ৰাজ্যখনৰ উচ্চ শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা মাহত জনতা ভৱনৰ এক অনুষ্ঠানত প্ৰজ্ঞান ভাৰতী আঁচনিৰ প্ৰথম পৰ্যায়ৰ অধীনত ৩৪৯খন প্ৰতিষ্ঠানলৈ ৬৮.৪৪ কোটি টকা বিতৰণ কৰে।
এই আঁচনিখনে আৰ্থিকভাৱে পিছপৰা আৰু মধ্যবিত্ত শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া উচ্চ শিক্ষা নিশ্চিত কৰিছে। ৰাজ্য চৰকাৰৰ নীতিৰ অধীনত এক লাখ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ সপোন পূৰ্ণ কৰাৰ পথ প্ৰশস্ত কৰিছে। ২০১৬-১৭ বৰ্ষত অসম চৰকাৰে উচ্চ শিক্ষাত শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ মাচুল ৰেহাইৰ ব্যৱস্থাৰ সৈতে আঁচনিখন মুকলি কৰিছিল।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত উচ্চ শিক্ষাৰ বাবে মুঠ নামভৰ্তিৰ অনুপাত বৃদ্ধি কৰাৰ লক্ষ্যৰে ২০১৬-১৭ বৰ্ষত প্ৰজ্ঞান ভাৰতী আঁচনিৰ আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী সময়তো আঁচনিখনত উচ্চতৰ মাধ্যমিক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত শিক্ষাৰ্থীসকলক সামৰি লোৱা হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আঁচনিখনৰ অধীনত ২০১৬-১৭ বৰ্ষত প্ৰথমবাৰ ১,৩৮,০৮৫গৰাকী শিক্ষাৰ্থীৰ লগতে ২০২৩-২৪ বৰ্ষত মুঠ ২,৯৪,৬৩৩গৰাকী শিক্ষাৰ্থী উপকৃত হৈছে।
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত নামভৰ্তিৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২,২৮,৩৯৯গৰাকী শিক্ষাৰ্থীয়ে ‘সমৰ্থ প’ৰ্টেল’ৰ অধীনত নামভৰ্তিৰ বাবে আবেদন কৰিছিল। মুঠ আবেদনকৰ্তাসকলৰ ভিতৰত ৮৫.২% শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে। তেওঁ উল্লেখ কৰে যে শিক্ষাখণ্ডত ভৱিষ্যতে প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ এক বিশেষ ভূমিকা থাকিব। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “সমৰ্থ প’ৰ্টেলত এই প্ৰযুক্তি ব্যৱহাৰ কৰি চৰকাৰে নামভৰ্তি প্ৰক্ৰিয়াটো নিকা আৰু অসুবিধাৰ পৰা মুক্ত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে।”
তেওঁ কয়, “এই বছৰ আমাৰ মহাবিদ্যালয়সমূহত শিক্ষাৰ্থীৰ নামভৰ্তি আটাইতকৈ নিকা আছিল। শিক্ষাৰ্থীসকলৰ নামভৰ্তি প্ৰক্ৰিয়াৰ বিষয়ে সকলো সময়মতে সম্পাদন হৈছিল। প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে প্ৰশাসনিক কাম-কাজত অনুশাসন আহিছে।”
মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তা প্ৰকাশ কৰি কয় যে ভৱিষ্যতৰ সুপ্ৰশাসনৰ বাবে প্ৰযুক্তিৰ একত্ৰীকৰণ অতি গুৰুত্বপূৰ্ণ আৰু অনিবাৰ্য। “কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিৰ ব্যৱহাৰ স্তব্ধ কৰিব নোৱাৰি আৰু ৰাজ্যখনৰ শিক্ষাখণ্ডত ই এক বৃহৎ ভূমিকা পালন কৰিছে,” তেওঁ কয়।
‘সমৰ্থ’ পদক্ষেপৰ সফলতাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিহাৰ আৰু গোৱাৰ শিক্ষামন্ত্ৰীসকলে নামভৰ্তিৰ এই প্ৰক্ৰিয়াৰ সফলতা সম্পৰ্কে অধ্যয়ন কৰিবলৈ ৰাজ্যখন ভ্ৰমণ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে শিক্ষাৰ্থীসকলৰ বৌদ্ধিক বিকাশৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ নিযুত মইনা আঁচনিৰ লগতে বিনামূলীয়া চাইকেল আৰু স্কুটি বিতৰণ আঁচনিৰ বিষয়েও উল্লেখ কৰি কয় যে এনে প্ৰচেষ্টাৰ ফলত নামভৰ্তি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কটন কলেজত (বৰ্তমান বিশ্ববিদ্যালয়) নিজৰ ছাত্ৰ জীৱনৰ বিষয়ে স্মৰণ কৰি তেওঁ কয় যে সেই সময়ত মাচুল পৰিশোধ কৰাৰ বাবে বহু শিক্ষাৰ্থীয়ে আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। এই দিনবোৰে তেওঁক নিম্ন আৰু মধ্যবিত্ত শ্ৰেণীৰ গোটৰ শিক্ষাৰ্থীসকলৰ লগতে দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া নামভৰ্তিৰ ধাৰণাক কাৰ্যকৰী কৰিবলৈ প্ৰেৰণা যোগাইছিল।
পূৰ্বতে ২ লাখ টকালৈকে বাৰ্ষিক উপাৰ্জন থকা অভিভাৱকৰ সন্তানকহে বিনামূলীয়া নামভৰ্তিৰ বাবে যোগ্য বিবেচিত কৰা হৈছিল। এই বছৰ এই সীমা ৪ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। মহাবিদ্যালয়সমূহে এতিয়া পূৰ্বে ব্যৱহৃত উপাৰ্জনৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে পৰিয়ালৰ উপাৰ্জনৰ প্ৰমাণ হিচাপে ৰেচন কাৰ্ডক যোগ্য নথি হিচাপে ব্যৱহাৰ কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এতিয়ালৈকে বিতৰণ কৰা পুঁজি প্ৰথম পৰ্যায়ৰ অংশ আছিল। চিউইটি আৰু অন্যান্য নামভৰ্তি কৰা শিক্ষাৰ্থীসকল ছেপ্টেম্বৰত আঁচনিখনৰ অধীনত আৰ্থিক সুবিধাৰ দ্বাৰা লাভান্বিত হ’ব ।
“পৰৱৰ্তী পৰ্যায়ৰ স্পট এডমিশ্যনৰ লগতে তৃতীয় আৰু পঞ্চম ষাণ্মাসিকৰ চিউইউটি আৰু নন-চিউইউটি প্ৰাৰ্থীৰ বাবে মাচুল ৰেহাইৰ পুঁজি ছেপ্টেম্বৰত বিতৰণ কৰা হ’ব,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।