অসম চৰকাৰে ২০১৭-১৮ বৰ্ষত আৰম্ভ কৰিছিল ‘অষ্টাদশ মুকুতাৰ উন্নয়নী মালা’ ধাৰণা। বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী তথা সেই সময়ৰ বিত্তমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভাগৱত গীতাৰ ১৮টা অধ্যায়ৰদ্বাৰা অনুপ্ৰাণিত হৈ ১৮খন আঁচনিৰ এই ধাৰণাৰ আৰম্ভ কৰিছিল৷ এই ১৮খন ধ্বজাবাহী আঁচনিয়ে ৰাজ্য চৰকাৰৰ এটা বৰ্ষৰ বাবে প্ৰদান কৰা বিশেষ অগ্ৰাধিকাৰসমূহক প্ৰতিফলিত কৰে৷ ইয়াৰে কেইখনমান আঁচনি পূৰ্বৰ বছৰটোৰপৰা অব্যাহত আছে আৰু কেইখনমান আঁচনি নতুনকৈ আৰম্ভ কৰা হৈছে৷
১) মুখ্যমন্ত্ৰীৰ স্ব-নিয়োজন অভিযান :
ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন আয়ৰ পৰিয়ালৰ যুৱক-যুৱতীসকলৰ মাজত স্ব-নিয়োজনৰ সুবিধা সৃষ্টি কৰাৰ উদ্দেশ্যে ক্ষুদ্ৰ উদ্যোগীৰ উন্নয়নৰ বাবে এখন আঁচনি ৰূপায়ণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে৷ অহা তিনি বছৰত ক্ষুদ্ৰ উদ্যোগ স্থাপনত সহায় কৰিবলৈ চৰকাৰে এক লাখ যুৱক-যুৱতীক কিস্তি হিচাপত মুঠ ২ লাখ টকাকৈ এককালীন প্ৰাৰম্ভিক পুঁজি আগবঢ়াব৷ ইয়াৰ বাবে এই বাজেটত ১,০০০ কোটি টকাৰ আবণ্টন কৰা হৈছে৷
২) এক লাখ নিযুক্তি :
১০ মে’ৰ ভিতৰত চৰকাৰে বিভিন্ন বিভাগত ৪০,০০০ নিযুক্তি প্ৰদান কৰিব আৰু বাকী থকা ১৮,০০০০ নিযুক্তি বিভিন্ন পৰ্য্যায়ত প্ৰদান কৰা হ’ব৷
৩) অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি (AMFIRS) :
২০২৩-২৪ বৰ্ষৰ বাজেটত ২৫,০০০ টকা পৰ্যন্ত ঋণ লোৱা মহিলাসকলক অগ্ৰাধিকাৰ প্ৰদান কৰি ৫০০ কোটি টকাৰ পুঁজি ধাৰ্য কৰা হৈছে৷ ইয়াৰ ফলত লক্ষাধিক ঋণগ্ৰস্ত মহিলা উপকৃত হ’ব৷
৪) দৰিদ্ৰতা নিবাৰণ :
দৰিদ্ৰতা নিবাৰণৰ হেতুকে চাৰিটা বিশেষ পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷
ক) অৰুণোদয় : ৰাজ্য চৰকাৰে ২০২৩-২৪ বিত্তীয় বৰ্ষত অৰুণোদয় ২.০ত ১০ লাখ নতুন হিতাধিকাৰী সংযোগ কৰিব৷ এই বিত্তীয় বৰ্ষৰ শেষলৈ লাভ কৰা ধনৰাশি ১,৪০০ টকালৈ বৃদ্ধি কৰা হ’ব৷ মুঠ হিতাধিকাৰীৰ সংখ্যা হ’বগৈ ২৭ লাখ৷ ধাৰ্য কৰা পুঁজি হৈছে ৩,৪২০ কোটি টকা৷
খ) মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা : ইয়াৰ অধীনত নতুনকৈ ২৭ লাখ পৰিয়ালে ৫ লাখ টকাৰ নগদবিহীন চিকিৎসা লাভ কৰিব৷ এয়া এতিয়া দেশৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি৷ ইয়াত ১৩৫ কোটি টকা আবণ্টন কৰা হৈছে৷
গ) খাদ্য সুৰক্ষাৰ নিশ্চিতি : ইয়াৰ বাবে ধাৰ্য কৰা হৈছে ৪০৪.৯৪ কোটি টকা৷
ঘ)মুখ্যমন্ত্ৰী আৱাস যোজনা : সকলোৰে বাবে গৃহ৷
২০২৩-২৪ বৰ্ষত ১ লাখ হিতাধিকাৰীৰ বাবে ৮০০ কোটি টকা ধাৰ্য কৰা হৈছে৷
৫) প্ৰজ্ঞান ভাৰতী :
চৰকাৰে প্ৰায় ৫০০খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিখনতে ৫ কোটি টকাকৈ ব্যয় কৰি আন্তঃগাঁথনিৰ উন্নয়ন কৰিব৷ আচবাব, স্মাৰ্ট শ্ৰেণীকোঠা, শিক্ষণ সামগ্ৰী আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে ৫০০খন উচ্চ মাধ্যমিক বিদ্যালয়ক ১ কোটি টকাকৈ প্ৰদান কৰা হ’ব৷ ধাৰ্য কৰা পুঁজি হৈছে ২,৫০০ কোটি টকা৷
৬) অসম নগৰীয়া স্বাস্থ্য অভিযান (এইউএইচএম) :
নগৰাঞ্চলৰ জনসাধাৰণৰ বাবে ব্যয়সাধ্য, সহজলভ্য আৰু মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদান কৰাৰ উদ্দেশ্যে অসম নগৰীয়া স্বাস্থ্য অভিযান আৰম্ভ কৰা হ’ব৷
৭) অসমৰ চাহৰ ২০০ বছৰ :
চৰকাৰে অসমৰ চাহক এটা ব্ৰেণ্ড হিচাপে প্ৰচাৰ কৰিবলৈ আৰু চাহ শ্ৰমিকসকলৰ সমৃদ্ধ সামাজিক-সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শন কৰিবলৈ দেশ আৰু বিদেশৰ প্ৰধান চহৰসমূহত ৰ’ড শ্ব’ আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়৷ বৰ্ধিত উৎপাদন ৰাজসাহায্যৰ লগতে তিনি বছৰলৈ কৃষি আয়কৰত ৰেহাই প্ৰদানৰ কথাও ঘোষণা কৰা হৈছে৷
৮) সাংস্কৃতিক পৰিচয়ৰ সন্ধান :
পুনৰুজ্জীৱিত অসম দৰ্শন আঁচনিৰ অধীনত ১০০ বছৰতকৈ অধিক পুৰণি প্ৰাচীন ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ বাবে ১৫ লাখ টকাকৈ প্ৰদান কৰা হ’ব৷ এই আঁচনিৰ বাবে ১৮০ কোটি টকা আবণ্টন কৰা হৈছে৷
৯) বাল্য বিবাহ প্ৰতিৰোধ অভিযান :
২০২৬ চনৰ ভিতৰত অসমক সম্পূৰ্ণ বাল্য বিবাহ মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে, ২০০ কোটি টকা আবণ্টন কৰি অভিযানটোক মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত সামৰি লোৱা হৈছে৷
১০) আমাৰ গাঁও আমাৰ গৌৰৱ :
অসমৰ ২৬,০০০ খন গাঁৱৰ সত্ত্বাক উজ্জীৱিত কৰাৰ লগতে একাত্মবোধৰ অনুভূতি জাগ্ৰত কৰিবলৈ প্ৰতিখন গাঁৱতে ‘গাঁও প্ৰতিষ্ঠা দিৱস’ উদ্যাপন কৰা হ’ব৷ এই উদ্দেশ্যে প্ৰতিখন গাঁৱকে ৫,০০০ টকাকৈ প্ৰদান কৰা হ’ব৷
১১) খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম :
খেল মহাৰণ : তৃণমূল পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পাঁচটা বিভাগৰ ক্ৰীড়া প্ৰতিযোগিতাই প্ৰতিভা চিনাক্তকৰণৰ বাবে এক সামগ্ৰিক পৰিৱেশ সৃষ্টি কৰিব৷
সাংস্কৃতিক মহাসংগ্ৰাম : সকলো ৰাজহ গাঁৱতে ছয়টা শাখা, যেনে জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত, এটা জনজাতীয় নৃত্য আৰু বিহুৰ প্ৰতিযোগিতাসমূহ আয়োজন কৰা হ’ব৷
মুঠ আবণ্টন : ৬০ কোটি টকা
১২) নাৰী সবলীকৰণকেন্দ্ৰিক আন্দোলন পুনৰ্জীৱিতকৰণ :
আত্মসহায়ক গোটৰ সৈতে জড়িত প্ৰতিগৰাকী মহিলাক নিজকে ঘৰুৱাভিত্তিক উদ্যমীলৈ ৰূপান্তৰিত কৰিবলৈ উৎসাহিত কৰা হ’ব৷ লক্ষ্য : ৩০ লাখ মহিলা উদ্যমী৷
১৩) বিকাশৰ পথ সৃষ্টি :
মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত চৰকাৰে সংযোগহীন যোগ্য বসতিস্থল অথবা বৰ্তমানৰ অতিশয় জৰাজীৰ্ণ পথ সংযোগ থকা বসতিস্থলৰ বাবে ৩,০০০ কিল’মিটাৰ ২,০০০টা নতুন পথ নিৰ্মাণ কৰিব৷ মুখ্যমন্ত্ৰী নগৰীয়া পথ পকীকৰণ আঁচনি নামৰ এখন নতুন আঁচনিও ঘোষণা কৰা হ’ব৷
১৪) ৰাজহুৱা সেৱা অধিকাৰ আয়োগ :
ৰাজহুৱা সেৱাৰ অধিকাৰ (আৰ.টি.পি.এছ.)প’ৰ্টেলটো সকলো চৰকাৰী সেৱাৰ বাবে একক-প্ৰৱেশ বিন্দু হিচাপে উন্নীত কৰি সেৱা সেতু নামেৰে পুনৰ নামকৰণ কৰা হৈছে৷ ‘অসম ৰাজ্যিক ৰাজহুৱা সেৱাৰ অধিকাৰ আয়োগ’ গঠন কৰা হ’ব৷
১৫) আপোন ঘৰ, আপোন বাহন :
চৰকাৰে বৰ্তমানৰ আপোন ঘৰ আঁচনিখন অব্যাহত ৰাখিব৷ ইয়াৰ বাবে ১০৮ কোটি টকা ধাৰ্য কৰা হৈছে৷ আপোন বাহন আঁচনিৰ অধীনত, চৰকাৰী কৰ্মচাৰীসকলে মটৰ গাড়ীৰ ঋণৰ ক্ষেত্ৰত সুতত ৰেহাই লাভ কৰিব৷ ইয়াৰ বাবে ১২ কোটি টকা ধাৰ্য কৰা হৈছে৷
১৬) নতুন আন্তঃগাঁথনিৰ প্ৰয়াস :
অসম মালাৰ অধীনত চাৰিটা নতুন পথ কৰিড’ৰৰ কাম হাতত লোৱা হ’ব৷ ৰাজহুৱা স্থানত উদ্যান আদিকে ধৰি অন্যান্য মুখ্য আন্তঃগাঁথনিমূলক প্ৰকল্পৰ পৰিকল্পনাৰ বাবে ১৫,১০২ কোটি টকা আবণ্টন কৰা হৈছে৷
১৭)অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডলৈ সমৰ্থন :
এমএছএমই খণ্ডৰ বাবে ঋণদাতা বেংকক পোনপটীয়াকৈ ক্ৰেডিট সংযোগী ৰাজসাহায্যৰ প্ৰদানৰ মাধ্যমত মূলধনী উদগনিমূলক সাহায্য প্ৰদান কৰাৰ আঁচনি৷ ইয়াক ‘মুখ্যমন্ত্ৰীৰ লঘু উদ্যোগ উদগনি আঁচনি’ নামেৰে নামকৰণ কৰা হ’ব৷
টাৰ্ম/ৱৰ্কিং মূলধনী সুত ৰাজসাহায্যৰ জৰিয়তে এমএছএমই খণ্ডক সকাহ প্ৰদান কৰিবলৈ আন এক আঁচনি ‘মুখ্যমন্ত্ৰীৰ এমএছএমই ঋণ ৰেহাই আঁচনি’ হাতত লোৱা হৈছে৷
১৮) মিছন বসুন্ধৰা :
মিছন বসুন্ধৰা ২.০-ৰ অধীনত লাভ কৰা সকলো আৱেদনৰ মানসম্পন্ন নিষ্পত্তি, স্বামীত্ব আঁচনিৰ অধীনত অনা কেডেছট্ৰেল গাঁওসমূহৰ জৰীপ আৰু বন্দৱস্তিকৰণ সম্পূৰ্ণ কৰা, ৰাজ্যজুৰি চৰকাৰী ভূমি আৰু গাঁওসমূহৰ পুনৰ জৰীপ সম্পূৰ্ণ কৰাত গুৰুত্বপূৰ্ণ অগ্ৰগতি, ভূমিৰ গৰাকীসকলক নিজৰ সুবিধা অনুযায়ী কাৰ্যালয় আৰু ঘৰৰপৰা ভূমি ৰাজহ পৰিশোধ কৰিবলৈ সুবিধা কৰি ই-খাজনা ব্যৱস্থাৰ লগতে ৰাজ্যজুৰি ডিজিটেল ষ্টেম্পিং ব্যৱস্থা প্ৰৱৰ্তন কৰা৷