উত্তৰ লখিমপুৰৰ ৰেজিয়া বেগম (৮৭)ৰ বাবে পুত্ৰ আৰক্ষী কনিষ্টবল ইদেন আলীৰ কৰ্মৰত অৱস্থাত মৃত্যুৰ পাছত জীৱনটো দুৰূহ হৈ পৰিছিল৷ পুত্ৰৰ অকাল মৃত্যুৰ পাছত ৰেজিয়াৰ জীৱন যাপনৰ পথ ৰুদ্ধ হৈ পৰিছিল৷ ইদেন আলীৰ পত্নীয়ে লাভ কৰি থকা পুত্ৰৰ মাহিলি সহানুভূতিশীল পেঞ্চনৰ অংশ বিচাৰি ৰেজিয়া কাষ চাপিল প্ৰণাম আয়োগৰ৷ প্ৰণাম আয়োগ প্ৰতিষ্ঠা হৈছিল অসম কৰ্মচাৰীৰ প্ৰণাম (অভিভাৱকৰ দায়বদ্ধতা আৰু নিৰীক্ষণৰ নিয়মাৱলী) আইন, ২০১৭ৰ অধীনত৷ আয়োগে ৰেজিয়াক প্ৰয়াত পুত্ৰৰ মাহিলি সহানুভূতিশীল পেঞ্চনৰ ৮% প্ৰদানৰ বাবে অনুমোদন জনায়৷
একেদৰেই কৰ ভৱনত কনিষ্ঠ সহায়কৰ পদত কাম কৰা পুত্ৰৰ মৃত্যুৰ পাছত প্ৰভা দাসে সহায় বিচাৰি কাৰ্যালয়ৰ কাষ চাপে৷ আহৰণ আৰু বিতৰণ বিষয়াই প্ৰণাম আইনৰ নিয়মাৱলী অনুসৰি প্ৰভা দাসক পুত্ৰৰ মাহিলি সহানুভূতিশীল পেঞ্চনৰ ১২% প্ৰদানৰ বাবে অনুমোদন জনায়৷
অসম কৰ্মচাৰীৰ অভিভাৱক আৰু দিব্যাংগ ভাতৃ-ভগ্নীৰ কল্যাণ সাধনৰ বাবে এয়া অসম চৰকাৰৰ এক বিশেষ প্ৰচেষ্টা৷ এই আইনখন হৈছে সেই সময়ৰ বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাৰ ফচল৷ এনে এক বিধান থকা অসম হৈছে দেশৰ প্ৰথম তথা একমাত্ৰ ৰাজ্য৷
আইনখনৰ মুখ্য বিশেষত্ব :
- অসম চৰকাৰ, অসম চৰকাৰ অধীনস্থ আৰু ৰাজ্যিক ৰাজহুৱা খণ্ডত কৰ্মৰত কৰ্মচাৰীক প্ৰণাম আইনে সাঙুৰি লৈছে৷
- যদি কোনো চৰকাৰী কৰ্মচাৰীৰ অভিভাৱক বা দিব্যাংগ ভাতৃ-ভগ্নী আৰ্থিকভাৱে অৱহেলিত হৈছে তেন্তে তেওঁলোকে উক্ত কৰ্মচাৰীৰ মাহিলি দৰমহাৰ ১০%লৈকে (ব্যতিক্ৰমী ক্ষেত্ৰত ১৫%লৈকে) ক্ষতিপূৰণ দাবী কৰিব পাৰে৷
- যদি কোনো চৰকাৰী কৰ্মচাৰী অৱসৰৰ আগতে মৃত্যু হয় তেন্তে নিৰ্ভৰশীল আৰু আৰ্থিকভাৱে অৱহেলিত পিতৃ-মাতৃ আৰু দিব্যাংগ ভাতৃ-ভগ্নীয়ে মৃত কৰ্মচাৰীৰ পত্নী বা আইনী উত্তৰাধিকাৰীয়ে লাভ কৰি থকা সহানুভূতিশীল পেঞ্চনৰপৰা ১০% লৈকে (আৰু ব্যতিক্ৰমী ক্ষেত্ৰত ১৫%লৈকে) ক্ষতিপূৰণ দাবী কৰিব পাৰে৷ অৱশ্যে পাৰিবাৰিক পেঞ্চনৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহয়৷
ক্ষতিপূৰণ বিচৰা প্ৰক্ৰিয়া:.
- কৰ্মচাৰীসকলৰ পিতৃ-মাতৃ আৰু দিব্যাংগ ভাতৃ-ভগ্নীসকলক সময়মতে ন্যায় প্ৰদান কৰাৰ বাবে অসম চৰকাৰে সময়-সীমাবদ্ধ প্ৰক্ৰিয়াৰ সৈতে এক তিনিতৰপীয়া আৰ্হি প্ৰস্তুত কৰিছে৷
- পীড়িত পিতৃ-মাতৃ বা দিব্যাংগ ভাতৃ-ভগ্নীসকলে সংশ্লিষ্ট কৰ্মচাৰীৰ ডিডিঅ’ৰ ওচৰত তেওঁলোকৰ আৱেদন দাখিল কৰিব লাগিব৷ ডিডিঅ’ হৈছে মনোনীত কৰ্তৃপক্ষ যাৰ ওচৰত দাবীৰ যোগ্যতা নিৰ্ধাৰণ কৰাৰ ক্ষমতা থাকে৷ ডিডিঅ’য়ে ৯০ দিনৰ ভিতৰত আৱেদনখনৰ নিষ্পত্তি কৰিবলৈ বাধ্য৷
- যদি ডিডিঅ’-য়ে গোচৰটো নিৰ্ধাৰিত সময়ৰ ভিতৰত নিষ্পত্তি কৰাত সফল নহয় বা যদি কৰ্মচাৰী, অভিভাৱক বা দিব্যাংগ সহোদৰ গোচৰটোৰ ক্ষেত্ৰত সন্তুষ্ট নহয়, তেন্তে প্ৰথম আপীল কৰ্তৃপক্ষ, আয়ুক্ত আৰু সচিব, জিএডি, অসম সচিবালয়, দিছপুৰৰ ওচৰলৈ আহিব পাৰে৷
- যদি আয়ুক্ত আৰু সচিব, জিএডি-য়ে ৬০ দিনৰ ভিতৰত গোচৰটো নিষ্পত্তি কৰাত ব্যৰ্থ হয় বা যদি সংশ্লিষ্ট কোনো এটা পক্ষ নিৰ্দেশক লৈ অসন্তুষ্ট হয়, তেন্তে প্ৰণাম আয়োগৰ ওচৰত আপীল কৰিব পাৰে৷
- প্ৰণাম আয়োগে ৯০ দিনৰ ভিতৰত গোচৰটো নিষ্পত্তি কৰিব আৰু আয়োগৰ সিদ্ধান্ত অন্তিম আৰু প্ৰতিটো পক্ষৰ বাবে বাধ্যবাধকতা হ’ব৷
- যদি কোনো যুক্তিসংগত কাৰণ অবিহনে নিৰ্ধাৰিত কৰ্তৃপক্ষ বা উপযুক্ত কৰ্তৃপক্ষই আৱেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে বা সময়সীমাৰ ভিতৰত আৱেদনৰ নিষ্পত্তি কৰা নাই, তেন্তে প্ৰণাম আয়োগে সেই কৰ্তৃপক্ষৰ ওচৰত প্ৰতিদিনে ১০০/- টকাৰ জৰিমনা বিহিব৷ এনে জৰিমনাৰ সৰ্বাধিক সীমা হৈছে ২৫,০০০/- টকা৷
অৰ্ধ-ন্যায়িক (কোৱাছী-জুডিচিয়েল) প্ৰক্ৰিয়া:
প্ৰণাম আয়োগ হৈছে এক অৰ্ধ-ন্যায়িক সংস্থা৷ নিৰ্ধাৰিত কৰ্তৃপক্ষ, প্ৰথম আপীল কৰ্তৃপক্ষ আৰু প্ৰণাম আয়োগৰ সকলো প্ৰক্ৰিয়া অৰ্ধ-ন্যায়িক প্ৰকৃতিৰ৷ যিকোনো অভিযোগৰ তদন্ত কৰোঁতে প্ৰণাম আয়োগৰ অসামৰিক আদালতৰ দৰে ক্ষমতা থাকে৷
প্ৰণাম আয়োগৰ প্ৰথমগৰাকী মুখ্য আয়ুক্ত হিচাপে মোৰ কাৰ্যকালত এনে ঘটনাৰ কিছুমান ঘটনাৰ সাক্ষী হৈছোঁ যি আইনখনৰ দূৰদৰ্শিতা সম্পৰ্কে মোৰ মনত এক ইতিবাচক ধাৰণাৰ জন্ম দিছিল৷ চূড়ান্ত আপীল সংস্থা হিচাপে আয়োগলৈ অহা গোচৰৰ সংখ্যা কম৷ অৱশ্যে তৃণমূল প্ৰতিৱেদন অনুসৰি এনে ধৰণৰ বহু গোচৰ উপযুক্ত স্তৰত সমাধান কৰা হৈছে৷ আয়োগৰ কাৰ্যপন্থা হৈছে কৰ্মচাৰীসকলৰ মাজত সজাগতা অভিযানৰ বাবে বিভিন্ন চৰকাৰী বিভাগসমূহৰ ওচৰলৈ যোৱা আৰু এই বিষয়ে প্ৰচাৰ কৰা৷ আয়োগে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অসমীয়া, ইংৰাজী আৰু বাংলাৰ দৰে ভাষাত গণ মাধ্যমৰ সহায়ত বিভিন্ন প্ৰচাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিছে৷ ৰাজ্যখনত প্ৰচলিত আন আন ভাষাৰ ব্যৱহাৰোৰ পৰিকল্পনা চলি আছে যাতে প্ৰতিজন পীড়িতৰ ওচৰলৈ এই বাৰ্তা যায়৷
ব্যৱস্থাটোৰ সৈতে জড়িত ব্যক্তি হিচাপে মই অনুভৱ কৰোঁ যে প্ৰণাম আইন আৰু ইয়াৰ নিয়মাৱলীত নিৰ্ধাৰিত কৰি ৰখা প্ৰক্ৰিয়াবোৰ সৰল হোৱাৰ বাবে, আইনখনে চৰকাৰী কৰ্মচাৰীৰ বৃদ্ধ পিতৃ-মাতৃ আৰু দিব্যাংগ ভাই-ভনীসকলক সহায় কৰিব পাৰিছে৷ এনে অনুভৱ হয় যে এই আইনখন আন আন ৰাজ্য তথা ব্যক্তিগত প্ৰতিষ্ঠানসমূহতো প্ৰয়োজন অনুসাৰে গ্ৰহণ কৰিব পাৰে৷