মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ১০ জুলাইত অনুষ্ঠিত অসম কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ভিতৰত এখন আঁচনিত অনুমোদন জনোৱা হয়। দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ জ্ঞানৰ যাত্ৰাত সহায়ক হোৱাকৈ মেট্ৰিক পৰীক্ষা পৰ্যন্ত প্ৰতিমাহে ৩০০ টকাকৈ প্ৰদানৰ পদক্ষেপৰ কথা ঘোষণা কৰা হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলক এই পদক্ষেপৰ অধীনত সামৰি লোৱা হ’ব আৰু ৪.৩৫ লাখ ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব। আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা আৰু পুষ্টিৰ দিশটো শক্তিশালী কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হ’ব। ২০২৫ চনৰ ১ নৱেম্বৰৰ পৰা ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ প্ৰতিমাহে এই আৰ্থিক অনুদান আগবঢ়োৱা হ’ব। এই অনুদান প্ৰত্যক্ষ লাভালাভ হস্তান্তৰযোগে প্ৰেৰণ কৰা হ’ব যাতে শিক্ষাৰ্থীসকলে নিজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰে। এই আঁচনিৰ লাভালাভ প্ৰাপ্তি কৰিবলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে পূৰণ কৰা প্ৰপত্ৰখন কাৰ্যকৰী হ’ব। এই প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া অহা ১ ছেপ্টেম্বৰ-৩১ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হ’ব।