কামৰূপ জিলাৰ ছয়গাঁও চহৰৰ পৰা প্ৰায় ৫ কিল’মিটাৰ উত্তৰে অৱস্থিত চোলপাৰা গাঁৱৰ বাসিন্দা আয়নুল হক (৪৬) পেছাত এজন খেতিয়ক৷ বৃহত্তৰ গৰৈমাৰী অঞ্চলৰ অন্তৰ্গত চোলপাৰা গাঁওখন কৃষি আৰু উদ্যানশস্যৰে চহকী৷
২০২০ চনৰ অক্টোবৰত গাঁওখনৰ আন কেইবাজনো কৃষকৰ দৰেই আয়নুল হকেও ছয় বিঘা মাটিত ৰবি শস্যৰ খেতি আৰম্ভ কৰে৷ “মই ফুলকবি, বন্ধাকবি আৰু স্থানীয় জাতৰ বেঙেনাৰ খেতি কৰিছিলোঁ৷ আৰম্ভণিতে সকলো ঠিকেই আছিল৷ কিন্তু, এদিন ৰাতি অহা ধাৰাসাৰ বৰষুণজাকে আমাৰ শস্যবোৰ নষ্ট কৰি পেলোৱাত মোৰ সপোনবোৰ ভাঙি চূৰমাৰ হৈ পৰিল,” আয়নুলে কয়৷
সৌভাগ্যক্ৰমে তেওঁ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY)ৰ অধীনত তেওঁৰ ৰবি শস্যৰ খেতিৰ বীমা কৰোৱাইছিল৷ “যিহেতু ফচল বীমা যোজনাৰ অধীনত মোৰ ৰবি শস্যৰ খেতিৰ বীমা কৰোৱা হৈছিল সেয়েহে মই ক্ষতিপূৰণৰ বাবে আবেদন জনাইছিলোঁ৷ সঠিকভাৱে নিৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত মোক ৪,১০০ টকাৰ ক্ষতিপূৰণ দিয়া হ’ল৷ টকাখিনি মোৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হৈছিল,” সেই দিনকেইটাৰ কথা সুঁৱৰি আয়নুলে এইদৰে কয়৷
পিএমএফবিৱাই হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত ‘খাৰিফ ২০১৬’ৰ অধীনত প্ৰৱৰ্তন কৰা এক শস্য বীমা আঁচনি৷ আৰম্ভণিৰে পৰা ই বতৰৰ অনিশ্চয়তাৰ ফলত হোৱা ক্ষয়-ক্ষতি প্ৰশমন কৰি পৰিশ্ৰমী কৃষকসকলক অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷
অসমতো ২০১৬ চনৰ পৰা এই বীমা আঁচনিৰ ৰূপায়ণ কৰা হৈছে আৰু কৃষি বিভাগে আঁচনিখনক সফলভাৱে কাৰ্যক্ষম কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে৷
প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ৰাজ্যিক ন’ডেল বিষয়া মকিবুৰ ৰহমানে কয় যে এই আঁচনিখনে শস্য বীমাৰ পৰিসৰত সৰ্বাধিক কৃষকক সামৰি লোৱাৰ পৰিকল্পনা কৰাৰ লগতে বীজ ৰোপণৰ পৰা শস্য চপোৱাৰ সময়লৈকে হোৱা অপ্ৰত্যাশিত ক্ষয়-ক্ষতিৰ বাবদ তেওঁলোকক ক্ষতিপূৰণ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷
“কৃষকসকল সজাগ হোৱাৰ লগতে ইয়াৰ বৈশিষ্ট্যসমূহৰ বিষয়ে তেওঁলোকে যদি ভালদৰে বুজি উঠে তেন্তে আঁচনিখনৰ জৰিয়তে অধিক হিতাধিকাৰী লাভান্বিত হ’ব,” মকিবুৰ ৰহমানে কয়৷
মৰিগাঁও জিলা সদৰৰ পৰা প্ৰায় ১২ কিল’মিটাৰ উত্তৰে লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাজ্ঞকৃষকলৈ সকাহৰ মন্ত্ৰ বৰিবন্ধা গাঁৱৰ বাসিন্দা গোবিন মেধিও(৫৯) পেছাত এগৰাকী খেতিয়ক৷ গাঁওখনৰ ৯৫%তকৈ অধিক লোক কৃষিকাৰ্যৰ সৈতে জড়িত৷
মেধিয়ে মূলতঃ শালি আৰু বৰোধানৰে খেতি কৰে৷ বাৰিষা কালত অঞ্চলটো বান সমস্যাৰ মুখামুখি হ’বলগীয়া হয়৷ “২০১৯ চনত যেতিয়া আমি কৃষি বিষয়াসকলৰ দ্বাৰা আয়োজিত এক সজাগতা শিবিৰত এই আঁচনিখনৰ বিষয়ে শুনিছিলোঁ, তেতিয়াই বুজিছিলোঁ যে আঁচনিখন আমাৰ দৰে কৃষকসকলৰ বাবেই ৰূপায়ণ কৰা হৈছে৷ ২০২০ চনত মই এক হেক্টৰ শালিধানৰ খেতিৰ বাবে পিএমএফবিৱাইত বীমা কৰাইছিলোঁ৷ সেই বছৰ আমাৰ জিলাখনত হোৱা প্ৰবল বানৰ ফলত শালিধানসমূহ সম্পূৰ্ণ নষ্ট হৈছিল৷ মই আঁচনিখনৰ অধীনত ক্ষতিপূৰণৰ বাবে আৱেদন কৰিছিলোঁ আৰু যথা সময়ত ক্ষতিপূৰণ লাভ কৰিছিলোঁ৷” এক হেক্টৰ শালিখেতি ক্ষতিৰ বাবদ ২,৪০০ টকা লাভ কৰা বুলি জনাই গোবিন মেধিয়ে লগতে কয় যে “সেয়া আছিল পিএমএফবিৱাইৰ সৈতে হোৱা মোৰ প্ৰথম অভিজ্ঞতা৷ প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰা আমাৰ দৰে কৃষকসকলৰ বাবে এই আঁচনিখন যথেষ্ট ফলপ্ৰসূ৷ ইয়াৰ অধীনত আৰু অধিক কৃষক সংযোজিত হোৱা উচিত৷”
এক হেক্টৰলৈকে মাটিত কৃষকৰ বীমা-কিস্তি অসম চৰকাৰৰ ৰাজসাহায্যৰ অন্তৰ্ভুক্ত আছিল৷ চলিত বৰ্ষত পিএমএফবিৱাইৰ অধীনত ১ হেক্টৰ পৰ্যন্ত মাটিত নথিভুক্ত শস্যৰ খেতি কৰা কৃষকসকলে মাত্ৰ ১০০ টকাত এই বীমা লাভ কৰিব পাৰিব৷
“অসমত পিএমএফবিৱাইৰ অধীনত খাৰিফ শস্য হিচাপে মাটিমাহ, শালিধান আৰু মৰাপাট আৰু ৰবি শস্য হিচাপে গ্ৰীষ্মকালীন ধান, আলু, কুঁহিয়াৰ আৰু সৰিয়হ সামৰি লোৱা হৈছে,” মকিবুৰ ৰহমানে কয়৷
বিটিআৰ, কেএএচি আৰু এনচিএইচএচি অঞ্চলৰ বাহিৰে ৰাজ্যৰ সকলো জিলাতে গাঁও পঞ্চায়ত পৰ্যায়ত এই বীমা আঁচনিখন ৰূপায়ণ কৰা হৈছে৷ ৰবি ২০২১-২২ৰ বাবে আগন্তুক তিনি বছৰলৈ পাঁচটা বীমা কোম্পানীক তালিকাভুক্ত কৰা হৈছে৷
বজালী জিলাৰ পাঠশালাৰ পৰা প্ৰায় সাত কিল’মিটাৰ নিলগৰ চালদাহ গাঁৱৰ অৱনী দাস (৩৫) আধি খেতি কৰা এগৰাকী ব্যক্তি৷ প্ৰতিবছৰে বাৰিষা কালত কালদিয়া আৰু পহুমাৰা নদীৰ বাঢ়নী পানীয়ে গাঁওখনৰ কৃষকসকলে কষ্টেৰে কৰা খেতিডৰা উটুৱাই লৈ যায়৷
“২০২০ চনত সাত বিঘা মাটিত শালিধানৰ খেতি কৰিবৰ বাবে মই নিজৰ নাম পিএমএফবিৱাইত অন্তৰ্ভুক্ত কৰিছিলোঁ৷ সেই বছৰেই অহা এক প্ৰলয়ংকৰী বানত মোৰ আটাইখিনি শস্য ক্ষতিগ্ৰস্ত হৈছিল৷ পিএমএফবিৱাইৰ অধীনত খেতিৰ বীমা নকৰোৱা হ’লে মোৰ কি অৱস্থা হ’লহেঁতেন? বীমা বিষয়া আৰু কৃষি বিভাগৰ প্ৰতিনিধিয়ে ক্ষতিৰ মূল্যায়ন কৰি মোৰ বেংক একাউণ্টত ১৪,৮৫০ টকা জমা কৰালে,” অৱনী দাসে কয়৷