নতুন চৰকাৰখনে দিছপুৰৰ দায়িত্ৱভাৰ গ্ৰহণ কৰাৰ পাছত যোৱা ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ আহে আৰু ডিব্ৰুগড়ৰ পৰা ৰাজ্যৰ সাতখন কৰ্কট চিকিৎসালয় দেশবাসীৰ প্ৰতি উৎসৰ্গিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই চিকিৎসালয়কেইখনে অসমক উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ ভিতৰতে উন্নত আৰু অত্যাধুনিক স্বাস্থ্য সেৱাৰ কেন্দ্ৰ হিচাপে উন্নীত কৰিব।
ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, দৰং, তেজপুৰ, লখিমপুৰ আৰু যোৰহাটত নিৰ্মাণ কৰা এই কৰ্কট চিকিৎসালয়সমূহত ইতিমধ্যে ৰোগীসকললৈ চিকিৎসা আগবঢ়াই থকা হৈছে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে দ্বিতীয় পৰ্যায়ত ধুবুৰী, নলবাৰী, গোৱালপাৰা, নগাঁও, শিৱসাগৰ, তিনিচুকীয়া আৰু গোলাঘাটত নিৰ্মাণ হ’বলগীয়া আন সাতখন নতুন কৰ্কট চিকিৎসালয়ৰো আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানটোত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ৱ শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্ৱৰ তেলী, সাংসদ ৰঞ্জন গগৈ আৰু বিশিষ্ট উদ্যোগপতি ৰতনটাটা উপস্থিত আছিল।
কেৱল অসমতে নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে কৰ্কট ৰোগ এক ডাঙৰ সমস্যালৈ পৰিণত হোৱাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীটো এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত অধিক প্ৰভাৱিত হৈছে।
অসমবাসীয়ে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ থকা সমস্যাটো সমাধান কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী আৰুটাটা ট্ৰাষ্টৰ বিশেষ প্ৰশংসা কৰে। তেখেতে কয় যে চলিত বৰ্ষৰ বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন আঁচনি (PM-DeVINE)ৰ শিতানত ১৫০০ কোটি টকাৰ পুঁজি নিৰ্ধাৰণ কৰা হৈছে যাৰ অধীনত কৰ্কট ৰোগৰ চিকিৎসাও হৈছে এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ।
দেশত পৰ্যাপ্তসংখ্যক চিকিৎসক নথকাৰ সমস্যাটো সমাধানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে বিগত সাত বছৰত এমবিবিএছ আৰু স্নাতকোত্তৰ পৰ্যায়ত ৭০ হাজাৰতকৈও অধিক নতুন আসন সংযোগ কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে৷ “আমাৰ চৰকাৰে পাঁচ লাখতকৈও অধিক আয়ুষ চিকিৎসকক এল’পেথিক চিকিৎসকৰ সমতুল্য কৰি তুলিছে”, প্ৰধানমন্ত্ৰীয়ে কয়।
লগতে, প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ্কট ৰোগৰ চিকিৎসাৰ অত্যধিক ব্যয়ে ৰাইজক বৰকৈ হতাশ কৰিছিল। বিশেষকৈ, মহিলাসকলে চিকিৎসা লাভৰপৰা বিৰত আছিল কিয়নো অত্যধিক ব্যয়ে পৰিয়ালটোক ঋণগ্ৰস্ততা আৰু দৰিদ্ৰতাৰ ফালে লৈ যোৱাৰ সম্ভাৱনা আছিল। কিন্তু চৰকাৰে বহুতো ঔষধৰ মূল্য প্ৰায় আধালৈ হ্ৰাস কৰি কৰ্কট ৰোগৰ ঔষধ যথেষ্ট সুলভ কৰাৰ ফলত জনগণে যথেষ্ট সকাহ পাব বুলিও তেখেতে উল্লেখ কৰে।
ৰাজ্যখনৰ চিকিৎসা আন্তঃগাঁথনি উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে অসম চৰকাৰক প্ৰশংসা কৰে।
“মুখ্যমন্ত্ৰী আৰু তেওঁৰ টীমে প্ৰতিখন জিলাতে এখন চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাৰ দিশত প্ৰশংসনীয়ভাৱে কাম কৰি আছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।
অসম চৰকাৰ আৰুটাটা ট্ৰাষ্টৰ যুটীয়া প্ৰচেষ্টাৰ ফচল অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনত কৰ্কট চিকিৎসালয়কেইখন নিৰ্মাণ কৰা হৈছে।