বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ বাজেট ভাষণৰ আৰম্ভণিতে এগৰাকী বিখ্যাত অৰ্থনীতিবিদৰ উদ্ধৃতি প্ৰদান কৰি কয় যে যেতিয়া দৰিদ্ৰতা, অসমতা আৰু নিবনুৱা সমস্যা নিম্নগামী হ’বলৈ আৰম্ভ কৰে তেতিয়াহে দেশে প্ৰকৃত উন্নয়নৰ সাক্ষী হ’ব পাৰে৷ এখন বাজেট প্ৰস্তুত কৰোঁতে যথেষ্ট জটিলতা থাকে যদিও এই সকলো নেওচি অসম বিধান সভাত উপস্থাপন কৰা বাজেটখনে উল্লিখিত উদ্দেশ্যক প্ৰতিফলিত কৰিছে বুলি ক’ব পাৰি৷
কিছুমান বাহ্যিক কাৰকৰ বাবে হৈ থকা বৰ্ধিত মুদ্ৰাস্ফীতি আৰু এক অস্পষ্ট গোলকীয় অৰ্থনীতি আদি এখন দেশৰ চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত৷ আগন্তুক বৰ্ষৰ বাবে ঘাটি বাজেট উপস্থাপন কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে এই সমস্যাসমূহৰ বিৰুদ্ধে যুঁজি থকা লোকসকলৰ ওপৰত কোনোধৰণৰ কৰ আৰোপ নকৰাটো গুৰুত্বপূৰ্ণ পদক্ষেপ৷ তথাপিও, তেখেতে ব্যয় হ্ৰাস কৰাৰ সাধাৰণ প্ৰবৃত্তিসমূহ নিলগত ৰাখিবলৈ সক্ষম হৈছে৷
২০২১-২০২২ বৰ্ষৰ ৩.৩৯ লাখ কোটি টকাৰ বিপৰীতে এই বিত্তীয় বৰ্ষৰ বাবে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৫.৫ লাখ কোটি টকাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে৷ পৰিসংখ্যাৰপৰা প্ৰতিফলিত হৈছে যে জনকল্যাণমূলক ব্যয়ৰ লগতে চৰকাৰী মূলধনী ব্যয় দ্ৰুতগতিত বৃদ্ধি হৈ আছে৷ অলিখিত ধাৰাটো অব্যাহত ৰাখি এই বছৰ বাজেট সম্বন্ধীয় ব্যয় ১.২০ লাখ কোটি টকাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে৷ যথা সময়ত যেতিয়া ব্যক্তিগত খণ্ডৰ পদক্ষেপসমূহ সক্ৰিয় হ’ব, এই চৰকাৰী ব্যয় স্বয়ংক্ৰিয়ভাৱে সংশোধন হৈ পৰিব আৰু ই পূৰ্বৰ ব্যয়ৰ পৰিপূৰক হৈ পৰাৰ লগতে নিয়োগ সৃষ্টিৰ এটা আদৰ্শ পৰিৱেশ গঢ় লৈ উঠিব আৰু প্ৰকৃত উন্নয়নৰ ছবিখন পৰিস্ফুট হ’ব৷
উল্লেখ্য যে শেহতীয়াকৈ, অসমে মানৱ উন্নয়ন সূচক(এইচডিআই)ৰ মুখ্য মাপকাঠীসমূহত যথেষ্ট উন্নত প্ৰদৰ্শন আগবঢ়াইছে৷ আনহাতে এনে কিছুমান ক্ষেত্ৰ আছে য’ত গুৰুত্ব প্ৰদান কৰাৰ অৱকাশ আছে৷ এই বছৰৰ বাজেটত সূক্ষ্ম দৃষ্টি প্ৰদান কৰিলে এই ক্ষেত্ৰসমূহত প্ৰদান কৰা গুৰুত্ব স্পষ্ট হৈ পৰে৷ এখন চৰকাৰৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বাজেটত নিৰ্ধাৰিত পুঁজিৰ ‘সঠিক উৎস’ আৰু ‘সঠিক উদ্দেশ্যৰে ব্যয়’ সুনিশ্চিত কৰা৷