বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰম ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ-বিদেশত সমাদৃত আধ্যাত্মিক গুৰুগৰাকীৰ জীৱনাদৰ্শক স্বচক্ষে প্ৰত্যক্ষ কৰাৰ ইচ্ছা প্ৰকাশ কৰে৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা ৩ ফেব্ৰুৱাৰীত ভিডিঅ’ কনফাৰেন্সযোগে বৰপেটাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত বিশ্ব শান্তিৰ উদ্দেশ্যে আয়োজন কৰা কৃ্ষ্ণগুৰু একনাম অখণ্ড কীৰ্তনৰ ধৰ্মালোচনী সভাক সম্বোধন কৰি তেখেতৰ এই ইচ্ছা সদৰি কৰে৷
বিশ্ব শান্তিৰ উদ্দেশ্যে অনুষ্ঠিত এই এমাহজোৰা কৃ্ষ্ণগুৰু একনাম অখণ্ড কীৰ্তনৰ আৰম্ভণি হৈছিল যোৱা ৬ জানুৱাৰীৰ পৰা৷
ধৰ্মালোচনী সভাত সমবেতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰাচীন ভাৰতৰ মহৎ জ্ঞান, সেৱা আৰু মানৱতাবাদী পৰম্পৰাৰ চিৰস্থায়ী ধাৰাক আধুনিক সমাজত কৃ্ষ্ণগুৰুৱে প্ৰসাৰিত কৰিছিল৷ আধ্যাত্মিক গুৰুগৰাকীৰ মহান কৰ্মৰাজি আৰু তাৰ প্ৰচাৰ-প্ৰসাৰৰ দিশত তেওঁৰ শিষ্যসকলৰ প্ৰচেষ্টাক হৃদয়ংগম কৰাৰ বিষয়েও তেখেতে উল্লেখ কৰে৷
প্ৰতি বাৰ বছৰৰ মূৰত অনুষ্ঠিত কৃষ্ণগুৰু অখণ্ড একনাম জপ পৰম্পৰাৰ প্ৰসংগ দাঙি ধৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্তব্যনিষ্ঠাৰে আধ্যাত্মিক অনুষ্ঠান আয়োজন কৰা ভাৰতীয় পৰম্পৰাৰ বিষয়ে উল্লেখ কৰে৷ “এনে অনুষ্ঠানসমূহে ব্যক্তি আৰু সমাজত কৰ্তব্যবোধৰ পুনৰ জাগৰণ কৰে৷ এনে পৰম্পৰাই পাৰ হৈ যোৱা বাৰটা বছৰৰ পৰিঘটনাবোৰৰ আলোচনা আৰু বিশ্লেষণ কৰি বৰ্তমানক মূল্যাংকন কৰিবলৈ আৰু ভৱিষ্যতৰ বাবে এক নীতি প্ৰস্তুত কৰিবলৈ সমাজক উদ্বুদ্ধ কৰে,” তেওঁ কয়৷
সমবেত ৰাইজক উদ্দেশ্যি তেখেতে কয়, “একনাম অখণ্ড কীৰ্তনে এক শক্তিশালী পৰম্পৰা গঢ়ি তুলিছে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্য তথা আধ্যাত্মিক চেতনাক বিশ্বৰ সন্মুখত প্ৰতিফলিত কৰিছে৷”
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সকলোকে লগত লৈ (সবকা সাথ) সকলোৰে উত্তৰণ (বিকাশ)ক পৰম নিষ্ঠাৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যে জনসাধাৰণৰ উন্নতিৰ দিশত ৰাষ্ট্ৰই কাম কৰি গৈছে৷
অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এই অঞ্চলটো বিগত কেইবা দশক ধৰি অৱহেলিত হৈ আছিল৷ কিন্তু, এতিয়া উত্তৰ-পূৰ্বাঞ্চলক সৰ্বতোপ্ৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে৷
এই বছৰৰ বিত্তীয় বাজেটৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পিছপৰাসকলক সম-অধিকাৰ প্ৰদানৰ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতিত পৰ্যটনৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই বছৰৰ বাজেটত ৫০টাকৈ পৰ্যটনস্থলীৰ বিকাশ আৰু উন্নীতকৰণৰ বাবে লোৱা ব্যৱস্থাই অঞ্চলটোক যথেষ্ট লাভান্বিত কৰিব৷ প্ৰধানমন্ত্ৰীয়ে তেখেতৰ ভাষণত গংগা বিলাস ক্ৰুজৰ বিষয়েও উল্লেখ কৰে (উল্লেখ্য যে যোৱা ১৮ ফেব্ৰুৱাৰীত গংগা বিলাস অসমত উপস্থিত হৈছিল)৷ তেওঁ কয় যে ভাৰতীয় ঐতিহ্যৰ আটাইতকৈ মূল্যৱান সম্পদসমূহ হৈছে নৈপৰীয়া৷
কৃষ্ণগুৰু সেৱাশ্ৰমে পৰম্পৰাগত শিল্পীসকলৰ দক্ষতা বিকাশৰ বাবে লোৱা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে দেশত যোৱা কেইটামান বছৰত পৰম্পৰাগত দক্ষতাৰ বিকাশ আৰু শিল্পীসকলক বিশ্ববজাৰৰ সৈতে সংযুক্ত কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব প্ৰগতি পৰিলক্ষিত হৈছে৷ বাঁহৰ সৈতে জড়িত আইনৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনে বাঁহ ব্যৱসায়ৰ নতুন পথ মুকলি কৰিছে বুলিও তেওঁ মন্তব্য কৰে৷
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বাজেটত প্ৰস্তাৱিত ‘ইউনিটী মল’সমূহে অসমৰ কৃষক, শিল্পী আৰু যুৱপ্ৰজন্মক তেওঁলোকৰ সৃষ্টিশীল সামগ্ৰী প্ৰদৰ্শনত সহায় কৰিব৷ এই সামগ্ৰীসমূহ অন্যান্য ৰাজ্য আৰু বিভিন্ন পৰ্যটনস্থলীৰ ইউনিটী মল সমূহত প্ৰদৰ্শন কৰা হ’ব৷
প্ৰধানমন্ত্ৰী মোদীয়ে গামোচাৰ প্ৰতি থকা তেওঁৰ আদৰৰ বিষয়ে উল্লেখ কৰি কয় যে গামোচাই অসমীয়া শিপিনীসকলৰ কঠোৰ পৰিশ্ৰম আৰু দক্ষতাক প্ৰতিফলিত কৰে৷ তেওঁ কয় যে বাজেটত এই আত্মসহায়ক গোটসমূহৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ “মহিলাসকলৰ উপাৰ্জনক তেওঁলোকৰ সৱলীকৰণৰ মাধ্যম হিচাপে গঢ়ি তুলিবলৈ ‘মহিলা সন্মান সঞ্চয় প্ৰমাণপত্ৰ’ আঁচনিও আৰম্ভ কৰা হৈছে৷ মহিলাসকলে সঞ্চয়ত অধিক সুতৰ সুবিধা লাভ কৰিব পাৰিব,” তেওঁ কয়৷
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আবণ্টন বৃদ্ধি কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, “উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ যেনে অসম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয়ৰ মহিলাসকল ব্যাপকভাৱে লাভান্বিত হ’ব পৰা বহুতো ব্যৱস্থা এই বাজেটত গ্ৰহণ কৰা হৈছে৷ এতিয়া তেওঁলোকৰ বাবে ন-ন সুযোগৰ সৃষ্টি কৰা হ’ব৷”
পৰম্পৰাগত শিল্পীসকলক লাভান্বিত কৰিবলৈ প্ৰস্তুত কৰা প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কৌশল যোজনাৰ বিষয়ে সজাগতাৰ ক্ষেত্ৰত কাম কৰাৰ লগতে শেহতীয়াকৈ শ্ৰী অন্ন ৰূপে অভিহিত কৰা জোৱাৰ শস্যকো জনপ্ৰিয় কৰিবলৈ তেওঁ সেৱাশ্ৰম কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনায়৷