• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Thursday, February 2, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অন্যান্য ৰাজ্যৰ বাৰ্তা

ফল উৎপাদনেৰে জাতিষ্কাৰ নাগালেণ্ড

AB Bureau by AB Bureau
August 1, 2022
in অন্যান্য ৰাজ্যৰ বাৰ্তা, অসমীয়া
1
0
Fruity tales from Nagaland

অসম বিভিন্ন প্ৰকাৰৰ থলুৱা ফল-মূলৰ সম্ভাৰেৰে পৰিপূৰ্ণ৷ সোণ বগৰী, নৰা বগৰী, ৰবাব টেঙা, জামু, পনিয়ল, অমৰা, নুনি, লেতেকু, বগী জামু, ভোমোৰা, বকুল আদি থলুৱা ফলবোৰ সুস্বাদু হোৱাৰ লগতে এইবোৰে আন্তৰ্জাতিক ফলৰ বজাৰ দখল কৰিব পৰা অপৰিসীম সম্ভাৱনাও আছে৷ ইয়াৰ জৰিয়তে কৃষকসকলৰ সবলীকৰণতো যথেষ্ট সহায়ক হ’ব৷ এই সম্ভাৱনীয়তাক প্ৰকৃতাৰ্থত ফলপ্ৰসূ কৰিবলৈ অসমে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ আৰ্হি অনুসৰণ কৰিব পাৰে৷

নাগালেণ্ডৰ এটি বেচৰকাৰী সংস্থা ‘ট্ৰীজ ফৰ ৱেলথ’-এ (TFW) ৰাজ্যখনৰ ২০০খন গাঁৱক সাঙুৰি ২০২৫ চনৰ ভিতৰত ২ নিযুত ফল গছৰ পুলি ৰোপণ কৰি ১০,০০০ কৃষকৰ সবলীকৰণেৰে নাগালেণ্ডক ‘ভাৰতৰ ফল-মূলৰ প্ৰাণকেন্দ্ৰ’ হিচাপে গঢ়ি তোলাৰ এক অভিলাষী অভিযানৰ পৰিকল্পনা কৰিছে৷ ২০১৯ চনত দ্য আনট্ৰপ্ৰ’নৰ এছ’চিয়েটছে (tEA) এই অভিযানৰ আৰম্ভণি কৰিছিল৷ সংস্থাটোৰ উদ্দেশ্য হ’ল- সমৃদ্ধিশালী জৈৱ-চিত্ৰৰে পূৰ্ণ উত্তৰ-পূবৰ ৰাজ্যসমূহে যাতে ফল গছৰ পুলি ৰোপণৰ জৰিয়তে তেওঁলোকৰ ৰাজহ বৃদ্ধি কৰিব পাৰে৷ যিহেতু উত্তৰ-পূৰ্বাঞ্চলৰ বেছিভাগ থলুৱা সম্প্ৰদায়ৰ মাজত খণ্ডিত ভূমিৰ বিতৰণৰ ধাৰণা আছে আৰু ইয়াত জমিদাৰী প্ৰথা বা মালিকীস্বত্ব নাই গতিকে, কোনোৱে ব্যক্তিগতভাৱে ব্যাপক হাৰত ফলৰ খেতি কৰিব নোৱাৰে৷ কিন্তু, জনসাধাৰণে সমূহীয়াভাৱে অধিক উৎপাদন আৰু বজাৰ দখলৰ প্ৰচেষ্টাৰে ফলৰ খেতি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব পাৰে৷

একেই উদ্দেশ্যেৰে tEA-য়ে ‘মাইক্ৰ’ বাই ৱান, ভলিউম বাই মাচ’ নামেৰে এক আৰ্হি উদ্ভাৱন কৰিছিল৷ ইয়াৰ জৰিয়তে যদি ১ নিযুত কৃষকৰ প্ৰত্যেকে ১০০জোপাকৈ ফল গছৰ পুলি ৰোপণ কৰে তেন্তে মুঠ ১০ কোটি ফল গছৰ অৰিহণা যোগাব পাৰে৷ যদি এই ফল গছৰ পৰা উপাৰ্জিত ধনেৰে কৃষকসকলে গড়ে ১০০০জোপা ফল গছৰ পুলি ৰোপণ কৰে, তেনেহ’লে ইয়াৰ জৰিয়তে ১ নিযুত কৃষকে ১ বিলিয়ন পুলি ৰোপণ কৰিব পাৰে৷ এই পদক্ষেপে উত্তৰ- পূৰ্বাঞ্চলৰ বাবে ১ ট্ৰিলিয়ন টকাৰ থলুৱা অৰ্থনীতি গঢ় দিয়াৰ লগতে এজোপা গছৰ পৰা প্ৰতি বছৰে ১০০০ টকাকৈ উপাৰ্জন কৰাৰ বাট মুকলি কৰিব৷

ফল উৎপাদনক এক কাৰ্যকৰী আৰু দীৰ্ঘম্যাদী জীৱিকা হিচাপে গ্ৰহণ কৰিবলৈ নাগালেণ্ডৰ কৃষকসকলক যাতে অনুপ্ৰাণিত তথা উৎসাহিত কৰিব পাৰি, তাৰবাবে এই অভিনৱ পদক্ষেপৰ অধীনত প্লাম, কমলা, নেমু টেঙা, মধুৰিআম, পাৰ্চিমন, আভাকাডো, আম, ডিমৰু, নগা বিলাহী, আখৰোট, নাচপতি, লিচু আদি দ্ৰুত ফলদায়ী গছ ৰোপণ কৰাত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে৷ এই আন্দোলন আৰম্ভ হোৱাৰ পাছৰে পৰা এই পৰ্যন্ত ৪.৬ লাখ ফলৰ পুলি ৰোপণ কৰা হৈছে আৰু এনজিঅ’টোৱে ২০২২ চনৰ শেষৰ ফালে অতিৰিক্ত ৫ লাখ গছপুলি ৰোপণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ এই আন্দোলনৰ জৰিয়তে লজিষ্টিক, ৱেৰহাউছিং আৰু খাদ্য সংশাধনীকৰণ উদ্যোগসমূহত বৃহৎ সুযোগ সৃষ্টি হোৱাৰ ফলত অঞ্চলটোত প্ৰায় ৫ নিযুত লোকক নিযুক্তি প্ৰদান কৰিব পৰা যাব বুলি আশা কৰা হৈছে৷

দ্য আনট্ৰপ্ৰ’নৰ এছ’চিয়েটছ-ৰ মুখ্য কাৰ্যবাহী বিষয়া নেইচুট ডৌলোৱে অসম বাৰ্তাক কয়, “জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত ১ বিলিয়ন ফলৰ পুলি ৰোপণ কৰাটো আমাৰ এটি সৰু প্ৰয়াসহে মাথোঁ৷ tEA-য়ে ট্ৰীজ ফৰ ৱেলথ আন্দোলনৰ উদ্ভাৱন কৰিছিল যাতে যিকোনো প্ৰজাতিৰ এজোপা গছপুলি ৰোপণ কৰাৰ বিপৰীতে এজোপা ফলৰ পুলি ৰোপণ কৰা হয়, তেন্তে ইয়াৰ জৰিয়তে ধন উপাৰ্জনো কৰিব পৰা যাব৷ এনেধৰণৰ পদক্ষেপে কৃষকসকলক ভৱিষ্যতে আৰু বহুতো গছ ৰোপণ কৰিবলৈ উৎসাহিত কৰিব আৰু উপাৰ্জিত ধনে তেওঁলোকৰ সন্তানৰ শিক্ষা সুচল কৰাৰ লগতে গাঁওবাসীক অৰ্থনৈতিক সুৰক্ষাও প্ৰদান কৰিব৷”

এই উদ্যোগটো অসমলৈও সম্প্ৰসাৰিত কৰিব পৰা যাবনে বুলি সোধা প্ৰশ্নৰ উত্তৰত ডৌলোৱে কয় যে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰি জনসাধাৰণৰ সৈতে তেওঁৰ সম্যক জ্ঞানৰ বিনিময় কৰিবলৈ পালে অত্যন্ত সুখী অনুভৱ কৰিব৷

“অসমেও এই আন্দোলনৰ পথ অনুসৰণ কৰিব পাৰে৷ এই আন্দোলন সম্পূৰ্ণৰূপে ৰাইজৰ ওপৰত নিৰ্ভৰশীল৷ চৰকাৰে সুবিধাসমূহ প্ৰদান কৰি ইয়াৰ প্ৰচাৰৰ ব্যৱস্থা কৰিলে এই আন্দোলনে কাৰ্যকৰী ৰূপ ল’ব পাৰে৷ ফলৰ খেতি কৰিবলৈ বিচৰা আগ্ৰহী বেচৰকাৰী সংগঠন বা চৰকাৰী বিভাগৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিবলৈ আমি সাজু,” তেওঁ লগতে কয়৷
অসম বাৰ্তাৰ সৈতে হোৱা ইমেইল বাৰ্তালাপত নাগালেণ্ডৰ ফেক জিলাৰ এগৰাকী কৃষক থেজোজ্জো কেজোৱে তেওঁৰ জীৱনটোক সঠিক পথত পৰিচালিত কৰোৱাৰ বাবে ট্ৰীজ ফৰ ৱেলথ আন্দোলনক কৃতিত্ব প্ৰদান কৰে৷ যিহেতু তেওঁৰ স্কুলীয়া শিক্ষা আধৰুৱা হৈ ৰৈছিল সেইবাবে এই আন্দোলনৰ সৈতে জড়িত হোৱাৰ পূৰ্বে জীৱনত কেনেদৰে সংস্থাপন লাভ কৰিব সেই বিষয়ে তেওঁ কিছু শংকিত হৈছিল বুলিও উল্লেখ কৰে৷

“স্কুলীয়া শিক্ষা সম্পুৰ্ণ নোহোৱাৰ বাবে জীৱনত কেনেদৰে সংস্থাপন লাভ কৰিম সেই বিষয়ে চিন্তা কৰি থাকোঁতেই মই ‘ট্ৰীজ ফৰ ৱেলথ’ আন্দোলনৰ জৰিয়তে ফল উৎপাদনৰ বিষয়ে অৱগত হৈছিলোঁ৷ টিইএ-য়ে যোৱা বছৰ মোৰ ফলৰ বাগিচাখনৰ বাবে প্ৰয়োজনীয় পলী বেগ আৰু সেউজ আৱৰণ গৃহ স্থাপনত সহায় কৰিছিল৷ চলিত বৰ্ষতেই মই পুলি বিক্ৰী কৰি প্ৰায় ২ লাখ টকা উপাৰ্জন কৰিছোঁ আৰু বছৰটোৰ শেষলৈ মই প্ৰায় ১০০০ জোপা পাৰ্চিমন, ৫০০ জোপা নগা বিলাহী আৰু ১০০০ জোপা মৰ পুলি ৰোপণৰ পৰিকল্পনা কৰিছোঁ৷ মই আশাবাদী যে কেইবছৰমান পাছত মোৰ আয় বৃদ্ধি কৰিব পাৰিম আৰু মোৰ গাঁৱত এখন নিজা ঘৰ নিৰ্মাণ কৰাৰ লগতে বিয়াখনো নিজৰ খৰচত পতাৰ মোৰ দীৰ্ঘদিনীয়া সপোন পূৰণ কৰিব পাৰিম৷ টিএফডব্লিউ-এ মোক নিজৰ গাঁৱতে স্ব-নিয়োজিত কৰি তুলিছে৷ গাঁৱৰ মাটিখিনি ব্যৱহাৰ কৰি উপাৰ্জনৰ পথ মোকলাব পাৰিম বুলি মই কেতিয়াও ভবা নাছিলোঁ আৰু এই পথ আমাক দেখুওৱাই দিয়াৰ বাবে মই tEA-ক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷”

এই সংস্থাটোৱে নাগালেণ্ড চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰাও প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ নাগালেণ্ড চৰকাৰৰ উদ্যানশস্য বিভাগৰ অতিৰিক্ত সঞ্চালক ৱাই বংটি কন্যাকে অসম বাৰ্তাক কয় যে এই পদক্ষেপে জনসাধাৰণৰ বাবে সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি তেওঁ দৃঢ় বিশ্বাসী৷

“আনট্ৰপ্ৰ’নৰ এছ’চিয়েটছে হাতত লোৱা ২ নিযুত পুলি ৰোপণৰ প্ৰচেষ্টা যথেষ্ট প্ৰশংসনীয়৷ ই নিশ্চিতভাৱে পৰিৱেশ সম্পৰ্কীয় বিভিন্ন সমস্যা হ্ৰাস কৰিব, পুষ্টিগত প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে উপাৰ্জনৰ পথ মুকলি কৰি সংস্থাপনৰ সুযোগো সৃষ্টি কৰিব৷ মই tEA-ক শুভেচ্ছা জ্ঞাপন কৰিছোঁ,” তেওঁ কয়৷

ShareTweetShare

Related Posts

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
0
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
0
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
0
মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
0
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
0
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
0
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In