২০১৯ চনৰ কথা, এগৰাকী উদ্যমী মানস প্ৰতিম কলিতাই আওহতা বাক্সা অঞ্চলৰ নেমুখেতিক অনন্য ৰূপ প্ৰদান কৰাৰ বিষয়ে চিন্তা-চৰ্চা কৰে। তেওঁৰ এই চিন্তাৰ সৈতে সংযুক্ত হয় আওহতা অঞ্চলৰ আন কেইগৰাকীমান উদ্যমী খেতিয়ক – বিষ্ণু নাথ, ভৃগু কলিতা, মনোজ দাস, শনিৰাম টপ্প, মানৱ দাস, বিজু কুমাৰ বৰুৱা, ৰঘুনাথ দাস, ৰাজু ৰামচিয়াৰী, চন্দন ছেত্ৰী আদি।
খেতিয়কসকলৰ সৈতে হোৱা আলোচনা মৰ্মে তেওঁলোকে এটা কৃষক উৎপাদক সংস্থা (এফ পি চি) গঠন কৰে- নীলাচল এগ’ প্ৰডিউচাৰ্ছ কোম্পেনী। লক্ষ্য আছিল জি আই টেগপ্ৰাপক অধিক পৰিমাণৰ চাইট্ৰিক এছিডৰ বাবে বিখ্যাত বাক্সাৰ নেমুক এখন সঠিক বজাৰ প্ৰদান কৰা। বৰ্তমান এই এফ পি চিটোত ৮৬২গৰাকী পঞ্জীয়নভুক্ত খেতিয়ক আছে।
নীলাচল এগ্ৰ’ৰ এগৰাকী সঞ্চালক বিষ্ণু নাথে অসম বাৰ্তাৰ সৈতে বাৰ্তালাপত কয়, “এই অঞ্চলৰ আশে-পাশে ৪৬খন গাঁৱত মুঠ ৭৭৮০ বিঘা মাটিত ৩,৬৯১গৰাকী খেতিয়কে বছৰি প্ৰায় ৬২,২৪০ মেট্ৰিক টন নেমু উৎপাদন কৰে। উৎপাদিত নেমুসমূহৰ বাবে এতিয়াও এখন সঠিক আৰু পৰিকল্পিত বজাৰৰ অভাৱ।” তেওঁ কয়, “বৰ্তমান ডাঙৰ আকাৰৰ নেমু ৮০টাত ৪০০ টকা আৰু সৰু আকাৰৰ নেমু ৮০টাত ২৮০ টকাত বিক্ৰী হৈ আছে।”
নীলাচল এগ্ৰ’ৱে প্ৰতিষ্ঠাৰে পৰা বাক্সাৰ কাজি নেমুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে প্ৰচেষ্টা চলাই আহিছে। ইয়াৰে অংশ হিচাপে যোৱা বছৰৰ জুলাই মাহত ৪০০০টা নেমু লণ্ডনলৈ ৰপ্তানি কৰে। অৱশ্যে প্ৰথমটো কনাছাইনমেণ্ট পঠোৱাৰ পাছত ৰপ্তানি হোৱা নাই যদিও তেনেধৰণৰ আলোচনা অব্যাহত আছে। এই বিষয়ে বিষ্ণু নাথে কয়, “আমাৰ কাজিনেমুসমূহৰ ক্ষেত্ৰত এটা সমস্যা আছে যে ই অতি সোনকালে বেয়া হৈ যায়। আমাৰ কৃষকসকলৰো ৰপ্তানিৰ বাবে নেমু নিৰ্বাচন আদিৰ ক্ষেত্ৰত সজাগতাৰ অভাৱ। অৱশ্যে আমাৰ এফ পি অ’ৰ কৃষকসকলে সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে নেমু খেতি কৰে। এয়া এটা ইতিবাচক দিশ।” তেওঁ লগতে উল্লেখ কৰে যে নীলাচল এগ্ৰ’ৱে দিল্লী, পুনে, চেন্নাই আদি বিভিন্ন স্থানত প্ৰদৰ্শনীত অংশ লৈ নেমুৰ লগতে বোকা চাউল, জহা চাউল, লাৰু-পিঠা, সান্দহ, চিৰা আদিৰ প্ৰদৰ্শন কৰিছে আৰু ইতিবাচক সঁহাৰি লাভ কৰিছে।

আওহতাৰে বাসিন্দা ধ্ৰুৱ দাসৰ ঘৰৰ কাষতে চাৰি বিঘা মাটিত কাজিনেমুৰ এখন বাগিচা আছে। প্ৰতিজোপা গছ নেমুৰ ভৰত হাওলি আহিছে। ধ্ৰুৱই কয়, “এই সপ্তাহত মই ১৫,০০০ টকাৰ নেমু বিক্ৰী কৰিছোঁ। বাৰিষা নেমুৰ দাম কমি থাকিলেও নেমু বেছিকৈ লগাৰ বাবে উপাৰ্জনৰ বৰ এটা হেৰফেৰ নহয়।” খেতিৰ বিষয়ে উল্লেখ কৰি কয়, “বছৰি আমি তিনিবাৰ গোবৰ সাৰ দিওঁ আৰু পোক লাগিলে কেতিয়াবা জৈৱিক কীটনাশক ব্যৱহাৰ কৰিবলগীয়া হয়।”
মনোজ দাসৰো এখন নেমুৰ বাগিচা আছে। মনোজে কয়, “এতিয়া যিবিলাক নেমুগছ আছে এইবোৰ পাঁচ বছৰ পুৰণি আৰু সাত বছৰমান এই নেমুগছসমূহ ৰাখিব পৰা যাব। পাছত কলম দিয়া পুলিৰে পুনৰ নেমুগছ লগাব পৰা যাব। নেমু পুলি লগোৱাৰ পাছত ফল ধৰিবলৈ দুবছৰমান লাগে। পূৰঠ ভাল নেমু গছ এজোপাৰপৰা বছৰত ৮/১০ হাজাৰ নেমু পোৱা যায়।” অৱশ্যে মনোজে বাৰিষা নেমুৰ দাম একেবাৰে কম পোৱাৰ বিষয়ে উল্লেখ কৰে।
নিটি আয়োগৰ এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰেমৰ অধীনত নীলাচল এগ্ৰ’ৱে এটা নেমুৰ জুছ বনাব পৰা প্ৰছেচিং প্লাণ্টৰ বাবে ১৫ লাখ টকাৰ আৰ্থিক সাহায্য লাভ কৰে। তেওঁলোকে এই ধনৰ লগতে নিজৰ বিনিয়োগেৰে এটা প্ৰচেছিং প্লাণ্ট বহুৱায়। প্লাণ্টটো বহুৱাৰ পাছৰেপৰা প্ৰায় তিনিটা মাহ এফপিঅ’টোৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকাসকলৰ সন্মুখত এক প্ৰত্যাহ্বানৰ সৃষ্টি হয়। প্ৰথমতে তেওঁলোকৰ উৎপাদিত জুছ যথেষ্ট তিতা সোৱাদৰ হয়। এই তিতা অনুভৱ আঁতৰাবৰ বাবে তেওঁলোকে বহুজনৰ সৈতে যোগাযোগ কৰাৰ পাছতো সমাধান লাভ নকৰিলে। অৱশেষত তেওঁলোকে ব্যৱহৃত উপাদানসমূহৰ পৰিমাণ সালসলনি কৰি পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে। বিষ্ণু নাথে কয়, “পৰীক্ষাৰ কালত আমি যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। এবাৰ সোৱাদ লোৱাৰ পাছত তিনি-চাৰিদিনলৈ মুখত তিতা তিতা ভাব আহি থকাৰ দৰে অৱস্থা আমাৰ হৈছিল। এই পৰীক্ষাৰ পাছত আমি বৰ্তমানৰ প্ৰডাক্টটো ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ সক্ষম হৈছোঁ আৰু ছেপ্টেম্বৰৰপৰা আমি ‘আছাম লেমন জুছ’ নামেৰে ইয়াক বজাৰত মুকলি কৰিছোঁ।” জুছৰ উপাদানসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, “আমি নেমুৰ চৰ্বতত ব্যৱহাৰ কৰা উপাদানসমূহেই ব্যৱহাৰ কৰোঁ – নেমু, চেনি, নিমখ আৰু পানী আৰু ছমাহৰ জীৱনকালৰ বাবে আমি সামান্য পৰিমাণৰ প্ৰিজাৰ্ভেটিভ ব্যৱহাৰ কৰোঁ।” তেওঁ কয়, “ইতিমধ্যে আমাৰ নেমু জুছে স্থানীয় বজাৰত যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছে।”
নেমুৰ লগতে নীলাচল এগ্ৰ’ৱে কৰদৈৰ জুছৰ এটা পৰীক্ষামূলক উৎপাদন কৰে আৰু সফল হয়। বাক্সাৰ জিলা কৃষি বিষয়া দুলাল চন্দ্ৰ দাসে কয়, “আমাৰ স্থানীয় ফলসমূহৰ জুছ উৎপাদনেৰে আমাৰ কৃষকসকল স্বাৱলম্বী হোৱাৰ দিশত এখোজ আগুৱাই পৰা যাব। সাধাৰণতে এলাগি কৰি দিয়া কৰদৈৰ জুছ আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল আৰু এনেধৰণৰ প্ৰডাক্ট জনপ্ৰিয় হোৱাৰ অৱকাশ আছে।”
বাক্সাৰ জিলা আয়ুক্ত মাচণ্ডা মেগদালিন পাৰ্টিনে কয়, “নীলাচল এফ পি চি’ৰ নেমুৰ ৰসে অসম আৰু ৰাষ্ট্ৰীয় বজাৰত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ব্যৱস্থা কৰা হ’ব। বৰ্তমানৰ নেমু প্ৰক্ৰিয়াকৰণ গোটটোৱে অঞ্চলটোৰ নেমুৰ মুঠ উৎপাদনৰ ১২-১৩ শতাংশ (এবছৰত ০.৬ মেট্ৰিক টন) প্ৰক্ৰিয়াকৰণ কৰিব পাৰে। নেমুৰ খেতি কৰা এলেকাও যিহেতু দিনে দিনে বাঢ়ি আছে সেয়ে আগন্তুক দিনত বৰ্তমানৰ প্ৰছেচিং ইউনিটটোৰ আন্তঃগাঁথনি বৃদ্ধি আৰু অধিক প্ৰচেছিং ইউনিট স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে।”
নীলাচল এগ্ৰ’ৰ মুখ্য কাৰ্যবাহী বিষয়া মানস প্ৰতিম কলিতাই কয়, “সৰ্বোচ্চ উৎপাদনৰ বতৰত নেমু খেতিয়কসকলৰ বাবে এনে এটা গোট প্ৰয়োজনীয় আছিল। আমাৰ এফপিচিৰ প্ৰাথমিক লক্ষ্য হৈছে দেশৰ আৰু বাহিৰৰ বিভিন্ন বজাৰত অসম নেমুৰ প্ৰসাৰ কৰা। খৰচৰ দিশৰপৰা বিদেশী বজাৰখনত কিছু প্ৰত্যাহ্বান আছে। অৱশ্যে, মুম্বাইৰ দৰে মহানগৰৰ বজাৰত ইতিবাচক সঁহাৰি লাভ কৰিছোঁ। আমি নিয়মীয়াকৈ নেমু মুম্বাইৰ বজাৰলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ সৈতে এখন ৰেফ্ৰিজেৰেটেড ভেনৰ বিষয়ে আলোচনা কৰি আছোঁ। কেঁচা নেমুৰ লগতে ভূটান আৰু নেপালৰ দৰে চুবুৰীয়া দেশসমূহত আমাৰ নেমুৰস যোগানৰ পৰিকল্পনাও কৰি আছোঁ। আমি বজাৰৰ প্ৰত্যাশিত চাহিদা পূৰণ ৰখাৰ বাবে পৰৱৰ্তী গ্ৰীষ্মকালত উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আৰু কিছুমান নতুন যন্ত্ৰপাতি প্ৰৱৰ্তন কৰাৰ দিশতো পৰিকল্পনা কৰি আছোঁ।”