অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমৰ বাবে চিৰদিনৰ বন্ধু আৰু শুভাকাংক্ষী। প্ৰধানমন্ত্ৰীগৰাকীৰ শেহতীয়া গুৱাহাটী ভ্ৰমণৰ অংশ হিচাপে ১১,৬০০ কোটি টকাৰ কেইবাটাও আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনৰ সময়ত আদৰণী ভাষণ প্ৰদান কৰি ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ব্যক্ত কৰে। তেখেতে লগতে উল্লেখ কৰে যে এদিনতে ১১,৬০০ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাটো অসমৰ বাবে এক বৃহৎ সফলতা।
মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে অসমৰ প্ৰতি থকা প্ৰধানমন্ত্ৰীৰ সদিচ্ছাৰ বাবে শান্তি চুক্তি স্বাক্ষৰিত হৈছে। সংযুক্ত মুক্তি বাহিনী, অসম (আলফা) আৰু ৰাজ্যখনৰ অন্যান্য বিদ্ৰোহী গোটসমূহৰ সৈতে হোৱা শান্তি চুক্তিয়ে এক সুস্থ সমাজ ব্যৱস্থা সৃষ্টি কৰাত অৰিহণা যোগোৱাৰ লগতে ৰাজ্যখনৰ বিকাশ আৰু প্ৰগতিৰ নতুন পথ মুকলি কৰিব বুলি তেখেতে ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “সমগ্ৰ ৰাজ্যতে শান্তি ঘূৰি অহাৰ ফলত হাজাৰ হাজাৰ যুৱক-যুৱতীক মূলসুঁতিলৈ ওভতাই অনাটো সম্ভৱ হৈছে, যিসকলে এতিয়া ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত নিজৰ অৰিহণা আগবঢ়াই আছে।
“বিগত তিনি বছৰত ধৰ্মঘট-আন্দোলনৰ আদি পন্থা পৰিহাৰ কৰাৰ বাবে তেখেতে অসমৰ জনসাধাৰণক কৃতিত্ব প্ৰদান কৰে। ইয়াৰ ফলত চৰকাৰে ৰাজ্যখনৰ উন্নয়নক এক নতুন ৰূপেৰে আগুৱাই নিব পাৰিছে বুলি তেখেতে উল্লেখ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা প্ৰধানমন্ত্ৰীৰ ইতিবাচক দৃষ্টিভংগীৰ বাবে ৯.১৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ ভূপেন হাজৰিকা সেতু (ধলা-শদিয়া সেতু)ৰ দৰে প্ৰকল্পসমূহে ৰাজ্যখনৰ বিকাশৰ বাট উজলাই তুলিছে। নদী দ্বীপ মাজুলীৰ সৈতে সংযোগ কৰা ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ প্ৰকল্পৰ বাবে তেখেতে প্ৰধানমন্ত্ৰীক কৃতিত্ব দিয়ে। নুমলীগড়-গহপুৰ সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ সুৰংগ পথ, শুৱালকুছি-পলাশবাৰী সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং, সমগ্ৰ ৰাজ্যত ১৭খন কৰ্কট ৰোগ চিকিৎসালয়, অসম মালাৰ অধীনত পথ আন্তঃগাঁথনিৰ উন্নয়ন, এটা সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ), গুৱাহাটীৰ চাৰিওফালে ৰিং ৰোড, ৰে’ল আন্তঃগাঁথনিৰ উন্নীতকৰণ, ৰাজ্যখনত অৰুণোদয় আৰু প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ সুবিধা প্ৰদান কৰা আদি পদক্ষেপে ৰাজ্যখনৰ উত্তৰণত অৰিহণা যোগাইছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বাস ব্যক্ত কৰে যে ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশ আৰু উন্নয়নৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰচেষ্টা আৰু দিহা-পৰামৰ্শই অসমক অনাগত দিনবোৰত দেশৰ এখন অগ্ৰণী ৰাজ্য হিচাপে জিলিকাই তোলাত সহায় কৰিব।
ৰাজ্যখনৰ জনসাধাৰণক ধৰ্মঘট আৰু আন্দোলনৰ পৰিৱৰ্তে কৰ্ম-সংস্কৃতি আৰু উন্নয়নক গ্ৰহণ কৰিবলৈ তেখেতে আহ্বান জনায়। “অসমক বিকাশ আৰু উন্নয়নৰ এক নতুন পৰ্যায়লৈ লৈ যোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ,” মুখ্যমন্ত্ৰীয়ে লগতে কয়।