প্ৰশাসনৰ সুবিধা আৰু ৰাজ্যৰ সকলোৰে সম-উন্নয়নৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৬ ছেপ্টেম্বৰত উদ্বোধন কৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সচিবালয়ৰ৷
নতুন মুখ্যমন্ত্ৰী সচিবালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আৰু প্ৰকল্পসমূহৰ নিৰীক্ষণ সুনিশ্চিত কৰিব৷ নখন জিলা ক্ৰমে ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাটৰ ২১,২৬৪ বৰ্গ কিলোমিটাৰৰ প্ৰায় ৭৯ লাখ জনসংখ্যা এই মুখ্যমন্ত্ৰী সচিবালয়ৰ জৰিয়তে লাভান্বিত হ’ব পাৰিব৷ এই মুখ্যমন্ত্ৰী সচিবালয়ে এই ৯খন জিলাৰ প্ৰশাসনীয় সংযোগ বৃদ্ধি কৰাৰ লগতে অভিযোগ আৰু আৱেদনৰ নিষ্পত্তি দ্ৰুত কৰি তুলিব৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২৩ বৰ্ষৰ এক কেবিনেট সিদ্ধান্তৰ ৰূপায়ণ নিশ্চিত কৰে৷ এই সিদ্ধান্তত ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়, বহুকেইটা গুৰুত্বপূৰ্ণ উদ্যোগ আৰু অসংখ্য চাহ বাগিচাৰ বাবে বিখ্যাত ডিব্ৰুগড়ত এটা সচিবালয় স্থাপনৰ বিষয়ে উল্লেখ কৰা হৈছিল৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নতুন সচিবালয়ে এই নখন জিলাৰ বাবে প্ৰশাসনিক কাম-কাজ তদাৰক কৰিব৷
ড॰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে ডিব্ৰুগড় সচিবালয়ক প্ৰযুক্তিগতভাৱে ৰাজধানী সচিবালয়ৰ সৈতে একত্ৰিত কৰা হ’ব৷ এই ব্যৱস্থাৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰৱচ্ছিন্ন প্ৰশাসন আৰু কাৰ্যকৰী দক্ষতা সুনিশ্চিত কৰিব পৰা যাব বুলি উল্লেখ কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰি কয় যে এই একত্ৰীকৰণে দুয়োটা মুখ্যমন্ত্ৰী সচিবালয়ৰ মাজত একতা নিশ্চিত কৰিব৷ ডিব্ৰুগড় আৰু উজনি অসমৰ অন্যান্য জিলাৰ প্ৰশাসন আৰু উন্নয়নমূলক কাৰ্যপ্ৰণালীৰ ক্ষেত্ৰত এক সুসংহত দৃষ্টিভংগী ৰক্ষা কৰিব পৰা যাব৷ ডিব্ৰুগড়ৰ গুৰুত্ব দিনে দিনে বৃদ্ধি পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কেবিনেট মন্ত্ৰীসকলৰ বাবে ভৱনৰ লগতে মুখ্য সচিবৰ বাবে সচিবালয়ৰ এটা অংশ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে৷ আঞ্চলিক সভা আৰু অনুষ্ঠানসমূহ অনুষ্ঠিত কৰাৰ সুবিধাৰ বাবে ১,০০০গৰাকী লোকক আতিথ্য প্ৰদান কৰিব পৰা ক্ষমতাসম্পন্ন এটা অত্যাধুনিক সন্মিলন কেন্দ্ৰ আৰু প্ৰেক্ষাগৃহও ইয়াত স্থাপন কৰা হ’ব৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে তেওঁৰ ভ্ৰমণকালত প্ৰতিটো সমষ্টিৰ বাবে ব্যাপক আলোচনা কৰিব পৰাকৈ তিনি ঘণ্টাকৈ অধিৱেশন নিশ্চিত কৰা হ’ব৷ এই অধিৱেশনসমূহত অমীমাংসিত বিষয়সমূহৰ উত্থাপন আৰু সমাধান কৰিবলৈ বিধায়ক, উপায়ুক্ত, চক্ৰ বিষয়া, ভাৰপ্ৰাপ্ত বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু অন্যান্য বিষয়াসকলো উপস্থিত থাকিব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা তেওঁ গুৱাহাটীতে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব যদিও গণতন্ত্ৰ দিৱসত তেখেতে ডিব্ৰুগড়ত পতাকা উন্মোচন কৰিব৷ তেওঁ লগতে ঘোষণা কৰে যে অহা বছৰৰ ডিচেম্বৰৰ ভিতৰত ডিব্ৰুগড়ত অসম সচিবালয়ৰ এটা অংশ স্থাপন কৰা হ’ব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বাস ব্যক্ত কৰে যে এই পদক্ষেপসমূহে এখন গুৰুত্বপূৰ্ণ জিলা আৰু এখন চহৰৰ ৰূপত ডিব্ৰুগড়ৰ মৰ্যাদা বৃদ্ধি কৰিব৷ তেওঁ কয় যে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ দিশত ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷