প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৯ মে’ত ভিডিঅ’ কনফাৰেন্সযোগে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ্ কৰে৷ গুৱাহাটীক নিউ জলপাইগুৰিৰ সৈতে মাত্ৰ ৫ ঘণ্টা ৩০ মিনিটতে বন্দে ভাৰত এক্সপ্ৰেছে সংযোগ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে নতুনকৈ বৈদ্যুতিকৰণ কৰা ১৮২ কিল’মিটাৰ ৰে’লপথৰ লগতে লামডিঙত নৱনিৰ্মিত ডিইএমইউ/এমইএমইউ শ্বেডৰ উদ্বোধন কৰে৷
উপস্থিত সকলোকে সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত-যোগাযোগ ব্যৱস্থাৰ বাবে এই দিনটোৰ যথেষ্ট গুৰুত্ব আছে কিয়নো তিনিটা উন্নয়নমূলক প্ৰকল্পৰ কাম একেলগে সম্পূৰ্ণ হৈছে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলে প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ লাভ কৰিছে, আনহাতে পশ্চিম বংগক সংযোগ কৰা এইখন হৈছে তৃতীয়খন বন্দে ভাৰত এক্সপ্ৰেছ৷ তেওঁ কয় যে অসম আৰু মেঘালয়ত প্ৰায় ৪২৫ কিল’মিটাৰ ৰে’লপথৰ বৈদ্যুতিকৰণ কৰা হৈছে৷ অসমৰ লামডিঙত উদ্বোধন কৰা নতুন ডিইএমইউ/মেমু শ্বেডৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে আৰু পশ্চিম বংগৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে৷
তেওঁ কয় যে এই বন্দে ভাৰত এক্সপ্ৰেছে কামাখ্যা মন্দিৰ, কাজিৰঙা, মানস ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যকো সংযোগ কৰিব৷ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই অত্যাধুনিক ৰে’লসেৱাই মেঘালয়ৰ চেৰাপুঞ্জি আৰু শ্বিলঙত তথা অৰুণাচল প্ৰদেশৰ টাৱাং আৰু পাছিঘাটত পৰ্যটনৰ সম্ভাৱনীয়তাও বৃদ্ধি কৰিব৷
গুৱাহাটী ৰে’ল ষ্টেচনত ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ ফ্লেগ অফ্ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০১৪ চনৰপৰা দ্ৰুতবেগী ৰে’ল সেৱাকে ধৰি ৰে’ল ব্যয়ত ৪০০%লৈকে বৃদ্ধি আদিৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল নেটৱৰ্কৰ আধুনিকীকৰণ প্ৰচেষ্টাৰ বাবে গ্ৰহণ কৰি থকা পদক্ষেপসমূহৰ এক অন্যতম উল্লেখনীয় সফলতা হৈছে এই অনুষ্ঠান৷