বিহু আৰু ঝুমইৰ বিনন্দিনী কাৰ্যসূচীৰ সফলতাৰ পৰা অনুপ্ৰাণিত হৈ অসম চৰকাৰে পুনৰ এক বৃহৎ সাংস্কৃতিক আয়োজনৰ বাবে সাজু হৈ উঠিছে। ২০২৫ চনৰ অন্তিম ভাগত বাগৰুম্বা প্ৰদৰ্শনৰ কাৰ্যসূচী আয়োজন কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলিছে।
বাগৰুম্বা হৈছে বড়ো সমাজৰ লোকনৃত্য। এই নাচ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক পৰিচয়ৰ এক অংগ। এই নৃত্যটো সাধাৰণতে বৈছাগু উৎসৱৰ সময়ত পৰিৱেশন কৰা হয়। বাগৰুম্বা কেৱল এটা নৃত্য নহয়, ই হৈছে প্ৰকৃতিৰ সৈতে মিলন, পুনৰুজ্জীৱন আৰু একতাৰ উৎসৱ।
ইয়াৰ গুৰুত্ব স্বীকাৰ কৰি বিত্ত মন্ত্রী অজন্তা নেওগে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটত বাগৰুম্বাক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰচাৰ কৰাৰ বিশেষ উদ্যোগৰ বিষয়ে ঘোষণা কৰিছিল।
এই সন্দৰ্ভত সাংস্কৃতিক বিভাগৰ সঞ্চালক ৰাহুল দাসে “অসম বাৰ্তা”ক কয়,“এই বৃহৎ অনুষ্ঠানটোৰ বাবে বিস্তৃত প্ৰস্তুতি চলি আছে। এতিয়ালৈকে চাৰিখন বৈঠক অনুষ্ঠিত হৈছে। প্ৰথমখন বৈঠক ২০২৫ চনৰ ৫ মে’ তাৰিখে ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্রৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল। দ্বিতীয়খন বৈঠক ১৩ জুনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল, য’ত ২৫গৰাকী সদস্যৰে এখন বিশেষজ্ঞ সমিতি গঠন কৰা হয়। তৃতীয়খন বৈঠক ২১ জুলাইত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত আৰু চতুৰ্থখন বৈঠক ৯ আগষ্ট তাৰিখে বিশেষজ্ঞ সমিতিৰ সৈতে অনুষ্ঠিত হৈছিল।”
তেখেতে লগতে কয়, “এই অনুষ্ঠানটোৰ আয়োজন অভূতপূৰ্ব হ’ব। প্ৰায় ১১,০০০গৰাকী শিল্পীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, যাৰ ভিতৰত ১০,০০০গৰাকী নৃত্যশিল্পী আৰু ১,০০০গৰাকী বাদ্যযন্ত্ৰী থাকিব। এই অনুষ্ঠানত ২৬খন জিলাৰ অংশগ্ৰহণকাৰীয়ে যোগদান কৰিব। মহিলাসকলৰ বয়স ১৫ৰ পৰা ৪০ বছৰলৈ আৰু পুৰুষসকলৰ বয়স ১৫ৰ পৰা ৪৫ বছৰলৈ নিৰ্ধাৰণ কৰা হ’ব। চৰকাৰে ইতিমধ্যে ৪০০গৰাকী মাষ্টাৰ ট্ৰেইনাৰ চিনাক্ত কৰিছে।”
বিশেষজ্ঞ সমিতিৰ সদস্য সঞ্জীৱ ব্ৰহ্মই কয়, “এই পদক্ষেপটি বড়ো সংস্কৃতি আৰু পৰম্পৰাৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত এটি ঐতিহাসিক পদক্ষেপ। চৰকাৰে সিদ্ধান্ত লৈছে যে কেৱল বড়ো-কছাৰী সম্প্ৰদায়ৰ লোকসকলে এই বৃহৎ পৰিৱেশনত অংশগ্ৰহণ কৰিব। এনেদৰেই আমাৰ সংস্কৃতিৰ ঐতিহ্য আৰু সন্মান সুৰক্ষিত হৈ থাকিব।”
তেখেতে লগতে কয়, “মাষ্টাৰ ট্ৰেইনাৰসকলৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৩১ জুলাইৰ পৰা ৭ আগষ্ট ২০২৫লৈ অনুষ্ঠিত হৈছিল। নৃত্যৰ কোৰিঅ’গ্ৰাফী আৰু পৰিৱেশনৰ ৰূপৰেখাও ইতিমধ্যে সম্পূৰ্ণ হৈছে।”
মাষ্টাৰ ট্ৰেইনাৰ তনুজা নাৰ্জাৰীয়ে কয়, “ এয়া আমাৰ লোকনৃত্যটিৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ এক অনন্য সুযোগ আৰু মোৰ বাবে সৌভাগ্যৰ কথা যে মই আনক শিকাবলৈ সুযোগ লাভ কৰিছোঁ। মই দশম শ্ৰেণীৰ পৰা বাগৰুম্বা পৰিৱেশন কৰি আহিছোঁ। ২০১১ চনত মই দিল্লীত গণৰাজ্য দিৱসৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ। এতিয়া এনে ঐতিহাসিক আয়োজনৰ প্ৰশিক্ষক হিচাপে নিৰ্বাচন হোৱাত মই আনন্দিত।”
১৬ বছৰীয়া অংশগ্ৰহণকাৰী ছাংগিনা বসুমতাৰীয়ে কয়, “মই বৰ আনন্দিত। ভাবি ভয়ো লাগিছে যে মই এখন বৃহৎ মঞ্চ তথা সন্মানীয় অতিথিসকলৰ সন্মুখত নাচিম। মোৰ বাবে এয়া কেৱল নৃত্য নহয়, ই হৈছে নিজৰ জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ। এনে উৎসৱৰ অংশ হোৱাটো আজীৱন এক স্মৃতি হৈ থাকিব। মই আশা কৰোঁ যে আমাৰ প্ৰজন্মৰ সকলোকে এই পদক্ষেপে নিজৰ সংস্কৃতিৰ সৈতে সংযুক্ত হৈ থাকিবলৈ অনুপ্ৰাণিত কৰিব।”
চৰকাৰৰ আয়োজন, সমাজৰ সক্ৰিয় অংশগ্ৰহণ আৰু অংশগ্ৰহণকাৰীসকলৰ উছাহৰ সৈতে সাজু হোৱা মেগা বাগৰুম্বা প্ৰদৰ্শন কাৰ্যসূচী কেৱল এক অনুষ্ঠানেই নহয় ~ ই হ’ব অসমবাসীৰ বাবে আন এটি ঐতিহাসিক সাংস্কৃতিক আন্দোলন।










