ক্ৰীড়া ক্ষেত্ৰত যে অসমে অগ্ৰাধিকাৰ প্ৰদান কৰিছে সেয়া বৰ্তমান সময়ত গ্ৰহণ কৰি থকা ব্যৱস্থাসমূহৰ জৰিয়তে প্ৰতিফলিত হৈছে। ক্ৰীড়াৰ দিশত অসমৰ এই মনোভাবৰ প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পূৰ্বতে ক্ৰীড়াৰ দিশত সন্তানক জড়িত কৰিবলৈ থকা অনীহাৰ বিপৰীতে আজিৰ অভিভাৱকে ক্ৰীড়াৰ ক্ষেত্ৰত সন্তানৰ অৱদানক লৈ গৌৰৱ কৰাৰ এক পৰিৱেশৰ সৃষ্টি হৈছে।
যোৱা ১৯ ফেব্ৰুৱাৰীত এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াৰ অংশগ্ৰহণকৰ্তাসকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ খেলুৱৈসকলৰ সফলতাক উদযাপন কৰা আৰু তেওঁলোকক সন্মান কৰাৰ বিষয়ে আলোকপাত কৰি কয়, “শৈক্ষিক সাফল্য উদযাপন কৰাৰ দৰে আমি ক্ৰীড়া ক্ষেত্ৰৰ উৎকৰ্ষ সাধন কৰাসকলকো সন্মান জনোৱাৰ এক পৰম্পৰা গঢ়ি তুলিব লাগিব।”
তেওঁ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহৰ শুভংকৰ – পখিলাৰ আকৃতিৰ ‘অষ্টলক্ষ্মী’ৰ বিষয়েও উল্লেখ কৰে। এই অঞ্চলটোৰ আঠখন ৰাজ্যক প্ৰায়ে ‘অষ্টলক্ষ্মী’ হিচাপে অভিহিত কৰা নৰেন্দ্ৰ মোদীয়ে কয় যে “এই পখিলা আকৃতিৰ শুভংকৰে প্ৰতিফলিত কৰিছে কেনেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ আশা-আকাংক্ষাসমূহে নতুন শাখাৰ ৰূপত প্ৰাণ পাই উঠিছে।”
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে উত্তৰ-পূব অঞ্চলৰ সমৃদ্ধ ক্ৰীড়া সংস্কৃতিৰ পৰা শিকিবলগীয়া বহু কথা আছে। তেওঁ কয় যে এই অঞ্চলত ক্ৰীড়াক আন্তৰিকতাৰে উদযাপন কৰা হয় আৰু ফুটবল, এথলেটিকছ, বেডমিণ্টন, বক্সিং, ভাৰোত্তোলন, দবা আদি বিভিন্ন শাখাত খেলুৱৈসকলক অনুপ্ৰেৰণা যোগাবলৈ অঞ্চলবাসীয়ে কুণ্ঠাবোধ নকৰে।
খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এক দৃঢ় প্ৰতিচ্ছবি সৃষ্টি কৰাৰ বাবে তেওঁলোকৰ প্ৰশংসা কৰে। তেওঁ কয়, “আন্তৰিকতাৰে খেলক, নিৰ্ভয়ে খেলক, নিজৰ আৰু আপোনাৰ দলৰ বাবে খেলক আৰু পৰাজিত হ’লেও বিফলতাৰ পৰা শিকাৰ সুযোগ গ্ৰহণ কৰক।”
“অসমে ২০০৭ চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰিছিল৷ ২০২৫ বা ২০২৬ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰাৰ সুযোগ প্ৰদান কৰিবলৈ মই কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম”
ড॰ হিমন্ত বিশ্ব শৰ্মা
প্ৰধানমন্ত্ৰীগৰাকীয়ে যুৱপ্ৰজন্মৰ বাবে সুযোগৰ অন্বেষণ কৰিব পৰা এক পৰিৱেশ সূচনা কৰাৰ দিশত আলোকপাত কৰি কয়,” খেলো ইণ্ডিয়া, টিঅ’পিএছ (অলিম্পিক পদক তালিকা লক্ষ্যৰ বাবে গ্ৰহণ কৰা আঁচনি) বা অন্যান্য পদক্ষেপসমূহে আমাৰ যুৱপ্ৰজন্মৰ বাবে সম্ভাৱনাৰ এক নতুন পৰিকাঠামোৰ সৃষ্টি কৰিছে।” তেওঁ প্ৰশিক্ষণৰ সুবিধা, বৃত্তি আদি ক্ষেত্ৰত খেলুৱৈসকলৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে এই বছৰ ক্ৰীড়াৰ বাবে ৩,৫০০ কোটি টকাৰ অভিলেখ পৰিমাণৰ বাজেট আবণ্টন কৰা হৈছে।
উদ্বোধনী অনুষ্ঠানত খেলুৱৈসকলক সম্বোধন কৰি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কয় যে ৪ৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ ২০২৩ত সমগ্ৰ দেশৰ ৪,৫৪৪গৰাকী খেলুৱৈয়ে ১৮টা বিভিন্ন স্থানত নিজ নিজ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব।
গুৱাহাটীত এথলেটিকছ, ৰাগবী, বাস্কেটবল, ভলীবল, সাঁতোৰ, বেডমিণ্টন, হকী, ফেন্সিং, কাবাদী, মহিলা ফুটবল, মললাখাম্ব, জুডো, টেবুল টেনিছ, মহিলা বক্সিং, শ্বুটিং আৰু টেনিছকে ধৰি ১৬টা শাখাৰ খেল অনুষ্ঠিত কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ আন চহৰসমূহত ছটা শাখাৰ খেল অনুষ্ঠিত হৈছিল — ধনুৰ্বিদ্যা, পুৰুষৰ ফুটবল, পুৰুষৰ বক্সিং, ভাৰোত্তোলন, কুস্তি আৰু যোগাসন।
“খেলো ইণ্ডিয়াৰ খেলসমূহে আমাৰ মহান ৰাষ্ট্ৰখনত আবেগ আৰু ঐক্যৰ শিখাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ কেৱল পদক জিকাৰ এক মঞ্চ নহয়, এই ক্ৰীড়া সমাৰোহে বন্ধুত্ব আৰু একতাৰ ধাৰণাক দৃঢ় কৰি বিকশিত ভাৰতৰ সপোনক বাস্তৱ কৰি তুলিছে,” ঠাকুৰে কয়।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয় যে এনে এক বৃহৎ ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিবলৈ সক্ষম হোৱাটো অসমবাসীৰ বাবে গৌৰৱৰ বিষয়। তেওঁ উল্লেখ কৰে যে বিভিন্নজনৰ মাজত একতাৰ ধাৰণাক সুদৃঢ় কৰাৰ ক্ষেত্ৰত ক্ৰীড়া এক উৎকৃষ্ট মঞ্চ আৰু এই একতাই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ ধাৰণাক শক্তিশালী কৰি তোলে।
শেহতীয়াকৈ অসমে আয়োজন কৰা বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে সমগ্ৰ দেশৰ ২০০খনতকৈও অধিক বিশ্ববিদ্যালয়ৰ খেলুৱৈসকলে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰপৰা এক অনন্য অভিজ্ঞতা নিজ গৃহলৈ কঢ়িয়াই নিব পাৰিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনে পুনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰিবলৈ সক্ষম হৈ আছে। “অসমে ২০০৭ চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰিছিল। ২০২৫ বা ২০২৬ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰাৰ সুযোগ প্ৰদান কৰিবলৈ মই কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাম,” ড০ শৰ্মাই কয়।
২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ যমুনা বড়োৱে আনুষ্ঠানিকভাৱে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ শিখা অসমৰ মুখ্যমন্ত্ৰীগৰাকীক হস্তান্তৰ কৰে।