰা বানপীড়িত ৰাইজক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰাটো প্ৰশাসনৰ বাবে যথেষ্ট কঠিন হৈ পৰিছিল৷ এইবাৰ ৰঙিয়া মহকুমাত হোৱা বানক বিগত এটা দশকৰ আটাইতকৈ ডাঙৰ বান হিচাপে অভিহিত কৰিব পাৰি,” গোস্বামীয়ে কয়৷

“আমি প্ৰস্তুত কৰা হিতাধিকাৰীৰ তালিকাখন দুবাৰকৈ নিৰীক্ষণ কৰা হৈছে৷ মই ডাঠি ক’ব পাৰোঁ যে ইয়াত কোনোধৰণৰ ত্ৰুটি ৰৈ যোৱা নাই,” তেওঁ লগতে কয়৷

চৰকাৰী তথ্য অনুসৰি ৩১খন জিলাত মুঠ ২,০৪,৩৪৮টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে, যাৰ বাবে চৰকাৰে ইতিমধ্যে ১১৯.১১ কোটি টকাৰ অনুমোদন জনাইছে৷ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত ঘৰসমূহৰ বাবে পাহাৰীয়া অঞ্চলৰ হিতাধিকাৰীয়ে ১,০১,৯০০ টকাকৈ আৰু ভৈয়াম অঞ্চলৰ হিতাধিকাৰীসকলে ৯৫,১০০ টকাকৈ লাভ কৰিব৷ একেদৰে যিসকল লোকৰ ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে ৫,২০০ টকাকৈ (পকা ঘৰৰ বাবে) আৰু ৩,২০০ টকাকৈ (কেঁচা ঘৰৰ বাবে) লাভ কৰিব৷ যিসকলৰ জুপুৰি ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ৰ নীতি অনুসৰি ২,১০০ টকাকৈ লাভ কৰিব৷ কাছাৰ (৮১,৫৩৬), কৰিমগঞ্জ (২৮,৩৬৪) আৰু নগাঁও (১৫,২০০) জিলাত আটাইতকৈ বেছি পৰিয়াল বানত ক্ষতিগ্ৰস্ত হৈছে৷

এই পদক্ষেপৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বানত ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ ফলত ঘাইপথ আৰু মথাউৰিত থাকিবলৈ বাধ্য হোৱা ৩০৯টা পৰিয়ালে ঘৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনত অতিৰিক্ত ১ লাখ টকাকৈ লাভ কৰিব৷

মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে জিলাখন পৰিদৰ্শন কৰা তেওঁৰ কেবিনেট সতীৰ্থসকলে ক্ষতিগ্ৰস্ত প্ৰায় ২০% ঘৰৰ যাদৃচ্ছিকভাৱে নিৰীক্ষণ কৰিছে৷

ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি মুঠ ৫,১৮৫টা ঘৰ গুৰুতৰভাৱে বা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৩৪,৯২৪টা পকী ঘৰ আৰু ১,৫৩,৩২৬টা কেঁচা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ ইয়াৰ পূৰ্বে চৰকাৰে ২.০২ লাখ ক্ষতিগ্ৰস্ত পৰিয়ালক বস্ত্ৰ আৰু বাচন-বৰ্তন যোগান ধৰিবলৈ ৭৬.৭৬ কোটি টকা মুকলি কৰি দিছিল৷ লগতে ১,০১,৫৩৯গৰাকী ছাত্ৰ-ছাত্ৰীক বিশেষ গ্ৰন্থ অনুদান আঁচনিৰ অধীনত ১,০০০ টকাকৈ প্ৰদান কৰা হৈছিল৷

মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে চৰকাৰে ছেপ্টেম্বৰৰ পৰা আন্তঃগাঁথনি পুনৰ নিৰ্মাণত গুৰুত্ব প্ৰদান কৰিব৷ “ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিসমূহৰ মূল্যায়নৰ প্ৰক্ৰিয়া অব্যাহত আছে৷ শীঘ্ৰেই চূড়ান্ত প্ৰতিৱেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব,” তেখেতে কয়৷

ShareTweetShare

Related Posts

উন্নয়নৰ মানচিত্ৰ
দৃষ্টিভংগী

উন্নয়নৰ মানচিত্ৰ

June 1, 2023
0
সংস্থাপনৰ বাট মুকলি কৰি..
সম্পাদকীয়

সংস্থাপনৰ বাট মুকলি কৰি..

June 1, 2023
0
মুখ্যমন্ত্ৰীৰ বাৰ্তা
মুখ্যমন্ত্ৰীৰ বাৰ্তা

মুখ্যমন্ত্ৰীৰ বাৰ্তা

June 1, 2023
0
কাৰ্বি আংলঙত ২,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি
বিশেষ বাৰ্তা

কাৰ্বি আংলঙত ২,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি

June 1, 2023
0
জীৱন গঢ়াৰ তপস্যা – তপোবন
বাটকটীয়া

জীৱন গঢ়াৰ তপস্যা – তপোবন

June 1, 2023
0
অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অগ্ৰগতি
বিশেষ বাৰ্তা

অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অগ্ৰগতি

June 1, 2023
0
Load More

By Categories

  • Anniversary Special
  • Assam Budget Special
  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Changemaker
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Article
  • Special Feature
  • असम प्रगति के पथ पर
  • असम बजट विशेष
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • परिवर्तक
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वर्षगांठ विशेषांक
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • विशेष लेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসম বাজেট বিশেষ
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বৰ্ষপূৰণ বিশেষ
  • বাটকটীয়া
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ নিবন্ধ
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In