ঐতিহাসিক বড়ো শান্তি চুক্তিৰ ৫ বছৰ সম্পূৰ্ণ হোৱা ক্ষণত বিভিন্ন গুৰুত্বপূর্ণ পদক্ষেপৰ জৰিয়তে এই দিনটো উদযাপন কৰা হয়। বি টি আৰৰ উন্নয়নৰ বাবে উৎসৰ্গিত এই পদক্ষেপসমূহে অঞ্চলবাসীক উপকৃত কৰিব।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বি টি আৰৰ ই এম আৰু এম চি এল এসকলৰ বাবে চৰকাৰী আৱাসৰ উদ্বোধন, কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ শিলান্যাস কৰে। ইয়াৰ লগতে বড়োলেণ্ড আন্দোলনৰ শ্বহীদ আৰু ভুক্তভোগীসকলৰ পৰিয়ালক ৫ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়ায়।
এই বিশেষ উপলক্ষে বি টি আৰৰ বিশিষ্ট শিল্পীসকলক সাংস্কৃতিক বঁটা প্ৰদান কৰা হয় আৰু দুখন স্মৰণিকা — “Educating Bodoland” আৰু “4 Years of Achievements of the Government of BTR” উন্মোচন কৰা হয়।
এই কাৰ্যসূচী উপলক্ষে ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অঞ্চলটোৰ উন্নয়নৰ বাবে “ট্ৰিপল ইঞ্জিন চৰকাৰ”ৰ বাবে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে। তেখেতে ২০২০ চনত দিল্লীত স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ লাভসমূহ বৰ্ণনা কৰি কয় যে বি টি আৰত পূৰ্বে কোনো বিশ্ববিদ্যালয় বা চিকিৎসা মহাবিদ্যালয় নাছিল, কিন্তু চুক্তিৰ পাছত অঞ্চলটোৰ বাবে দুখন বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ’ল।”
তেখেতে বৰ্তমানৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ অগ্ৰগতিসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে ৬,০০০ কিল’মিটাৰ পথৰ ভিতৰত ২,০০০ কিল’মিটাৰৰ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পন্ন হৈছে আৰু বাকী অংশৰ কামো পৰ্যায়ক্ৰমে সম্পূৰ্ণ হ’ব। তেখেতে লগতে কয় চলিত বৰ্ষত পথ উন্নয়নৰ বাবে বি টি চিক ৪০০ কোটি টকা আৱণ্টন দিয়া হৈছে।
আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে পাগলাদিয়া নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰা হ’ব।
গুৱাহাটী-গেলেপু ৰে’ল সংযোগ (চিৰাং জিলাৰ মাজেৰে) স্থাপন কৰা হ’ব, যিয়ে গুৱাহাটী-চিৰাঙৰ যাত্ৰাৰ সময় ২ ঘণ্টালৈ হ্ৰাস কৰিব।
অহা ১৭ ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰত অসম বিধানসভাৰ অধিৱেশনো অনুষ্ঠিত হ’ব বুলি তেখেতে কয়।











