অসম চৰকাৰৰ ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশনত তদানীন্তন বিত্তমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰাৰ বিষয়ে ঘোষণা কৰিছিল৷ পৰৱৰ্তী সময়ত ইয়াৰ কিছু সংশোধন ঘটাই স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথি ক্ৰয়ৰ বাবে ১,০০০ টকাকৈ বেংক একাউণ্টত প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷
চলিত বৰ্ষৰ ২৩ জুনত অসম চৰকাৰৰ উচ্ছ শিক্ষা বিভাগে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্নাতক মহলাৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথি ক্ৰয়ৰ বাবে অনুদান আগবঢ়ায়৷ আঁচনিখনৰ অধীনত মুঠ ৩,৫৪,৩৪১গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ১০০০ টকাকৈ মুঠ ৩৫.৪৩ কোটি টকা আগবঢ়োৱা হৈছে৷
বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ বিশাল বৰ্মনৰ পিতৃ পেছাত এগৰাকী খেতিয়ক৷ তেওঁ অসম বাৰ্তাক কয়, “যোৱা মাহত মোৰ বেংক একাউণ্টত ১,০০০ টকা জমা হৈছিল৷ যিহেতু এই ধন লাভ কৰাৰ আগতেই মই পাঠ্যপুথিসমূহ ক্ৰয় কৰিছিলোঁ, সেয়ে বৰ্তমান মই টকাখিনি বেংকতে জমা ৰাখিছোঁ৷ পাছলৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰয়োজন হোৱা সহায়িকা পুথি কেইখনমান কিনিম বুলি ভাবিছোঁ৷”
সংযোগক্ৰমে বাক্সা জিলাৰ বগাধৰ ব্ৰহ্ম কিষাণ মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ দীপাংকৰ শৰ্মাৰ পিতৃও এগৰাকী খেতিয়ক৷ তেওঁ অসম বাৰ্তাক কয়, “টকাখিনি লাভ কৰি মই যথেষ্ট আনন্দিত হৈছোঁ৷ অৱশ্যে মই কেইখনমান পাঠ্যপুথি আগতেই ক্ৰয় কৰিছিলোঁ যদিও আৰু দুখনমান কিনিবলৈ বাকী আছিল৷ চৰকাৰৰ এই পদক্ষেপে আমাক সহায় কৰাৰ লগতে আৰু দুগুণ উৎসাহেৰে পঢ়িবলৈ অনুপ্ৰেৰণাও যোগাইছে৷ এই ছেগতে মই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷’