উজনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ জিলাখনৰ মুখ্য কাৰ্যালয় যোৰহাট চহৰৰ পৰা প্ৰায় ৩৫ কিল’মিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত এখন গাঁও বাহিৰ কলিয়া৷ ব্ৰহ্মপুত্ৰৰ এটা মৰা সুঁতিৰ পাৰত অৱস্থিত এই গাঁওখনৰ অধিকাংশ বাসিন্দাই হৈছে মিচিং জনগোষ্ঠীৰ৷ জিলাখনৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী মাখন গাট্টানিৰ পৃষ্ঠপোষকতাত এই গাঁৱৰে কেইগৰাকীমান ব্যক্তিয়ে বাণিজ্যিক গছ-গছনিৰ বাৰী পাতিছে৷
স্থানীয় বাসিন্দাসকলৰ মতে যোৰহাট জিলাত ব্ৰহ্মপুত্ৰৰ পাৰৰ বিশাল সমভূমিৰ বাম মাটি কদম আৰু শিমলু গছৰ বাবে উৎকৃষ্ট৷
উদ্যোগপতি মাখন গাট্টানিৰ এগৰাকী ঘনিষ্ঠ সহযোগী ভীমলাল পেগুৰ (৫২) নিৰ্দেশনাত বাহিৰ কলিয়া গাঁৱৰ লগতে দাঁতিকাষৰীয়া গাঁওবোৰত অব্যৱহৃত কৃষিভূমিত কদম আৰু শিমলু গছৰ পুলি ৰোপণ কৰা হৈছে৷ এই দুয়োটা প্ৰজাতিৰ গছৰ কাঠ প্লাইউড উদ্যোগৰ বাবে প্ৰয়োজনীয়৷
“আমি গাঁওবাসীসকলক অব্যৱহৃত হৈ থকা ভূমিত বাণিজ্যিক মূল্য থকা গছৰ পুলি ৰোপণ কৰিবলৈ মান্তি কৰাইছোঁ৷ আৰম্ভণিতে আমি তেওঁলোকৰ মাটিত গছপুলি ৰোপণ কৰাৰ বাবে সৈমান কৰোৱাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছিলোঁ৷ পাছলৈ তেওঁলোক আমাৰ লাভ ভাগ-বাটোৱাৰা কৰাৰ ধাৰণাৰ সৈতে একমত হৈছিল৷ আমি গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ বাবে অৰ্থ ব্যয় কৰোঁ৷ গছজোপা সম্পূৰ্ণৰূপে ডাঙৰ হোৱাৰ পাছত বা বাণিজ্যিক ব্যৱহাৰৰ বাবে উপযুক্ত হোৱাৰ পাছত ভূমিৰ স্বত্ত্বাধিকাৰীয়ে গছৰ মুঠ বজাৰ মূল্যৰ ৪০% লাভ কৰিব৷ আমি গছসমূহ কটাৰ পাছত সেই ভূমিত পুনৰ গছপুলি ৰোপণ কৰোঁ,” ভীমলালে কয়৷
বাহিৰ কলিয়া গাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি বাবু চাহেব তায়ুঙে তেওঁৰ ২৫ বিঘা মাটিত গছপুলি ৰোপণৰ বাবে অনুমতি প্ৰদান কৰিছিল৷ “আমি ইয়াত কদম আৰু শিমলু গছৰ পুলি ৰোপণ কৰিছোঁ৷ এই অঞ্চলখিনিত গছপুলিৰ বিকাশৰ বাবে পৰ্যাপ্ত সূৰ্যৰ পোহৰ আৰু ঠাই আছে,” গছপুলি ৰোপণ স্থলীৰ তত্ত্বাৱধায়ক প্ৰাঞ্জল পেগুৱে কয়৷
ভীমলালে জনায় যে গছৰ পুলিবোৰ গৰু আৰু ম’হৰ পৰা বচাই ৰাখিবলৈ ৰোপণৰ প্ৰথম দুটা বছৰ পুলিবোৰৰ চাৰিওফালে বাঁহৰ বেৰা দিয়াটো অতি আৱশ্যক৷
“যোৰহাটৰ টিয়কৰ জাঁজীমুখত স্থানীয় লোকসকলে প্ৰায় ১০০ বিঘা মাটি আগবঢ়াইছে৷ বাহিৰ কলিয়া গাঁৱৰ পৰা কেই কিল’মিটাৰমান দূৰত অৱস্থিত কালবাৰী অঞ্চলত প্ৰায় ৩০০ বিঘা ব্যক্তিগত ভূমিত কদম আৰু শিমলু গছৰ বাৰী পতা হ’ব,” তেওঁ কয়৷
বাহিৰ কলিয়া গাঁৱৰ পৰা এক কিল’মিটাৰ পশ্চিমত অৱস্থিত বাহিৰ ৰৌমৰা গাঁও৷ কাষৰে গাঁওখনৰ আৰ্হিত এই গাঁৱৰ কেইগৰাকীমান বাসিন্দাই তেওঁলোকৰ ঘৰৰ বাৰী তথা অব্যৱহৃত উদ্যান শস্যভূমিত একে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ “বাহিৰ কলিয়া গাঁৱৰ বাণিজ্যিক গছৰ খেতি আমাৰ বাবে আদৰ্শ হৈ পৰিছে৷ মোৰ অব্যৱহৃত ভূমিত প্ৰায় তিনিশ জোপা শিমলু গছৰ পুলি আছে৷ অহা ছয়-সাত বছৰৰ ভিতৰত আমি এই গছসমূহৰ বাণিজ্যিক লাভাংশ পাম বুলি আশা কৰিছোঁ,” এগৰাকী গাঁও বাসী অতুল শইকীয়াই কয়৷
ব্ৰহ্মপুত্ৰ নদীৰ এটা সুঁতিৰ পাৰত অৱস্থিত বাঘমৰা গাঁৱত জিতেন দলেয়ে (৫০) একেধৰণেৰে বাণিজ্যিক গছৰ খেতি আৰম্ভ কৰিছে৷ “মই তিনি বছৰ আগতে মাখন বাবুৰ সম্পূৰ্ণ সহযোগিতাৰে গছপুলিসমূহ ৰোপণ কৰিছিলোঁ৷ তেওঁ মোক প্ৰায় দুই হাজাৰ গছপুলি বিনামূলীয়াকৈ প্ৰদান কৰিছিল আৰু ইয়াৰ প্ৰতিপালনৰ বাবে প্ৰয়োজনীয় সকলো ব্যয় বহন কৰিছিল৷ আমি এই গছপুলিসমূহৰ পৰা পাবলগীয়া লাভৰ ভাগ-বাটোৱাৰা কৰিবলৈ সন্মত হৈছিলোঁ,” দলেয়ে কয়৷
“অৰ্থনৈতিকভাৱে লাভাম্বিত কৰাৰ লগতে এই গছপুলি ৰোপণে গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰতো প্ৰত্যক্ষভাৱে সহায় কৰিছে৷ ব্ৰহ্মপুত্ৰৰ পাৰৰ ভূমি সুৰক্ষিত কৰাৰ লগতে ই পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো অৰিহণা যোগাব,” প্লাইউড উদ্যোগটোৰ বাবে এই গছসমূহৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি গট্টানিয়ে কয়৷
ভাৰতৰ প্লাইউডৰ অন্যতম উৎপাদক তথা উত্তৰ-পূব অঞ্চলৰ আগশাৰীৰ প্লাইউড নিৰ্মাতা গাট্টানি ইণ্ডাষ্ট্ৰিজৰ পৰিচালনা সঞ্চালক হৈছে মাখন গট্টানি৷ তেখেতে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত ১৯৯৬ চনত কেনেদৰে এসময়ৰ উদীয়মান প্লাইউড উদ্যোগটোৱে সমস্যাৰ সন্মুখীন হৈছিল সেই বিষয়ে উল্লেখ কৰে৷
“উচ্চতম ন্যায়ালয়ৰ ৰায়টোৰ পাছত অসমৰ উদ্যোগখণ্ড গুৰুতৰভাৱে প্ৰভাৱিত হৈছিল৷ ইয়াৰ পূৰ্বে অসম দেশৰ প্লাইউড উদ্যোগক্ষেত্ৰত অগ্ৰণী আছিল৷ ৰায়দানৰ পাছত, হাৰিয়ানা দেশৰ প্লাইউড উদ্যোগৰ অগ্ৰণী ৰাজ্য হৈ পৰে৷ হাৰিয়ানাই এই উদ্যোগৰ বাবে প্ৰয়োজনীয় বাণিজ্যিক প্ৰজাতিৰ গছৰ খেতি আৰম্ভ কৰিছে৷ ব্যক্তিগত ভূমিত গছৰ খেতিৰ বাবে অসম চৰকাৰে যি নতুন পদক্ষেপ গ্ৰহণ কৰিছে, ই আমাৰ বাবে ভাল আৰু আশাভৰা দিন কঢ়িয়াই আনিব যেন অনুভৱ হৈছে,” গাট্টানিয়ে কয়৷