• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Tuesday, February 7, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

পৰ্যটন খণ্ডক উদ্যোগৰ মৰ্যাদা প্ৰদান অসম কেবিনেটৰ

AB Bureau by AB Bureau
January 1, 2023
in অনিৰুদ্ধ অসম, অসমীয়া
0
0
পৰ্যটন খণ্ডক উদ্যোগৰ মৰ্যাদা প্ৰদান অসম কেবিনেটৰ

কাজিৰঙাৰ যুৱক কৃষ্ণ কিংকৰ নাথ ছেভেন ছিষ্টাৰ্ছ ট্যুৰ্ছ এণ্ড ট্ৰেভেলছ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰ৷ ক’ভিড-১৯জনিত পৰিস্থিতিৰ ফলত বেয়াকৈ প্ৰভাৱিত হোৱাৰ পাছত এইবাৰ তেওঁৰ জীৱন আৰু জীৱিকা পুনৰ ঠন ধৰিবলৈ আৰম্ভ কৰিছে৷ শেহতীয়াকৈ অসম কেবিনেটে গ্ৰহণ কৰা এটা বিশেষ সিদ্ধান্তত তেওঁ বৰ উৎফুল্লিত৷ “আমাৰ দীৰ্ঘদিনীয়া সপোন এটা আজি পূৰণ হোৱা যেন অনুভৱ হ’ল৷ অসম চৰকাৰৰ এই পদক্ষেপে পৰ্যটন ক্ষেত্ৰত নতুন কিবা এটা কৰাৰ হাবিয়াস ৰখা আমাৰ দৰে যুৱপ্ৰজন্মক যথেষ্ট উৎসাহিত কৰিব৷ উদ্যোগ ঘোষণাৰ বাতৰিটো পোৱাৰ পাছত আমিও নতুন নীতিৰ আধাৰত নতুন কিছুমান পদক্ষেপ গ্ৰহণৰ কথা ভাবিছোঁ৷”

যোৱা ১৯ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম মন্ত্ৰীসভাৰ কেবিনেটে ৰাজ্যৰ পৰ্যটন খণ্ডক উদ্যোগৰ মৰ্যাদা প্ৰদানৰ বাবে অনুমোদন জনায়৷ এই অনুমোদনে ৰাজ্যিক ঔদ্যোগিক নীতিৰ লাভালাভ অৰ্জন কৰিবলৈ পৰ্যটন বিভাগৰ দ্বাৰা ট্যুৰ অপাৰেটৰ হিচাপে স্বীকৃত কৃষ্ণ কিংকৰ নাথৰ দৰে পৰ্যটন খণ্ডৰ অধীনস্থ আন গোটসমূহকো বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰাৰ দুৱাৰ মুকলি কৰিলে৷

“টেৰ’ৰিজমৰ পৰা টুৰিজিমলৈ- অসমে এক সুদীৰ্ঘ যাত্ৰা সম্পূৰ্ণ কৰিছে৷ গতিকে, অসম কেবিনেটে ৰাজ্যৰ পৰ্যটন খণ্ডক উদ্যোগৰ মৰ্যাদা দিয়াটো নিসন্দেহে এক ঐতহাসিক সিদ্ধান্ত,’’ উত্তৰ-পূৰ্বাঞ্চলৰ এটি অন্যতম টুৰ অপাৰেটিং সংস্থা ক’য়েলি ট্যুৰ্ছ এণ্ড ট্ৰেভেলছৰ মুখ্য কাৰ্যবাহী বিষয়া অৰিজিৎ পুৰকায়স্থই অসম বাৰ্তাক কয়৷ তেওঁ লগতে কয়, “বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজতো অসমৰ পৰ্যটন খণ্ডই নিজস্বতা বাহাল ৰাখি ক্ৰমান্বয়ে আগুৱাই আজিৰ পৰ্যায়ত উপনীত হৈছেহি৷ এই সিদ্ধান্তৰ ফলত প্ৰত্নতাত্ত্বিক পৰ্যটনৰ সমল থকা স্থানসমূহক একোটা আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰলৈ উন্নীত কৰাত যথেষ্ট সহায়ক হ’ব৷”

উল্লেখযোগ্য যে পূৰ্বতেও থ্ৰী ষ্টাৰ হোটেল তথা ৰিজৰ্ট আৰু নদী পৰিভ্ৰমণস্থলীসমূহ অসম ঔদ্যোগিক নীতিৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ অধীনত অন্তৰ্ভুক্ত আছিল যদিও ঔদ্যোগিক নীতিৰ মুখ্য ক্ষেত্ৰসমূহত আন কেইবাটাও নতুন পৰ্যটন গোট, যেনে হেৰিটেজ হোটেল / ম’টেল / বাজেট হোটেল / অতিথি গৃহ, বাংলো, কেম্পিং ছাইট, ৰেষ্টুৰেণ্ট/কেফেটেৰিয়া, বিনোদন পাৰ্ক, ৰ’পৱে’, সংগ্ৰহালয়, ট্যুৰ অপাৰেটৰ সেৱা, দুঃসাহসিক উদ্যান, জল ক্ৰীড়া আদিও অন্তৰ্ভুক্ত কৰা হ’ব৷ ই সামগ্ৰিকভাৱে বিভিন্ন পৰ্যটন গোট আৰু সামগ্ৰিকভাৱে খণ্ডটোক অসমৰ বিনিয়োগ আৰু ঔদ্যোগিক নীতিৰ অধীনত উপলব্ধ লাভালাভ প্ৰাপ্ত কৰাত উৎসাহিত কৰিব৷

পৰ্যটকৰ কেমেৰাত বন্দী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নান্দনিক দৃশ্য (ফটো: কৃষ্ণ কিংকৰ নাথ)

কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেলত সম্বোধন কৰি পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, “ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বাবে অসমক কেন্দ্ৰবিন্দু হিচাপে গঢ দিয়াৰ. যথেষ্ট সম্ভাৱনা আছে আৰু ই ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনত মুখ্য পৰ্যটন খণ্ডক উদ্যোগৰ মৰ্যাদা প্ৰদান অসম কেবিনেটৰ অৱদানকাৰীৰূপে পৰিগণিত হ’ব৷ পৰ্যটন খণ্ডক প্ৰদান কৰা উদ্যোগৰ মৰ্যাদাই ৰাজ্যখনৰ পৰ্যটন-আধাৰিত অৰ্থনীতিৰ বিকাশত এক দৃষ্টান্তমূলক পৰিৱৰ্তনৰ সূচনা কৰিব৷” তেওঁ লগতে উল্লেখ কৰে যে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি)ৰ জৰিয়তে আন্তঃগাঁথনি বিকশিত হ’ব, যি এটা অঞ্চলৰ সামগ্ৰিক বিকাশত যথেষ্ট অৰিহণা যোগাব৷

অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই অসম বাৰ্তাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কয়, “কেবিনেটৰ এই সিদ্ধান্তই নদী পৰ্যটনৰ ক্ষেত্ৰত অসমৰ যি ব্যাপক সম্ভাৱনীয়তা আছে তাক বিকশিত কৰাৰ দিশত নতুন গতি আনিব৷ পৰ্যটন উদ্যোগৰ সৈতে জড়িত প্ৰতিজন ব্যক্তি, প্ৰতিষ্ঠান, ব্যক্তিগত খণ্ডৰ পৰ্যটন উদ্যোগী আদি সকলোকে এই নীতিৰ সদ্ব্যৱহাৰ কৰিবলৈ মই আহ্বান জনাইছোঁ৷”

“আমাৰ মূল লক্ষ্য হৈছে পৰ্যটন খণ্ডলৈ ব্যক্তিগত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা৷ এই সন্দৰ্ভত পৰ্যটন আৰু উদ্যোগ বিভাগে মিলি নিৰ্দিষ্ট ম’ডালিটী প্ৰস্তুত কৰিব আৰু যাৱতীয় নীতি-নিৰ্দেশনা প্ৰদান কৰিব,” অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক তথা পৰ্যটন সচিব কুমাৰ পদ্মপাণি বৰাই অসম বাৰ্তাক কয়৷ তেওঁ লগতে কয়, “ৰাজ্যৰ বাহিৰৰ পৰ্যটকৰ আগমন বৃদ্ধি হ’লে নিয়োগ সৃষ্টিৰ লগতে অৰ্থনৈতিক উন্নয়নত শক্তিশালী প্ৰভাৱ পৰিব৷ গতিকে, আমি এনেধৰণৰ আন্তঃগাঁথনি নিৰ্মাণত গুৰুত্ব দিম যিয়ে বাহিৰৰ পৰ্যটকক অসমলৈ আহিবলৈ আকৰ্ষিত কৰে৷ বিনিয়োগৰ সমান্তৰালভাৱে আমাৰ সেৱাসমূহো উন্নত পৰ্যায়ৰ কৰাত গুৰুত্ব দিয়া হ’ব যাতে পৰ্যটকসকলে আহি লাভ কৰা অভিজ্ঞতাৰ বাবে তেওঁলোকে আনকো এই বিষয়ে অৱগত কৰে৷”

ShareTweetShare

Related Posts

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
4
যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
2
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
4
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
4
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
6
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
4
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In