অসম ভ্ৰমণৰ দ্বিতীয় দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুঠ ১৮,৫৩০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰে।
তেখেতে দৰঙত ৬,৫০০ কোটি টকাৰ প্রকল্প উদ্বোধন কৰে। ইয়াৰ ভিতৰত দৰং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, জি এন এম বিদ্যালয় আৰু বি এছ চি নাৰ্ছিং কলেজৰ শিলান্যাস কৰে। তদুপৰি গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো তেখেতে শিলান্যাস কৰে।
উক্ত দিনা ৰাজহুৱা সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই দিনটোক অসমৰ উন্নয়নৰ “ঐতিহাসিক দিন” হিচাপে বৰ্ণনা কৰে আৰু দৰং তথা অসমবাসীক অভিনন্দন জনাই কয়,“ভাৰত বৰ্তমান বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত আগুৱাই যোৱা দেশ আৰু অসম ভাৰতৰ ভিতৰত আটাইতকৈ দ্ৰুতগতিত বিকাশ হোৱা ৰাজ্যসমূহৰ অন্যতম। এটা সময় আছিল যেতিয়া অসম বিকাশৰ দৌৰত পিছপৰি আছিল, কিন্তু আজিৰ অসম প্ৰায় ১৩ শতাংশ বৃদ্ধি হাৰৰ সৈতে আগুৱাই গৈছে।”
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমক ভাৰতৰ উন্নয়নৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ দিশত কেন্দ্র আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰি আছে। “অসমক দেশৰ আটাইতকৈ সংযুক্ত ৰাজ্যসমূহৰ এখনলৈ উন্নীত কৰাৰ লগতে এক অগ্ৰণী স্বাস্থ্যকেন্দ্ৰ হিচাপে বিকশিত কৰাৰ দিশত চৰকাৰে প্ৰচেষ্টা আগবঢ়াই আহিছে,” তেখেতে কয়।
প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে, “২০১৪ চনৰ আগতে অসমত কেৱল ছয়খন চিকিৎসা মহাবিদ্যালয় আছিল। কিন্তু এতিয়া দৰং চিকিৎসা মহাবিদ্যালয় সংযোগ হোৱাৰ সৈতে ৰাজ্যখনত ২৪খন চিকিৎসা মহাবিদ্যালয় হ’ব। এই নতুন প্ৰতিষ্ঠানসমূহে চিকিৎসা সেৱা প্ৰণালী শক্তিশালী কৰাৰ লগতে বহু নতুন চিকিৎসকক সুযোগ প্ৰদান কৰিছে।”
নতুন ৰিং ৰোড প্ৰকল্পৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয়, “এই ৰিং ৰোড সম্পূৰ্ণ হ’লে গুৱাহাটী মহানগৰত যান-জঁটৰ সমস্যা হ্ৰাস পাব। এই পদক্ষেপে পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ, দুটা ৰাজ্যিক ঘাইপথ, এটা বিমানবন্দৰ, তিনিটা ৰে’ল ষ্টেচন আৰু এটা জলপথ টাৰ্মিনেলৰ সৈতে সংযোগ কৰিব। ইয়াৰ ফলত অসমত প্ৰথমবাৰৰ বাবে এক সম্পূৰ্ণ বহুমাধ্যমিক সংযোগ নেটৱৰ্ক গঢ়ি উঠিব।”
উক্ত দিনাই প্ৰধানমন্ত্ৰীয়ে গোলাঘাটৰ নুমলীগড় ৰিফাইনাৰী লিমিটেডত অসম বায়’ইথানল প্ৰকল্পৰ উদ্বোধন আৰু পলিপ্ৰ’পিলিন প্ৰকল্পৰ শিলান্যাস স্থাপন কৰে। এই দুয়োটা প্রকল্পই বিশুদ্ধ শক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ লগতে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে কয়, “অসম হৈছে ভাৰতৰ শক্তি-ক্ষমতা বৃদ্ধিৰ অন্যতম নিৰ্ভৰযোগ্য ভূমি। অসমৰ পৰা উৎপন্ন হোৱা পেট্ৰ’লিয়াম সামগ্ৰীয়ে ৰাষ্ট্ৰৰ অৰ্থনীতিৰ শক্তিশালী ভেটি গঢ়ি তুলিছে। দেশৰ বিকাশৰ দিশত আগুৱাই যোৱাৰ লগে লগে বিদ্যুৎ, গেছ আৰু ইন্ধনৰ চাহিদাও বৃদ্ধি পাইছে। পূৰ্বে ভাৰত বিদেশী উৎসৰ ওপৰত অধিক নিৰ্ভৰশীল আছিল, যাৰ বাবে কোটি কোটি টকা বিদেশলৈ যায় আৰু তাত কর্মসংস্থাপন হয়। এই পৰিস্থিতি সলনি কৰাৰ সময় আহিছিল, সেইকাৰণে এতিয়া ভাৰতে নিজৰ শক্তি-চাহিদা পূৰণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ পথত আগুৱাই গৈছে।”
তেখেতে ঘোষণা কৰে, “চৰকাৰে স্থানীয় কৃষকসকলক বাঁহ উৎপাদনত সহায় কৰাৰ লগতে বাঁহ ক্ৰয় কৰিব। বাঁহ চিপিং সম্পর্কিত সৰু ইউনিট স্থাপন হ’ব আৰু বছৰি প্ৰায় ২০০ কোটি টকা এই খণ্ডত বিনিয়োগ হ’ব। ইয়াৰ দ্বাৰা অঞ্চলটোৰ হাজাৰ হাজাৰ লোক উপকৃত হ’ব।”
প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “অসমে আধুনিক পলিপ্ৰ’পিলিন প্ৰকল্পৰ উপহাৰ লাভ কৰিছে, যি ‘মেক ইন আছাম’ আৰু ‘মেক ইন ইণ্ডিয়া’ৰ শক্তিশালী ভেটি স্থাপন কৰিব আৰু এই অঞ্চলৰ উৎপাদন শিল্পকো শক্তিশালী কৰিব।”
পলিপ্ৰ’পিলিন কাৰ্পেট, কাপোৰ, মেচ, চিকিৎসা কীট, কৃষি সামগ্ৰী আদি তৈয়াৰ কৰিবলৈ ব্যৱহৃত হয় আৰু গাড়ী, চিকিৎসা আৰু কৃষিক্ষেত্ৰতো ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।










