• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Tuesday, February 7, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

প্ৰজ্ঞান ভাৰতীঃ সাধনাৰ প্ৰেৰণা 

AB Bureau by AB Bureau
January 1, 2023
in অনিৰুদ্ধ অসম, অসমীয়া
0
0
প্ৰজ্ঞান ভাৰতীঃ সাধনাৰ প্ৰেৰণা 

অনুষ্ঠানত এগৰাকী মেধাৱী শিক্ষাৰ্থীক স্কুটাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই

মাৰ্টিনা কাশ্যপে মেধাৰ জৰিয়তে তেওঁৰ নিজ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু তেওঁৰ এই সফলতাই আন দহজনৰ বাবে এক প্ৰেৰণাৰ উৎস হৈ ৰ’ব৷ তেওঁ অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত প্ৰদান কৰা বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত এখন দুচকীয়া বাহন লাভ কৰা এগৰাকী যোগ্য হিতাধিকাৰী৷ ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষাত কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৯১.৮% নম্বৰ লাভ কৰি তেওঁ শিক্ষানুষ্ঠানখনলৈও গৌৰৱ কঢ়িয়াই আনিছে৷ ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হোৱাৰ লক্ষ্য আগত ৰাখি মাৰ্টিনাই বৰ্তমান মেডিকেল কলেজত নামভৰ্তিৰ বাবে প্ৰস্তুতি চলাই আছে৷

মাৰ্টিনাই অসম বাৰ্তাৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰি কয়, “এই পদক্ষেপৰ বাবে অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ এনেধৰণৰ পদক্ষেপসমূহে ছাত্ৰ-ছাত্ৰীসকলক নিশ্চয় প্ৰেৰণা যোগাব৷ অৱশ্যে মই এটা কথা ক’বলৈ বিচাৰোঁ যে চৰকাৰে দুচকীয়া বাহনখনৰ বিকল্প হিচাপে নগদ ধনো প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে৷ ইয়াৰ জৰিয়তে আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হ’ব৷”

বিগত ৩০ নৱেম্বৰত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীসকললৈ ড॰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰে৷ আঁচনিখনৰ অধীনত মুঠ ৩৫,৮০০গৰাকী ছাত্ৰছাত্ৰীলৈ বঁটা হিচাপে স্কুটাৰ বিতৰণ কৰা হয়৷ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷

হিতাধিকাৰীসকলৰ ভিতৰত ৬,০৫২গৰাকী ছাত্ৰ আৰু ২৯,৭৪৮গৰাকী ছাত্ৰী৷ এই বঁটাৰ বাবে যোগ্য হ’বলৈ ছাত্ৰসকলে ন্যূনতম ৭৫% আৰু ছাত্ৰীসকলে ন্যূনতম ৬০% নম্বৰেৰে উত্তীৰ্ণ হ’ব লাগে৷

কে চি দাস কমাৰ্চ মহাবিদ্যালয়ৰ ছাত্ৰ বাসুদেৱ মণ্ডলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯০.২ শতাংশ নম্বৰ লাভ কৰিছিল৷ তেওঁ কয়, “মোৰ থকা ঠাইখিনিৰ পৰা কলেজলৈ যাতায়াত ব্যৱস্থা সুগম নহয় বাবে নিতৌ অহা-যোৱা কৰোঁতে বহুখিনি টকা খৰচ হোৱাৰ লগতে সময়ৰো অপচয় হৈছিল৷ স্কুটীখন লাভ কৰাৰ পাছত এইবোৰ সমস্যা দূৰ হ’ব৷ ইয়াৰ জৰিয়তে মই সকলোকে আহ্বান জনাইছোঁ যে ভৱিষ্যতে কোনোৱে যাতে আইন উলংঘা নকৰে৷ অনাকাংক্ষিত দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ স্কুটী চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰাৰ লগতে ট্ৰেফিক আইন মানি চলাটো নিতান্তই প্ৰয়োজনীয়৷”

কটন বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত ৯২ শতাংশ নম্বৰ লাভ কৰা পৰাগ কুমাৰ শৰ্মা প্ৰজ্ঞান ভাৰতী আঁচনিৰ আন এগৰাকী হিতাধিকাৰী৷ তেওঁ বৰ্তমান স্নাতক প্ৰথম ষাণ্মাসিকত অধ্যয়নৰত৷ বাসুদেৱৰ দৰেই পৰাগেও স্কুটীখন লাভ কৰাৰ ফলত তেওঁৰ সময় ৰাহি হোৱাৰ লগতে কষ্টও কিছু কম হ’ব বুলি জনায়৷

আঁচনিখন উন্মোচনৰ কেন্দ্ৰীয় বিতৰণী অনুষ্ঠানত কামৰূপ (মহানগৰ) আৰু কামৰূপ জিলাৰ মেধাৱী ছাত্ৰছাত্ৰীসকলক স্কুটীসমূহ বিতৰণ কৰাৰ বিপৰীতে বাকী জিলাসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক ডিচেম্বৰৰ ভিতৰত স্কুটীসমূহ বিতৰণ কৰা হ’ব বুলি ঘোষণা কৰা হৈছে৷

অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০২২ চনৰ ৩০ নৱেম্বৰৰ দিনটো আঁচনিখনৰ অধীনত মেধা বঁটা লাভৰ বাবে যোগ্যৰ তালিকাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ বাবে এক ঐতিহাসিক মাইলৰ খুঁটি৷

উন্নয়ন আৰু বিকাশৰ বাবে যুৱপ্ৰজন্মক নেতৃত্ব গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মেধাৱী  ছাত্ৰ-ছাত্ৰীসকলক অন্যান্য ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে ফেৰ মাৰি হাতে হাত ধৰি আগবাঢ়ি যাবলৈ আহ্বান জনায় যাতে তেওঁলোকেও সুযোগসমূহৰ সুফল লাভ কৰিব পাৰে৷

আহি থকা দিনসমূহত ডিজিটাইজেশ্যনে উন্নয়নৰ মন্ত্ৰ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিবলৈ আহ৩ান জনায়৷ তেওঁ কয় যে উদ্ভাৱনৰ জগতখনে সকলোৰে বাবে লাভজনক আৰু বিকাশৰ সুযোগ কঢ়িয়াই আনে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়, “উদ্ভাৱনে তেওঁলোকক নিয়োগ প্ৰাৰ্থী হৈ থকাতকৈ নিয়োগ-প্ৰদানকাৰী হোৱাটো নিশ্চিত কৰিব৷”

মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক আকাশ চুমাৰ লক্ষ্য সুনিশ্চিত কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অনাগত দিনত যদিহে তেওঁলোকে নিজ নিজ আকাংক্ষাক কেৱল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ মাজত সীমাবদ্ধ কৰি ৰাখে তেন্তে তেওঁলোকৰ প্ৰতিভাৰ অপচয় হ’ব৷

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰীক বছৰি ১০,০০০ টকাকৈ প্ৰদান কৰাৰ বাবে এখন আঁচনি ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰে৷ আঁচনিখনত আৱেদন কৰিবলৈ শিক্ষা বিভাগে শীঘ্ৰে এটা প’ৰ্টেল মুকলি কৰিব আৰু এই প’ৰ্টেলত সকলো ছাত্ৰীক আৱেদন জনোৱাৰ বাবে তেখেতে আহ্বান জনায়৷

উক্ত অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, অসমৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাকে ধৰি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷

ShareTweetShare

Related Posts

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
4
যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
2
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
4
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
4
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
6
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
4
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In