কোকৰাঝাৰৰ ভাৰত-ভূটান সীমান্তৰ সমীপৰ ছিখনা জোহোলাও ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত উল্টাপানীত এটি বাটাৰফ্লাই মিউজিয়াম তথা সংৰক্ষণ আৰু গৱেষণা কেন্দ্ৰ উদ্বোধন কৰা হয়।
এই কেন্দ্ৰটো উদ্বোধন কৰি মন্ত্ৰী ইউ জি ব্ৰহ্মই কয়, “ছিখনা জোহোলাও ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পোৱা অমূল্য পখিলাসমূহৰ সংৰক্ষণৰ বাবে বি টি আৰ চৰকাৰে লোৱা এয়া এক দৃষ্টান্তমূলক পদক্ষেপ। গৱেষকসকলে বিশমুড়ি-উল্টাপানী-সৰলপাৰা অঞ্চলত ২০০ৰো অধিক প্ৰজাতিৰ পখিলাৰ সন্ধান পাইছে বুলি জনাইছে।” তেখেতে সকলোকে এই সংৰক্ষণৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
এই উপলক্ষে শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃত ছিখনা জোহোলাও ৰাষ্ট্ৰীয় উদ্যানখনো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।
বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই এই অনুষ্ঠানত অংশ লৈ কয়, “উদ্ভিদ আৰু প্ৰাণীৰ অনন্য বৈচিত্ৰ্যৰ সমাহাৰ ঘটা ছিখনা জোহোলাও ৰাষ্ট্ৰীয় উদ্যানে বন্যপ্ৰাণীৰ বাবে এক গুৰুত্বপূৰ্ণ বাসস্থান হিচাপে কাম কৰিব। তদুপৰি পৰিৱেশ ভাৰসাম্যতা ৰক্ষা কৰাৰ লগতে বি টি আৰৰ স্থানীয় ৰাইজক উপকৃত কৰি পৰ্যটনক এক নতুন গতি দিব। এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বক কৃতজ্ঞতা জনালোঁ।”
দিঘলী বন শিবিৰ পৰিসৰত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত স্থানীয় ৰাইজ, ছাত্ৰ-ছাত্ৰী, বন বিষয়া, পৰিৱেশ অনুৰাগীসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে ৩১৬ বৰ্গ কিলোমিটাৰত বিস্তৃত এই উদ্যানখন বৃহত্তৰ মানস সংৰক্ষণিত অঞ্চলৰ অংশ আৰু এই অঞ্চলটোৰ আন চাৰিখন উদ্যানক সংযোগ কৰিছে। ইয়াৰ লগে লগে অসম এতিয়া দেশৰ ভিতৰতে সৰ্বোচ্চ ৰাষ্ট্ৰীয় উদ্যান থকা দ্বিতীয়খন ৰাজ্য হিচাপে চিহ্নিত হৈছে।









