• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Tuesday, March 21, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

পৰিবহণ খণ্ডত পৰিৱৰ্তনৰ সূচনা

AB Bureau by AB Bureau
August 1, 2022
in অনিৰুদ্ধ অসম, অসমীয়া
14
0
পৰিবহণ খণ্ডত পৰিৱৰ্তনৰ সূচনা

অসম চৰকাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অমিয় মিশ্ৰ আৰু উদ্যোগপতি দিলীপ গোৱেংকাই কেতিয়াও ইজনে আনজনক লগ পোৱা নাই৷ আনকি ইজনে আনজনৰ বিষয়ে শুনাও নাই৷ কিন্তু, অতি সোনকালেই তেওঁলোকৰ মাজত এটা সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনা আছে, য’ত এজনে আনজনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ’ব পাৰে৷ গোৱেংকাৰ পঞ্জীভুক্ত বাহন স্ক্ৰেপেজ প্ৰতিষ্ঠানটো(RVSF)ৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই হয়তো মিশ্ৰৰ পুৰণি i10 (আই টেন) গাড়ীখন উক্ত প্ৰতিষ্ঠানটোলৈ লৈ যাবলগীয়া হ’ব পাৰে৷ ইয়াতেই অসম চৰকাৰৰ বাহন স্ক্ৰেপেজ নীতি ২০২২-ৰ নিৰ্দেশনাৰ ভিত্তিত মিশ্ৰই তেওঁৰ বাহনখনৰ বিপৰীতে উপযুক্ত মূল্য লাভ কৰিব৷

এই নীতিৰ উদ্দেশ্য বহুমুখী হিচাপে অভিহিত কৰিব পাৰি৷ যান-বাহন নিয়ন্ত্ৰণৰ পৰা আদি কৰি পৰিৱেশ প্ৰদূষণ আৰু অনৱীকৰণযোগ্য শক্তিৰ অতিৰিক্ত ব্যৱহাৰ ৰোধ কৰাৰ ক্ষেত্ৰতো এই নীতিয়ে সহায় কৰিব৷

নীতিত উল্লেখ কৰা অনুসৰি, “দিনকদিনে বৃদ্ধি পোৱা যান-বাহন বিশেষকৈ পুৰণি যান-বাহনৰ বাবে পৰিৱেশ প্ৰদূষণ আৰু অনৱীকৰণযোগ্য শক্তিৰ অতিৰিক্ত ব্যৱহাৰ বৃদ্ধি পাইছে৷ অবৈজ্ঞানিক পদ্ধতিৰে কৰা যান-বাহনৰ স্ক্ৰেপেজেও বায়ু, জল আৰু ভূমি প্ৰদূষণত অৰিহণা যোগাই আহিছে৷”

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অসম বাৰ্তাক জনায়, “আগতে অসমৰ কোনো পুৰণি বাহনৰ স্বত্বাধিকাৰীয়ে যদি অনুভৱ কৰে যে তেওঁৰ বাহনখন স্ক্ৰেপেজলৈ যাব লাগে, তাৰ বাবে কোনো স্ক্ৰেপেজ নীতি ৰাজ্যখনত নাছিল৷ এতিয়া নতুন স্ক্ৰেপেজ নীতিৰ ফলত বাহনৰ স্বত্বাধিকাৰীয়ে তেওঁৰ পুৰণি বাহনখনৰ সঠিক মূল্যও পাব আৰু প্ৰদূষণ নিয়ন্ত্ৰণ তথা ইন্ধন সংৰক্ষণৰ ক্ষেত্ৰত অৰিহণাও যোগাব পাৰিব৷” তেখেতে লগতে উল্লেখ কৰে, “এই স্ক্ৰেপেজ নীতিৰ লগতে অসম চৰকাৰৰ ইলেক্টি˜ক বাহন নীতিয়ে এই ক্ষেত্ৰত এক যুগান্তকাৰী পৰিৱৰ্তন আনিব৷ বৈজ্ঞানিক স্ক্ৰেপেজে বহু উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰ সৃষ্টি কৰিব, যি অৰ্থনীতিতো ইতিবাচক প্ৰভাৱ পেলাব৷ এইক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ মই অসম চৰকাৰৰ হৈ ৰাইজক অনুৰোধ জনাইছোঁ৷”

তথ্য অনুসৰি অসমত ১৫ বছৰতকৈ পুৰণি (End of Life Vehicle- ELV) প্ৰায় ১০ লাখ বাহন আছে আৰু অহা পাঁচ বছৰত অতিৰিক্ত ৮ লাখ গাড়ীয়ে এই সময়সীমা অতিক্ৰম কৰিব৷ পঞ্জীয়ন প্ৰমাণ পত্ৰ নথকা বাহন, ফিটনেছৰ প্ৰমাণ পত্ৰ নথকা বাহন, ১৫ বছৰ পুৰণি সকলো চৰকাৰী, ৰাজহুৱা খণ্ড, চৰকাৰী সংস্থা আৰু স্বায়ত্ত পৰিষদৰ বাহন, সংঘৰ্ষ, অগ্নিকাণ্ড, প্ৰাকৃতিক দুৰ্যোগ আৰু দুৰ্ঘটনা আদিত নষ্ট হোৱা বাহনসমূহৰ লগতে বাহন স্ক্ৰেপেজ নীতি ২০২২১ তালিকাভুক্ত বাহনসমূহ স্ক্ৰেপিং কৰা হ’ব৷ ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাৰ ভিত্তিতেই অসম চৰকাৰে বাহন স্ক্ৰেপেজ নীতি ২০২২ ৰূপায়ণ কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে৷

এই নীতিৰ অধীনত গধুৰ যান-বাহনৰ বাবে ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা আৰু মধ্যমীয়া ওজন কঢ়িওৱা আৰু লঘু বাহনৰ বাবে ২০২৪ চনৰ ১ জুনৰ পৰা ফিটনেছৰ প্ৰমাণ পত্ৰ স্বয়ংক্ৰিয় টেষ্টিং ষ্টেচনৰ পৰা গ্ৰহণ কৰাটো বাধ্যতামুলক কৰা হ’ব৷

অসম চৰকাৰৰ পৰিবহণ আয়ুক্ত আদিল খানে অসম বাৰ্তাক কয়, ‘‘স্ক্ৰেপেজ নীতিয়ে প্ৰদূষণ ৰোধ কৰাৰ লগতে এক চক্ৰীয় অৰ্থনীতিৰ বাট মুকলি কৰিব৷” তেখেতে লগতে কয়, ‘‘যদি কোনো ব্যক্তিয়ে এখন বাহন স্ক্ৰেপিঙৰ বাবে আনে তেওঁ নিৰ্ধাৰিত মূল্যৰ উপৰি এখন স্ক্ৰেপেজৰ প্ৰমাণ পত্ৰও পাব৷ এই প্ৰমাণ পত্ৰখনৰ আধাৰত তেওঁ নতুন গাড়ী ক্ৰয় কৰিলে ব্যক্তিগত বাহন আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত বাহন কৰত ক্ৰমে ২৫ শতাংশ আৰু ১৫ শতাংশ ৰেহাই পাব লগতে বাহনৰ পঞ্জীয়ন মূল্যত সম্পূৰ্ণ ৰেহাই পাব৷ ইলেক্ট্ৰিক বাহনৰ ক্ষেত্ৰত ইলেক্ট্ৰিক বাহন নীতি – ২০২১ৰ আধাৰত প্ৰাপ্য ৰেহাইৰ লগতে পাছৰ পৰ্যায়ত স্ক্ৰেপেজ নীতিৰ সুবিধাও লাভ কৰিব পাৰিব৷

“যদি কোনো বাহনৰ অনাদায় কৰ আছে সেই বাহনৰ গৰাকীয়ে স্বইচ্ছাৰে স্ক্ৰেপেজ কৰিলে তেখেতে বকেয়া কৰৰ ওপৰত ৭৫ শতাংশলৈ ৰেহাই পাব৷” লগতে, তেখেতে কয় যে অবৈজ্ঞানিকভাৱে কৰা স্ক্ৰেপেজ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব৷ “অহা ডিচেম্বৰ মাহৰ ভিতৰত ১৫ বছৰৰ পুৰণি সকলো চৰকাৰী বাহন স্ক্ৰেপেজ কৰা হ’ব, ” আদিল খানে কয়৷
ৰঙিয়াত স্থাপন হ’বলগীয়া দিলীপ গেৱেংকাৰ RVSF-টো হৈছে অসমৰ প্ৰথমটো পঞ্জীভুক্ত বাহন স্ক্ৰেপেজ প্ৰতিষ্ঠান৷ RVSF স্থাপনৰ বাবে অসম চৰকাৰে ঔদ্যোগিক আৰু বাণিজ্য নীতিৰ অধীনত বিদ্যুৎ ৰাজসাহায্য, জেনেৰেটৰ ছেটৰ ৰাজসাহায্য, আদায় কৰা ‘ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ’ৰ ১০০ শতাংশ ঘূৰাই পোৱা আদি বহুতো সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে৷
“পঞ্জীয়নভুক্ত বাহন স্ক্ৰেপেজ প্ৰতিষ্ঠানসমূহক এক উদ্যোগৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তাক ধন্যবাদ জনাইছোঁ৷ আমাৰ RVSF স্থাপনৰ পৰিকল্পনাটোৰ ৰূপায়ণৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় স্ক্ৰেপেজ নীতিৰ কথা ঘোষণা কৰাৰ পাছতেই ২০২১ চনৰ ৩ ছেপ্টেম্বৰত অসম চৰকাৰৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰোঁ”, উদ্যোগপতি দিলীপ গোৱেংকাই কয়৷”

অৱশ্যে, অমিয় মিশ্ৰই এতিয়াই তেওঁৰ পুৰণি গাড়ীখন স্ক্ৰেপেজত দিয়াৰ পৰিকল্পনা কৰা নাই যদিও তেখেতে এই নীতিক “আদৰণীয় পদক্ষেপ” হিচাপে অভিহিত কৰিছে৷

ShareTweetShare

Related Posts

Ganga Vilas docks on Assam’s shore
বিশেষ বাৰ্তা

গংগা বিলাস : বগীবিলত যাত্ৰা সম্পূৰ্ণ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী জাহাজে

March 3, 2023
576
Assam’s Bihu shot at Guinness
বিশেষ বাৰ্তা

বিহুটিক গীনিজ বুকৰ পৃষ্ঠাত খোদিত কৰাৰ লক্ষ্য

March 2, 2023
997
‘These two days are special’
বিধায়কৰ বাৰ্তা

মাতৃ-পিতৃ বন্দনা : দুটা বিশেষ দিন

March 2, 2023
688
Vety Dept to be revamped : CM
বিশেষ বাৰ্তা

পুনৰুজ্জীৱিত কৰা হ’ব পশু চিকিৎসা বিভাগক : মুখ্যমন্ত্ৰী

March 2, 2023
675
Yunus opens BTR Knowledge Fest
বিশেষ বাৰ্তা

বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ শুভাৰম্ভণি

March 2, 2023
793
Over 41 lakh evaluated in Gunotsav 2023
বিশেষ বাৰ্তা

গুণোৎসৱ ২০২৩ৰ সফল সমাপ্তি

March 2, 2023
721
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In