গুৱাহাটী মহানগৰৰ চিটিবাছৰ ভাৰা চৰকাৰৰ তৰফৰ পৰা বৃদ্ধি কৰা হ’ল৷ চৰকাৰে এতিয়াহে বাছ ভাৰা বৃদ্ধি কৰিলে কিন্তু একাংশ বাছ কৰ্তৃপক্ষই নিজাববীয়াকৈ তাহানিতেই বাছ ভাৰা বৃদ্ধি কৰি যাত্ৰী সকলৰ পৰা লুণ্ঠন চলাই আহিছে৷
এতিয়া চৰকাৰৰ দ্বাৰা নতুন ভাৰা বৃদ্ধিৰ কথা কৈ বাছ কৰ্তৃপক্ষই পুনৰ আকৌ অতিৰিক্ত ভাৰা বৃদ্ধি কৰি সাধাৰণ যাত্ৰীৰ মূৰত ৰাম টাঙোন শোধাব নেকি? এইক্ষেত্ৰত চৰকাৰেও এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে চৰকাৰৰ ফালৰ পৰা ধাৰ্য কৰি দিয়া নিৰিখতকৈ বাছ কৰ্তৃপক্ষই যাত্ৰীসকলৰ পৰা এটকাও বেছিকৈ ভাৰা ল’ব নোৱাৰে৷
ক’ভিডৰ সময়ছোৱাত প্ৰতিখন গাড়ী আধা যাত্ৰীৰ জৰিয়তে যাত্ৰা কৰিবলগীয়া হোৱাৰ বাবে যি দুগুনকৈ ভাৰা বৃদ্ধি কৰা হৈছিল সেই একেই ভাৰা আজিও বাহাল ৰখা হৈছে৷ ক’ভিড সম্পৰ্কীয় বাধা-নিষেধ আঁতৰোৱাৰ পাছতো উপায়হীন হৈ যাত্ৰীসকলে আজিও সেই দুগুণ ভাৰা পৰিশোধ কৰি নিজৰ গন্তব্য স্থানলৈ যাত্ৰা কৰিবলগীয়া হৈছে৷
তদুপৰি প্ৰতিখন যাত্ৰীবাহী গাড়ীত ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা নিৰ্ধাৰণ কৰি দিয়া নতুন ভাৰা নিৰিখৰ এখন তালিকা ফলক আকাৰে সকলো যাত্ৰীয়ে দেখা পোৱাকৈ আৰি থোৱাৰ এটা ব্যৱস্থা কৰিব লাগে৷ লগতে, আস্থানত বাছ ৰখোৱাৰ সময় সীমা থাকিব লাগে৷ কেৱল ১০ বা ১৫ টকাৰ সাধাৰণ টিকট দিয়াতকৈ নিৰ্দিষ্ট ষ্টপেজলৈ যোৱা যাত্ৰী এজনক নিৰ্দিষ্ট টিকট জাৰি কৰাটো বাছৰ মালিকসকলৰ কাৰণে বাধ্যতামূলক কৰিব লাগে৷