খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নিযুক্তি লাভ কৰা সফল প্ৰাৰ্থী তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২৫ মে’ দিনটোক এই প্ৰাৰ্থীসকলৰ লগতে নিজৰ বাবেও এক ঐতিহাসিক দিন হিচাপে অভিহিত কৰে৷ তেওঁ উল্লেখ কৰে যে এই নিযুক্তি প্ৰক্ৰিয়াই বৰ্তমানৰ চৰকাৰখনৰ এক লাখ চৰকাৰী চাকৰি প্ৰদানৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পূৰণৰ দিশত আৰু এখোজ আগবঢ়াই নিলে৷
ড॰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে এই প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সম্ভাৱনাৰ বিষয়ে তেওঁ নিজেই নিশ্চিত নাছিল৷ তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত গঠন হোৱা এই চৰকাৰখনৰ প্ৰতি অসমৰ ৰাইজে যি আস্থা প্ৰকাশ কৰি আহিছে সেয়া অতুলনীয় আৰু এই আস্থাই চৰকাৰখনক এই প্ৰতিশ্ৰুতি পূৰণৰ বাবে অনুপ্ৰাণিত কৰি আহিছে৷ “যদি ক’ভিড-১৯ অতিমাৰীৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ উদ্ভৱ নহ’লহেঁতেন, তেন্তে এতিয়ালৈকে ১ লাখ নিযুক্তিৰ পূৰ্ণ লক্ষ্যত উপনীত হ’ব পৰা গ’লহেঁতেন,’’ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়৷
তেওঁ উল্লেখ কৰে যে ১ লাখৰ সীমা অতিক্ৰম কৰাৰ বাবে প্ৰয়োজনীয় বাকী থকা নিযুক্তিসমূহ অতি কম সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰা হ’ব৷ কিয়নো চৰকাৰে ২২,০০০টা খালী পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰাৰ পৰিকল্পনা আৰম্ভ কৰিছে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ চৰকাৰৰ অধীনত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু নিকা বুলি উল্লেখ কৰি কয় যে চৰকাৰী নিযুক্তিত স্বজন-তোষণ আৰু দুৰ্নীতি এতিয়া অতীত৷
অহা দুটা দশকৰ ভিতৰত অসমক সকলো দিশতে আটাইতকৈ উন্নত ৰাজ্যলৈ ৰূপান্তৰিত কৰি তোলাৰ বাবে প্ৰাৰ্থীসকলক নিষ্ঠাৰে কাম কৰি যাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ স্বাধীনতাৰ এশ বছৰ পূৰ্ণ হোৱাৰ সময়ত ভাৰতক বিশ্বৰ নেতৃত্ব ল’ব পৰা এখন দেশৰূপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ তেওঁ নৱ-নিযুক্ত কৰ্মচাৰীসকলক আহ্বান জনায়৷
‘ৰাষ্ট্ৰ নিৰ্মাণ’ এক সামূহিক দায়িত্ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নতুনকৈ নিযুক্তি লাভ কৰাসকলক তেওঁলোকৰ কৰ্মজীৱনৰ কালছোৱা এই দিশত উৎসৰ্গা কৰিবলৈ আহ্বান জনায়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক উদ্যমিতাৰ পথত খোজ দিবলৈও আহ্বান জনায়৷
“কেৱল চৰকাৰী চাকৰিত নিৰ্ভৰ হৈ থাকিলে ৰাজ্যখনৰ উন্নয়নৰ পথত স্থবিৰতা আহিব৷ আমাৰ যুৱক-যুৱতীসকলে নিয়োগ সৃষ্টিকৰ্তা হোৱাৰ ভূমিকাও পালন কৰিব লাগিব,” মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে বিগত দুটা বছৰত ৰাজ্যখনৰ শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তাই উদ্যমিতাৰ পৰিৱেশ গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগাইছে৷
অনুষ্ঠানটিত উপস্থিত আছিল অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে অসম কেবিনেটৰ মন্ত্ৰীসকল আৰু ষষ্ঠ অনুসূচীৰ অধীনৰ তিনিখন স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীসকল৷