নোবেল বঁটাপ্ৰাপক বাংলাদেশৰ বিশিষ্ট অৰ্থনীতিবিদ অধ্যাপক মহম্মদ ইউনুছে ৰাজ্য চৰকাৰক উদ্যমী সৃষ্টিৰ বাবে নিজা শৈক্ষিক নীতি নিৰ্ধাৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়৷ “আমাৰ শিক্ষা ব্যৱস্থাটোত ত্ৰুটি আছে৷ ইয়াত চাকৰি প্ৰত্যাশীসকলক অধিক গুৰুত্ব প্ৰদান কৰা হয়৷ মোৰ মতে চৰকাৰে নতুন নতুন উদ্যমী সৃষ্টিৰ ক্ষেত্ৰতহে গুৰুত্ব প্ৰদান কৰা উচিত৷ চাকৰিমুখী নহৈ আমি নিয়োগ সৃষ্টিকৰ্তাৰ ৰূপত নিজকে সাজু কৰিব লাগে৷” তদুপৰি ইউনুছে তেখেতৰ ভাষণত গ্ৰামীণ বেংকৰ সফলতাৰ বিষয়েও উল্লেখ কৰে৷
২৭ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ৷ এই অনুষ্ঠানত দেশৰ ৩০০ৰো অধিক আমন্ত্ৰিত প্ৰতিনিধি আৰু ১৪খন দেশৰ ৩৫গৰাকী আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব৷ কোকৰাঝাৰক জ্ঞান আৰু শান্তিৰ এক বিশ্বস্তৰীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই উৎসৱৰ আয়োজন কৰা হৈছে৷
ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, গৱেষক, উন্নয়নমূলক কাম-কাজৰ সৈতে জড়িত ব্যক্তিসকল, চৰকাৰী বিষয়া, ৰাজনীতিবিদ, উদ্যোগী, কৃষক আৰু আত্মসহায়ক গোটৰ সদস্যকে ধৰি দহ হাজাৰতকৈ অধিক অংশগ্ৰহণকাৰীয়ে এই মহোৎসৱত ভাগ ল’ব৷
“এই মহোৎসৱ বিটিআৰত অনুষ্ঠিত এক বিশাল কাৰ্যসূচী হিচাপে পৰিগণিত হ’ব৷ এই পদক্ষেপৰ জৰিয়তে কোকৰাঝাৰ আৰু বিটিআৰক শিক্ষা, জ্ঞান অন্বেষণ আৰু পৰ্যটনৰ অন্যতম কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ আমি প্ৰয়াস কৰি আছোঁ,” বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে গুৱাহাটীত যোৱা ২৩ ফেব্ৰুৱাৰীত সংবাদ মাধ্যমক সম্বোধন কৰি কয়৷
“বহু বছৰ ধৰি কোকৰাঝাৰ আৰু বিটিআৰক নেতিবাচক দৃষ্টিৰে দাঙি ধৰা হৈছিল৷ পূৰ্বতে আমি পিছপৰা অঞ্চল হিচাপে পৰিচিত আছিলোঁ৷ কিন্তু, এতিয়া সময় সলনি হৈছে৷ আমি কোকৰাঝাৰ আৰু বিটিআৰক নেতিবাচক শক্তিৰ পৰিৱৰ্তে জ্ঞান অন্বেষণৰ অন্যতম মূল কেন্দ্ৰ হিচাপে জনাজাত হোৱাটো বিচাৰিছোঁ,” তেখেতে কয়৷
বিশ্বৰ লগতে বিটিআৰত সামাজিক উন্নয়নক অগ্ৰাধিকাৰ প্ৰদান আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য ২০৩০ত উপনীত হোৱাৰ উদ্দেশ্যক বাস্তৱ ৰূপ দিয়াটোৱেই হৈছে বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ বিষয়বস্তু৷
জ্ঞান মহোৎসৱত আলোচনা আৰু উপস্থাপন হ’বলগীয়া বিষয়বস্তুসমূহ হ’ল- বিজ্ঞান আৰু প্ৰযুক্তি, জীৱিকা, খিলঞ্জীয়া জ্ঞান ব্যৱস্থা/অন্বেষণ, নাৰী সবলীকৰণ, শিশুৰ অধিকাৰ আৰু সুৰক্ষা, শান্তি স্থাপন, সুশাসন, গণসংযোগ আৰু সংবাদ মাধ্যম, আচৰণগত পৰিৱৰ্তন আৰু যোগাযোগ, মানৱ অধিকাৰ, বহনক্ষম কৃষি, জলবায়ু ন্যায় আৰু ব্যৱস্থা, গুণগত শিক্ষা, স্বাস্থ্য আৰু কল্যাণ, কলা-সংস্কৃতি, যুৱ উদ্যমী, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ, ব্যৱসায়-বাণিজ্য আৰু বিনিয়োগ, বিটিআৰত এক্ট ইষ্ট নীতিৰ প্ৰাধান্য আদি ৷