অসম চৰকাৰৰ পৰিবহণ বিভাগে যোৱা আৰু চলিত বিত্তীয় বৰ্ষত অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ কৰিছে৷ বিভাগটোৱে এই বছৰৰ ৩১ জানুৱাৰীলৈকে ৰাজ্যখনত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ হৈছে ১০৪৫.৩১ কোটি টকা আৰু অন্তিম তিনিটা মাহত ৪৫৪.৬৯ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য গ্ৰহণ কৰিছে৷
অসম চৰকাৰৰ পৰিবহণ বিভাগৰ আয়ুক্ত আদিল খানে কয়, ‘‘আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে সকলো কাম সমাপন কৰিবলৈ সহজ হৈছে৷ ১০০% ডিজিটেল আৰু অনলাইন লেনদেনৰ ফলত পূৰ্বৰ সমস্যাসমূহৰ ওৰ পৰিছে৷ তদুপৰি পৰিবহণ বিভাগৰ সেৱাসমূহৰ অনলাইন আৰু সংযোগবিহীন উপলভ্যতাই জনসাধাৰণক বিভিন্নধৰণে উপকৃত কৰিছে৷”
প্ৰদান কৰা লক্ষ্যৰ বিপৰীতে সৰ্বাধিক ৰাজহ সংগ্ৰহৰ শীৰ্ষত থকা তিনিখন জিলা হৈছে ক্ৰমে ডিমা হাছাও, দক্ষিণ শালমৰা আৰু যোৰহাট৷ মুঠ ৰাজহ সংগ্ৰহৰ শীৰ্ষত থকা তিনিখন জিলা হৈছে ক্ৰমে কামৰূপ মহানগৰ, ডিব্ৰুগড় আৰু নগাঁও৷ (বিশদ বিৱৰণৰ বাবে বক্সত চাওক)
কামৰূপ মহানগৰ জিলাতে ৰাজহ সংগ্ৰহৰ পৰিমাণ যোৱা বছৰৰ ২১৪ কোটিৰ বিপৰীতে এই বছৰৰ ৩১ জানুৱাৰীলৈকে ২৮৬ কোটিৰ অতিক্ৰম কৰিছে৷ কামৰূপ মহানগৰৰ জিলা বিভাগৰ পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসে কয়, “আমি বাহন কৰ সংগ্ৰহৰ ক্ষেত্ৰত সজাগতা অনাৰ প্ৰয়াস কৰিছোঁ আৰু ইয়াৰ সফলতাও পৰিলক্ষিত হৈছে৷ আমি কৰ সংগ্ৰহৰ অভিযানো চলাই আছোঁ৷” পৰিবহণ বিভাগে শীঘ্ৰে বহিঃৰাজ্যৰ পঞ্জীয়নভুক্ত ব্যৱসায়িক আৰু ব্যক্তিগত বাহনৰ ক্ষেত্ৰত অভিযান আৰম্ভ কৰাৰ বিষয়ে উল্লেখ কৰি তেখেতে কয়, “ডিজিটেল প্ৰক্ৰিয়াৰ বাবে বৰ্তমান কৰ প্ৰদান বা অনুজ্ঞাপত্ৰ লাভ কৰা আদি জনসাধাৰণৰ বাবে যথেষ্ট সহজ হৈ পৰিছে৷”
ডিমা হাছাও জিলা পৰিবহণ বিষয়া অৰুণ কুমাৰ বৰাই অসম বাৰ্তাৰ সৈতে হোৱা টেলিফ’নিক বাৰ্তালাপত কয়, “২২ ফেব্ৰুৱাৰীলৈকে আমাৰ জিলাক প্ৰদান কৰা লক্ষ্যৰ প্ৰায় ৯৫% ৰাজহ সংগ্ৰহ কৰা হৈছে৷ নতুন গাড়ীৰ পঞ্জীয়নৰ লগতে পুৰণি গাড়ীৰ কৰ সংগ্ৰহৰ জৰিয়তে আমি এই লক্ষ্যত উপনীত হৈছোঁ৷ পৰিবহণ বিভাগৰ মাননীয় আয়ুক্ত ডাঙৰীয়াৰ নিৰ্দেশনাত আমি সক্ৰিয়ভাৱে সজাগতা আৰু অভিযান চলাই আছোঁ৷”