প্ৰাকৃতিক কৃষিক ৰাজ্যৰ কৃষিক্ষেত্ৰত প্ৰসাৰতা প্ৰদানৰ উদ্দেশ্যে যোৱা ১৯ মে’ত অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ‘প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৩’ অনুষ্ঠিত কৰা হয়৷
ৰাজ্যৰ ৩,৫০০তকৈও অধিক কৃষকে অংশগ্ৰহণ কৰা এই সন্মিলনত মুখ্য অতিথিৰূপে উপস্থিত থাকি দেশৰ প্ৰাকৃতিক কৃষিক্ষেত্ৰত উল্লেখনীয় কাম কৰা গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে কয়, “আমাৰ পূৰ্বপুৰুষৰদ্বাৰা পৰম্পৰাগতভাৱে কৰি অহা প্ৰাকৃতিক কৃষিৰ অসমত বিপুল সম্ভাৱনা আছে আৰু অসমৰ কৃষকে ‘প্ৰাকৃতিক কৃষি’ক এক জনআন্দোলনৰূপে গঢ়ি ইয়াৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে৷”
সমবেত কৃষক ৰাইজৰ সৈতে প্ৰত্যক্ষভাৱে মত বিনিময় কৰি তেখেতে প্ৰাকৃতিক কৃষিৰ সুবিধা তথা ইয়াৰ বিধিসমূহৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰে৷ তেওঁ লগতে কয় যে অনাগত বছৰবোৰত প্ৰাকৃতিক কৃষি ব্যাপকভাৱে সফল হ’ব আৰু কৃষকসকলে যিমান শীঘ্ৰে এই পৰিৱৰ্তনৰ অংশীদাৰ হ’ব পৰিব সিমানেই ইয়াৰ সুফল লাভ কৰিব৷
এই সন্মিলনৰ সৈতে সংগতি ৰাখি বীমাকৃত কৃষকসকলৰ মাজত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ২৩৬.৬৩ কোটি টকাৰ ক্ষতিপূৰণ বিতৰণ কাৰ্যসূচীৰো শুভাৰম্ভণি কৰা হয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আঁচনিখনৰ অধীনত বীমাৰ ক্ষতিপূৰণ লাভ কৰা কৃষকসকলক আনুষ্ঠানিকভাৱে ফচল বীমাৰ চেক প্ৰদান কৰে৷
“মই শালিখেতি কৰাৰ লগতে হাঁহ-কুকুৰা পালন কৰোঁ৷ যোৱাবাৰ বানপানীৰ ফলত মোৰ শস্য আৰু খেতিপথাৰৰ বিস্তৰ ক্ষতিসাধন হৈছিল৷ মোক হোজাইৰ কৃষি কাৰ্যালয়ৰপৰা ফোনযোগে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিষয়ে যেতিয়া জনোৱা হ’ল মই যথেষ্ট সকাহ পালোঁ,” নগাঁও জিলাৰ হোজাইৰ কৃষক ৱাইছং তেৰাঙে কয়৷
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত প্ৰাকৃতিক কৃষিক প্ৰসাৰিত কৰাৰ পৰামৰ্শৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়, “সম্প্ৰতি বাঢ়ি অহা ৰাসায়নিক সাৰযুক্ত খাদ্যৰপৰা হোৱা কেঞ্চাৰ, বৃক্ক আৰু লিভাৰৰ ৰোগ আদি স্বাস্থ্যজনিত সমস্যাসমূহপৰা উদ্ধাৰ পোৱাৰ বাবে প্ৰাকৃতিক কৃষিৰ বাহিৰে আন বিকল্প একো হ’ব নোৱাৰে৷” লগতে, যুক্তি আৰু বিজ্ঞানৰ জৰিয়তে প্ৰাকৃতিক কৃষিৰ গুৰুত্বৰ বিষয়ে অসমৰ কৃষকসকলক সজাগ কৰাৰ বাবে তেখেতে গুজৰাটৰ ৰাজ্যপালগৰাকীক ধন্যবাদ জনায়৷
কৃষকসকলক সম্বোধন কৰি কৃষিমন্ত্ৰী অতুল বৰাই কয়, “মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদৰ্শনত ৰাজ্যত কৃষিখণ্ডলৈ অভূতপূৰ্ব পৰিৱৰ্তন অনাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰি থকা হৈছে৷ ৰাজ্যৰ কৃষিখণ্ডত বাণিজ্যিক ভিত্তিত প্ৰাকৃতিক কৃষিৰ সংযোজনে ৰাজ্যৰ ১৫খন জিলাৰ ২০ হাজাৰ হেক্টৰ কৃষিভূমি সামৰি ল’ব আৰু ২০,০০০তকৈ অধিক কৃষকক উপকৃত কৰিব৷”
গুজৰাটৰ প্ৰথম মহিলা দৰ্শনা দেৱী, উত্তৰাখণ্ডৰ কৃষিমন্ত্ৰী গণেশ যোশী, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় যোগেন মহন, নন্দিতা গাৰ্লোচা, কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস কুমাৰ ভূটানী, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ ডেকাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰা এই প্ৰাকৃতিক কৃষি
সন্মিলনে ৰাজ্যৰ প্ৰাকৃতিক কৃষিখণ্ডলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিব পাৰে৷