আই আই টি, গুৱাহাটীত কুইজৰ চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব! কথাষাৰ শুনাৰেপৰা চন্দনৰ মন উলাহে নধৰা হ’ল৷ আই আই টিলৈ যোৱাৰ হেঁপাহ চন্দনে বহু আগৰেপৰা মনত পুহি ৰাখিছিল৷ চন্দনৰ আশা পূৰণ হোৱাৰ পথত৷ যোৰহাটৰ নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ চন্দন কৌশিক শইকীয়া, দীপাংকৰ শইকীয়া আৰু গৌতম নেওগৰ তিনিজনীয়া দলটোৱে জিলা পৰ্যায়ত কুইজত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিলে৷ এইবাৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাখনিৰ বাবে সাজু হ’বৰ হ’ল৷ শিক্ষাগুৰুৰ আশিস লৈ নিৰ্দিষ্ট সময়ত তিনিজনীয়া দলটো ৰাওনা হ’ল আই আই টি, গুৱাহাটীলৈ৷ বহু উৎকণ্ঠাৰ অন্তত চন্দনহঁতে চূড়ান্ত প্ৰতিযোগিতাতো ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিলে৷
ছাত্ৰ-ছাত্ৰীসকলৰ বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ লগতে এক প্ৰতিযোগিতামুখী পৰিৱেশৰ সৃষ্টি কৰি সম্ভাৱনাসমূহক বিকশিত কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযান (আৰএএ)ৰ অধীনত শিক্ষা মন্ত্ৰ্যালয় আৰু সমগ্ৰ শিক্ষা অভিযানে মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমৰ চৰকাৰী বিদ্যালয়সমূহত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল৷ সেই উদ্দেশ্যে আই আই টি, গুৱাহাটী আৰু সমগ্ৰ শিক্ষাই সহযোগিতাৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ কাৰ্যসূচীসমূহ ৰূপায়ণৰ বাবে কুইজ প্ৰতিযোগিতা, বিজ্ঞান আৰু গণিত অলিম্পিয়াড, বিজ্ঞান আৰু গণিত ক্লাব গঠন, ছিলড্ৰেনছ ছাইঞ্চ কংগ্ৰেছ আদি কাৰ্যকলাপ প্ৰস্তুত কৰাৰ লগতে অভিযানৰ বিভিন্ন কাৰ্যসূচীৰ সন্দৰ্ভত আৰএএ অনলাইন প’ৰ্টেল মুকলি কৰিছে৷ ৰাজ্যৰ কেইবাখনো জিলাত এই কাৰ্যসূচীসমূহ সফলভাৱে ৰূপায়ণ হৈছে৷ ইয়াৰ ভিতৰত কুইজ প্ৰতিযোগিতা অন্যতম৷
“পোনপ্ৰথমে যোৰহাটৰ ১০খন বাছনিকৃত চৰকাৰী বিদ্যালয়ৰ মাজত জিলা পৰ্যায়ত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ কুইজত অংশগ্ৰহণৰ বাবে এখন বিদ্যালয়ৰপৰা অতি কমেও ১০টা দল বাছনি কৰা হৈছিল৷ অনলাইনযোগে অনুষ্ঠিত কুইজ প্ৰতিযোগিতাখনিত আমি যোৰহাট জিলাভিত্তিত শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰি আই আই টি, গুৱাহাটীত অনুষ্ঠিত হোৱা চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ পাওঁ৷ চূড়ান্ত প্ৰতিযোগিতাখন অসমৰ প্ৰতিখন জিলাৰ শ্ৰেষ্ঠ দলসমূহৰ মাজত অনুষ্ঠিত হয়৷ ইয়াৰ অংশ হিচাপে প্ৰথমতে লিখিত ৰাউণ্ড অনুষ্ঠিত হয় আৰু তাৰপাছত শ্ৰেষ্ঠতাৰ ভিত্তিত ৮টা দল মূল ৰাউণ্ডলৈ বাছনি কৰে৷ মূল ৰাউণ্ডলৈ আমি বাছনি হোৱাৰ পাছত সৰ্বাধিক শুদ্ধ উত্তৰেৰে কুইজত শীৰ্ষ স্থান দখল কৰোঁ৷ মোৰ বাবে এয়া এক অনন্য অভিজ্ঞতা,” চন্দনে কয়৷
নামদেউৰী বিদ্যালয়ৰ সহকাৰী শিক্ষক উদয় জ্যোতি বৰাই অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয়, “পাঠ্যপুথিৰ জ্ঞানৰ উপৰি বহিৰ্জগতৰ বিভিন্ন কথা আমি ছাত্ৰ-ছাত্ৰীসকলক শিকাবলৈ চেষ্টা কৰোঁ৷ কুইজ প্ৰতিযোগিতাৰ লগতে ব্যক্তিগত পৰ্যায়ত অনুষ্ঠিত অলিম্পিয়াডৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকল বহু উপকৃত হৈছে৷ আই আই টিৰপৰা অহা প্ৰশিক্ষকৰ দলে আমাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ কেইটিমান পৰীক্ষা প্ৰদৰ্শন কৰে আৰু তেওঁলোকে পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সমলৰ যোগান ধৰিছিল৷ এই পৰীক্ষাসমূহৰ ভিত্তিত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে নিজাকৈ কিছুমান প্ৰকল্প প্ৰস্তুত কৰি প্ৰদৰ্শন কৰে৷”
চূড়ান্ত কুইজ প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰিছে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰীত্ৰয় অৰ্চিতা দত্ত, অনিন্দিতা বৰা আৰু ৰশ্মি পাঠকে৷
“আমি কুইজৰ দলটোৱে ১২ মাৰ্চত আই আই টি, গুৱাহাটীলৈ যাওঁ আৰু ১৩ মাৰ্চত চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰোঁ৷ আই আই টিৰপৰা অহা এটা দলে আমাৰ বিদ্যালয়ত বিজ্ঞানৰ আৰ্হি প্ৰস্তুত কৰি দেখুৱাই আমাক যথেষ্ট অনুপ্ৰাণিত কৰিছে৷ তিনিদিনীয়া কাৰ্যসূচীৰ প্ৰথমটো দিনত অনলাইনযোগে আমাক তেওঁলোকে বিজ্ঞান আৰু গণিত বিষয়ক বহু কথা শিকাইছিল৷ দ্বিতীয় দিনটোত বিদ্যালয় পৰিদৰ্শন কৰাৰ সময়ছোৱাত আমি প্ৰত্যক্ষভাৱে তেওঁলোকৰপৰা বিভিন্ন বিষয় সম্পৰ্কে জানিব পাৰিছিলোঁ৷ তৃতীয় দিনা আমি জিলা পৰ্যায়ৰ প্ৰদৰ্শনীত অংশ লওঁ৷ এই কাৰ্যসূচীৰপৰা আমি বহু কথা শিকিব পাৰিছোঁ,” অৰ্চিতাই কয়৷
নলবাৰীৰ পশ্চিম বনভাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উল্লিখিত কাৰ্যসূচীসমূহৰ কেইবাটাও ৰূপায়ণ কৰা হৈছে৷ অনলাইনযোগে জিলা পৰ্যায়ত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাত বিদ্যালয়খনৰ পাঁচটা দলে অংশগ্ৰহণ কৰে৷ জিলা পৰ্যায়ত অনুষ্ঠিত বিজ্ঞান আৰু গণিত অলিম্পিয়াডত বস্তুনিষ্ঠ প্ৰশ্নৰ সৰ্বাধিক উত্তৰেৰে বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ধীৰু প্ৰতিম কলিতাই শীৰ্ষ স্থান দখল কৰে৷ তদুপৰি বিদ্যালয়ৰ আন এগৰাকী ছাত্ৰী ধৃতিস্মিতা ব্ৰহ্ময়ো অলিম্পিয়াডত স্থান দখল কৰিবলৈ সক্ষম হয়৷
বিদ্যালয়খনৰ সহকাৰী শিক্ষক ৰাতুল বৰ্মনে কয়, “প্ৰথমতে জিলা পৰ্যায়ত কুইজ প্ৰতিযোগিতা এখন অনুষ্ঠিত হয়৷ আমাৰ বিদ্যালয়ৰপৰা দুজনীয়া সদস্যৰ পাঁচটা দলে অংশগ্ৰহণ কৰে৷ ইয়াৰ পাছতে বিজ্ঞান আৰু গণিত অলিম্পিয়াড অনুষ্ঠিত হয় আৰু অলিম্পিয়াডত আমাৰ বিদ্যালয়ৰ দুগৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰে৷ ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে এক কৰ্মশালা অনুষ্ঠিত হয়৷ প্ৰথমতে তিনিদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষকৰ দলৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰকল্প সন্দৰ্ভত গুগল মিটযোগে অংশগ্ৰহণ কৰে৷ ইয়াৰ পাছতে আই আই টি, গুৱাহাটীৰ ছাত্ৰই বিদ্যালয়লৈ আহি ১৯গৰাকী শিক্ষাৰ্থীক বিজ্ঞান প্ৰকল্প প্ৰস্তুতিৰ প্ৰশিক্ষণ প্ৰদান কৰে৷ প্ৰশিক্ষণৰ পাছত জিলা পৰ্যায়ত দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন প্ৰদৰ্শনী অনুষ্ঠিত হয়৷ প্ৰদৰ্শনীখনত আমাৰ বিদ্যালয়ৰ ১০গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷ নলবাৰীৰ ১০খন বিদ্যালয়ে প্ৰদৰ্শনীত যোগদান কৰে আৰু প্ৰতিখন বিদ্যালয়ে ভিন্ন প্ৰকল্প প্ৰস্তুত কৰি প্ৰদৰ্শন কৰে৷”