প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম চৰকাৰৰ চৰকাৰী সেৱাত নতুনকৈ নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলক অভিনন্দন জনাই কয় যে এই নিযুক্তিয়ে অসমৰ যুৱপ্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি চৰকাৰে প্ৰদান কৰা গুৰুত্বক প্ৰতিফলিত কৰিছে৷
তেওঁ এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ ৪৪,৭০৩গৰাকী নৱ-নিযুক্তক সম্বোধন কৰি এনেদৰে কয়৷
ভাষণ প্ৰসংগত ব’হাগ বিহুৰ সময়ত অসম ভ্ৰমণ কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অসমৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ বিহুৰ সেই বৃহৎ অনুষ্ঠানটো তেখেতৰ সোঁৱৰণীৰ মানস পটত সতেজ হৈ আছে৷
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “অসমত শান্তি আৰু উন্নয়নৰ এক নতুন যুগৰ সূচনা হৈছে আৰু এই গতিয়ে ইতিবাচকতা আৰু অনুপ্ৰেৰণা প্ৰবাহিত কৰিছে৷” মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিচালনাত আৰম্ভ হোৱা এই প্ৰক্ৰিয়াসমূহৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমত প্ৰত্যক্ষ নিযুক্তি আয়োগ গঠন কৰি চৰকাৰী নিযুক্তিক স্বচ্ছ কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়৷
অমৃত কালৰ পৰৱৰ্তী ২৫ বছৰ সেৱা কালৰ দৰেই গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আমি সকলোৱে আজাদী কা অমৃত কালৰ সময়ছোৱাত আমাৰ দেশখনক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছোঁ৷”
নৱ-নিযুক্ত প্ৰাৰ্থীসকলৰ কামৰ প্ৰতি থাকিবলগীয়া নিষ্ঠা, চিন্তাধাৰা আদিৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নিযুক্তিপ্ৰাপকসকলে জনতাৰ সেৱাৰ বাবে ন-উদ্যমেৰে কাম কৰি যাব লাগিব৷ ৰাইজৰ বৰ্ধিত আশা-আকাংক্ষাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “টি-২০ ক্ৰিকেটৰ এই যুগত দেশৰ জনসাধাৰণে ক্ষিপ্ৰ ফলাফল আশা কৰে৷”
নাগৰিকসকলৰ এই আশা-আকাংক্ষা পূৰণ কৰিবলৈ আৰু প্ৰয়োজন অনুসৰি চৰকাৰী ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰিবলৈ ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলে যাতে সুকলমে নিজৰ দায়িত্ব তথা কৰ্তব্য পালন কৰে, সেই বিষয়তো প্ৰধানমন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে৷ ইয়াৰ লগতে সমাজৰ উন্নয়ন আৰু হিতৰ বাবে নিষ্ঠা আৰু সমৰ্পিত মনোভাবেৰে কাম কৰি জ্ঞান আহৰণৰ ক্ষেত্ৰখনতো চৰ্চা আৰু অধ্যয়ন অব্যাহত ৰাখিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিযুক্তিপ্ৰাপকসকলক আহ্বান জনায়৷
অনুষ্ঠানত উপস্থিত জনসাধাৰণক উদ্দেশ্য কৰি তেখেতে কয় যে দেশৰ আন্তঃগাঁথনিৰ ভেটি সুদৃঢ় কৰি আধুনিকীকৰণ কৰিবলৈ কেইবালাখ কোটি টকা ব্যয় কৰা হৈছে৷
এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে নতুন ঘাইপথ, ৰে’লপথ, বন্দৰ, বিমানবন্দৰ, জলপথ আদিৰ উদাহৰণ দাঙি ধৰি কয় যে নতুন আন্তঃগাঁথনিমূলক প্ৰতিটো প্ৰকল্পত তথা দেশৰ প্ৰতিটো খণ্ডতে নিযুক্তি আৰু স্বাৱলম্বিতাৰ ন ন সুযোগ বৃদ্ধি পাইছে৷ সেয়েহে এনেধৰণৰ প্ৰকল্পত অভিযন্তা, প্ৰযুক্তিবিদ, গাণনিক, শ্ৰমিক আৰু অন্যান্যসকলৰ গুৰুত্বৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে৷
ৰে’ল যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণ তথা সম্প্ৰসাৰণ আৰু বৈদ্যুতিকৰণৰ জৰিয়তে নিয়োগৰ সুযোগ সৃষ্টি হৈছে বুলিও নৰেন্দ্ৰ মোদীয়ে কয়৷ তেখেতে কয় যে আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ কল্যাণাৰ্থে ২০১৪ চনৰপৰা চৰকাৰে শৌচালয়, ৰন্ধন গেছ সংযোগ, টেপ সংযোগী পানী যোগান ব্যৱস্থা আৰু বিদ্যুৎ সেৱা লাভৰ সুবিধাৰে প্ৰায় চাৰি কোটি পকী ঘৰ নিৰ্মাণ কৰি দিছে৷
ইয়াৰ লগতে কৰ্মসংস্থাপন সৃষ্টিৰ দিশত আয়ুষ্মান ভাৰত- প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ ভূমিকাৰ কথাও আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বাস্থ্য খণ্ডৰ অভূতপূৰ্ব পৰিৱৰ্তন ঘটাই স্থাপন কৰা নতুন চিকিৎসালয় আৰু ক্লিনিকসমূহে জনসাধাৰণক যথেষ্ট সকাহ প্ৰদান কৰিছে৷
দেশত কেইবালাখ চাকৰি সৃষ্টিত অৰিহণা যোগোৱা বৰ্ধিত ষ্টাৰ্ট-আপ্ খণ্ডৰ সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “এতিয়া যুৱপ্ৰজন্মই বিভিন্ন খণ্ডত স্ব-প্ৰতিভা আৰু অভিনৱ উদ্ভাৱনীশৈলীৰে উজলি উঠি ক্ষিপ্ৰতাৰে আগুৱাই যাবলৈ ধৰিছে৷”
ভাৰতত কোটি কোটি মোবাইল ফ’ন নিৰ্মাণেৰে দেশৰ বিকাশত অৰিহণা যোগোৱা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷ চৰকাৰৰ উদ্যোগত দেশৰ প্ৰতিখন গাঁৱত বিস্তাৰিত ব্ৰডবেণ্ড সংযোগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ব্যাপক ৰূপত নিযুক্তি আৰু স্বনিৰ্ভৰশীলতাক উদগনি যোগাইছে৷