২০২০ চনৰ কথা, ক’ভিড অতিমাৰী ভাৰতত বিয়পি পৰাৰ ঠিক আগতে৷ সেই সময়ত দেশৰ বিভিন্ন স্থানত টেলিকম খণ্ডত কৰ্মৰত ৰাজদীপ বৰা, নিশাত হুছেইন, বৈলাল গংগটে, মোহিত নাৰু আৰু দীপংকৰ ঘোষাল এক আড্ডাত মিলিত হ’ল৷ আন বহুজনৰ দৰে তেওঁলোকেও ইজনে সিজনক লগ পালেই নিজে কিবা এটা কৰাৰ কথা পাতে৷ সেই সময়ত নিশাত আৰু ৰাজদীপে স্পাইচ ব’ৰ্ডৰ বিভিন্নজনৰ সংস্পৰ্শত থাকি মছলা উদ্যোগটোৰ বিষয়ে অধ্যয়ন কৰি আছিল৷ আনফালে মণিপুৰৰ বৈলালৰ ঘৰত এক বিশেষ ধৰণৰ চাহৰ প্ৰচলন আছিল৷ বৈলালে তেওঁৰ পৰিয়ালৰ সৈতে বনৰীয়া চাহৰ এটা বিশেষ প্ৰকল্পত কাম কৰি আছিল৷ দৰাচলতে, এই বনৰীয়া চাহবিধ তেওঁৰ জন্মভূমিত বহু পূৰ্বৰে পৰাই প্ৰচলিত আৰু জ্যেষ্ঠসকলৰ মাজত অত্যন্ত সমাদৃত৷ অৱশ্যে, বিভিন্ন কাৰণত ইয়াৰ কেতিয়াও বাণিজ্যিকীকৰণ কৰা হোৱা নাছিল৷ পাঁচোজনৰ মনলৈ আহিল এই চাহবিধক আমি বজাৰলৈ লৈ নানো কিয়৷ ২০২০ চনৰ এই আড্ডাটোৱেই পাছলৈ জন্ম দিলে এটা ষ্টাৰ্ট আপৰ – ডং ভেলী ক্ৰিয়েশ্যনছ প্ৰাইভেট লিমিটেড৷
কৰ্প’ৰেট খণ্ডৰ চাকৰি বাদ দি পাঁচোগৰাকীয়ে মিলি নিজৰ ষ্টাৰ্ট আপটো আৰম্ভ কৰে৷ চাহৰ উৎপাদন, মিশ্ৰণ, সংৰক্ষণ আৰু পেকেজিঙৰ বাবে গুৱাহাটীৰ গড়চুকত ৫০০০ বৰ্গফুট এলেকাত এটা অত্যাধুনিক নিৰ্মাণ আৰু পেকেজিং গোট স্থাপন কৰে৷ মণিপুৰৰ ৪৫০ বৰ্গ কিল’মিটাৰ অঞ্চলজুৰি থকা একাধিক গাঁৱৰ পৰা সংগ্ৰহ কৰা বনৰীয়া চাহৰ পেকেজিং আৰু যোগান শৃংখলা তেওঁলোকে তাত সম্পন্ন কৰে৷
চীন দেশত বনৰীয়া চাহক অমৃত ৰস আখ্যা দিয়া হৈছিল৷ ৰবাৰ্ট ব্ৰুছে চিংফৌ গাঁৱৰ বিছা গামৰ ঘৰত অসমৰ বনৰীয়া চাহ (Camellia sinensis var. assamica)ৰ সোৱাদ লৈয়ে অসমত চাহখেতিৰ সম্ভাৱনা উদঘাটন কৰিছিল৷ শেহতীয়া গৱেষণা অনুসৰি বনৰীয়া চাহত এণ্টি-অক্সিডেণ্ট আৰু পোষক দ্ৰব্য বাগিছাৰ চাহতকৈ বেছি পোৱা যায়৷ ডং ভেলী ক্ৰিয়েশ্যনছ প্ৰাইভেট লিমিটেডে এই বনৰীয়া চাহৰ সৈতে অন্য কিছুমান বনষৌধি যেনে ভোট জলকীয়া, লাকডং হালধি, কাৰ্বি আদা, তুলসী আদি সংমিশ্ৰণ কৰি বিভিন্ন ফ্লেভাৰৰ পৰীক্ষণ কৰি পেকেজিং কৰিবলৈ আৰম্ভ কৰে আৰু Beyond the ordinaryৰ আহিৰ্ত এটা ব্ৰেণ্ড- বেয়ণ্ডেয়াৰিৰ সৃষ্টি কৰে৷
নিশাত হুছেইনে কয়, “আমাৰ এই প্ৰচেষ্টাই মণিপুৰৰ আঠখন গাঁৱক সাঙুৰি লৈছে৷ এই গাঁওকেইখনৰ বহু পৰিয়ালকো অতিৰিক্ত উপাৰ্জনৰ এটা পথ দেখুৱাব পাৰিছোঁ৷ আমি অন্যান্য কিছুমান উপকৰণ সংগ্ৰহ কৰোঁ ট্ৰিনিটি চায়’ৰ পৰা৷ আমাৰ ভাল লাগে যে তেওঁৰ অধীনতো বহুজনে উপাৰ্জনৰ পথ লাভ কৰিছে৷”
ৰাজদীপে অসম বাৰ্তাক কয়, “আমি কাৰ্বি আংলং, উজনি অসম, জোৱাই, অৰুণাচল আৰু নাগালেণ্ডৰ পৰা শতাধিক থলুৱা আৰু ক্ষুদ্ৰ কৃষকৰ এক শক্তিশালী নেটৱৰ্ক নিৰ্মাণ কৰিছোঁ য’ৰ পৰা আমি বিভিন্ন মছলা আৰু বনৌষধি ক্ৰয় কৰোঁ৷ গুৱাহাটীৰ গড.চুকত অৱস্থিত আমাৰ ফেক্টৰীতো আমি স্থানীয় লোকসকলক অন্তৰ্ভুক্ত কৰিছোঁ৷ আজি গৌৰৱেৰে কওঁ যে প্ৰায় পাঁচ শতাধিক পৰিয়ালক আমাৰ এই ষ্টাৰ্ট-আপটোৰ সৈতে আগুৱাই লৈ যাব পাৰিছোঁ৷”
নিশাতে কয় “আমি টী বেগ ফিলিং, পেকেজিঙৰ পৰা আদি কৰি বেছিভাগ কামেই মানৱ শক্তিৰ দ্বাৰা পৰিচালনা কৰোঁ৷” তেওঁ লগতে কয় যে,“যোৱা আগষ্টত অসম ভ্ৰমণলৈ অহা বিশ্ব বেংকৰ প্ৰতিনিধি দলে আমাৰ ফেক্টৰীটো পৰিদৰ্শন কৰি আমাৰ স্বচ্ছতা আৰু কাম কৰাৰ প্ৰক্ৰিয়াৰো শলাগ লয়৷”
শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অণুজীৱ বিজ্ঞান অধ্যয়ন কৰি ডং ভেলীত কোৱালিটী মেনেজাৰ হিচাপে কৰ্মৰত অপ্পু শইকীয়াই কয়, “মই ইয়াত কেঁচা সামগ্ৰীসমূহৰ মান পৰীক্ষা কৰাৰ লগতে জোখ-মাখ আৰু অন্যান্য তেনেধৰণৰ কামসমূহ কৰোঁ৷” ডং ভেলীৰ বিষয়ে তেওঁ কয় যে “তেওঁলোকৰ এক নিৰ্দিষ্ট দৃষ্টিভংগী আছে৷ তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলক এই দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত সফল হ’ব৷”
ডং ভেলীৰ এগৰাকী নিয়মীয়া গ্ৰাহক হৈছে পেছাত চিকিৎসক আৰু ব্যৱসায়ী আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টা জৰ্জিয়াৰ পূৰ্বি চ’ৰদিয়া৷ তেখেতে বেয়ণ্ডেয়াৰি ক্ৰয় কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত অনলাইন প্লেটফৰ্মৰ জৰিয়তে বিক্ৰী কৰে৷ পূৰ্বিয়ে ইমেইলযোগে অসম বাৰ্তাক কয়, “মই প্ৰথমতে এটা পেকেট ক্ৰয় কৰিছিলোঁ৷ পাছলৈ মই অলপ বেছিকৈ ছেম্পল লওঁ৷ যেতিয়া সকলোৱে ইয়াৰ সোৱাদ লৈ ভাল পালে তেতিয়া মই বেয়ণ্ডেয়াৰি বিক্ৰী কৰাৰ পৰিকল্পনা কৰোঁ৷ এতিয়া মই প্ৰায় ৪০ৰ পৰা ৫০ কেজিপৰ্যন্ত বিভিন্ন ফ্লেভাৰৰ চাহ ডং ভেলীৰ পৰা ক্ৰয় কৰোঁ৷ বেয়ণ্ডেয়াৰিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গ্ৰাহককো প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছে৷”
ডং ভেলীৰ আন এগৰাকী নিয়মীয়া গ্ৰাহক গুৱাহাটীৰ মৃণাল শৰ্মাই কয়, “মই বেয়ণ্ডেয়াৰিৰ ছেম্পল টেষ্টিং কৰিছিলোঁ৷ ইয়াৰ সোৱাদ আৰু ঔষধি গুণে মোক আকৰ্ষিত কৰিলে৷ মই বেয়ণ্ডেয়াৰিৰ বাবে ইম্প’ৰ্টাৰৰ সৈতেও ডং ভেলী ক্ৰিয়েশ্যনছক যোগাযোগ কৰাই দিছোঁ৷”
মেঘালয়ৰ বাসিন্দা ট্ৰিনিটি চিয়াঅ’ৱে ২০২০ চনৰ পৰা ডং ভেলী ক্ৰিয়েশ্যনছলৈ লাকডং হালধি যোগান ধৰি আহিছে৷ তেওঁ অসম বাৰ্তাক কয়, “তেতিয়াৰ পৰা আজিলৈকে আমাৰ যোগান প্ৰায় ৫০ শতাংশ বৃদ্ধি হৈছে৷ তেওঁলোকৰ প্ৰচেষ্টা শলাগযোগ্য আৰু আমি তেওঁলোকলৈ সামগ্ৰী যোগান ধৰি সুখী৷ আমাৰ ৪টা পৰিয়ালে বিভিন্ন সময়ত হালধি, আদা, ডালচেনি, তেজপাত আদি যোগান ধৰে৷”
বৰ্তমান B2B আৰু B2C(অনলাইন) প্ৰক্ৰিয়াৰে ডং ভেলী ক্ৰিয়শ্যনছে নিজৰ ব্যৱসায় পৰিচালনা কৰিছে৷ ভৱিষ্যতে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰসাৰণৰ লগতে, ৰাষ্ট্ৰীয় পৰ্যায়ত এক প্ৰতিষ্ঠিত ব্ৰেণ্ড হোৱাৰ দিশত তেওঁলোকৰ পৰিকল্পনাসমূহ আগুৱাই নিছে৷