এডভাণ্টেজ আছাম ২.০-ৰ সফলতা প্ৰশংসাৰ যোগ্য। কঠোৰ পৰিশ্ৰম আৰু পৰিকল্পনাই এই সফলতাক সম্ভৱ কৰি তুলিছে। কিন্তু যিকোনো ক্ষেত্ৰতেই বুজাবুজিৰ চুক্তি এটি মাথোঁ আৰম্ভণিহে। ইয়াৰ ক্ষেত্ৰত কোনো বাধ্যতামূলক অংগীকাৰ নাথাকে। ব্যৱসায়িক নেতাসকলে এনে চুক্তিত স্বাক্ষৰ কৰাত অভ্যস্ত যাতে তেওঁলোকৰ হাতত বিকল্প থাকে। কিন্তু শেষত অসম চৰকাৰে আগবঢ়োৱা সুবিধা আৰু তৃণমূল পৰ্যায়ৰ ব্যৱস্থাপনাৰ ওপৰতে সকলো নির্ভৰ কৰিব, যাতে এই বুজাবুজিৰ চুক্তিসমূহ প্ৰকৃত অৰ্থত বিনিয়োগত পৰিণত হয়।
অসম চৰকাৰে নিশ্চিত কৰিব লাগে যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত কৰা এই কঠোৰ পৰিশ্ৰমে যেন সঁচা অৰ্থত সফলতাৰ ৰূপ পায়। বিনিয়োগকাৰীৰ লগত যোগাযোগ বৰ্তাই ৰাখি সংশ্লিষ্ট সকলো দিশ নিৰ্ধাৰিত সময় অনুযায়ী অনুসৰণ কৰা আদিয়ে স্পষ্ট ইংগিত বহন কৰিব যে অসমে ব্যৱসায় তথা উদ্যমিতাৰ ক্ষেত্ৰখনত গুৰুত্ব দি আছে।
তদুপৰি এডভাণ্টেজ আছাম ২.০-ক সফল কৰি তুলিবলৈ সকলোৰে অৱদান আছে বুলিও সমাজলৈ এটি স্পষ্ট বাৰ্তা যোৱা উচিত। এই সন্মিলনৰ বাবে বিনিয়োগ উপযোগী কেইবাটাও খণ্ডক চৰকাৰে সু-পৰিকল্পিতভাৱে বাছনি কৰিছে। এতিয়া এই নতুন পৰিৱেশটোক বাস্তৱ ৰূপ দিয়াটোৱেই হ’ব অসম চৰকাৰৰ কৰ্তব্য। যদিহে ৫০% পৰ্যন্তও প্ৰতিশ্রুতি পূৰণ হয়, তেন্তে নিশ্চিতভাৱে এই এডভাণ্টেজ আছামৰ প্ৰথম সংস্কৰণৰ পৰা কিছু পৃথক ৰূপ দেখিবলৈ পোৱা যাব আৰু অসম উন্নয়নৰ নতুন পথলৈ আগুৱাই যাব।










