মালিগাঁওস্থিত ললিত চন্দ্ৰ ভড়ালী মহাবিদ্যালয়ৰ ছাত্ৰ কৰণ নাথে বাইহাটাৰপৰা আৰু তেওঁৰ সহপাঠী ৰবিউল আলমে হাজোৰপৰা গুৱাহাটীলৈ নিতৌ যাতায়াত কৰে৷ তেওঁলোকে সদায় জালুকবাৰীৰপৰা ভৰলুমুখলৈ হোৱা যান-জঁটৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ এই দুগৰাকী ছাত্ৰৰ লগতে ব্যৱসায়ী প্ৰদীপ দাস, কৰ্পোৰেট কৰ্মচাৰী আতিশ মিত্ৰ আৰু কামাখ্যা মন্দিৰৰ পূজাৰী নৱজ্যোতি শৰ্মাৰ বাবে ৩০ এপ্ৰিলৰ দিনটো বৰ গুৰুত্বপূৰ্ণ৷ গুৱাহাটীৰ কেইবালাখ বাসিন্দাৰ দৰেই তেওঁলোকেও মালিগাঁৱৰ নৱনিৰ্মিত উৰণ সেতুৰ উদ্বোধনৰ পাছত যান-জঁটৰ তিক্ততা অনুভৱ কৰিব নালাগিব বুলি আশা ব্যক্ত কৰে৷
কৰণ আৰু ৰবিউলে মালিগাঁৱত থকা এলচিবি কলেজত সময়মতে উপস্থিত হ’বলৈ ক্ৰমে বাইহাটা চাৰিআলি আৰু হাজোৰপৰা পুৱা বৰ সোনকালে যাত্ৰা কৰিবলগীয়া হৈছিল৷ চাহ বিক্ৰেতা প্ৰদীপ দাসে প্ৰায়ে তেওঁৰ একাংশ গ্ৰাহকৰ মাজত যান-জঁটক লৈ অসন্তুষ্টিৰ ভাব দেখা পালেও আন একাংশৰ মাজত নতুন উৰণ সেতু নিৰ্মাণক লৈ ইতিবাচক মনোভাব দেখা পাইছিল৷ আতিশ মিত্ৰই সন্তুষ্টি ব্যক্ত কৰে যে তেওঁ এতিয়া আদাবাৰীৰ ঘৰৰপৰা জিএছ ৰোডস্থিত তেওঁৰ কাৰ্যালয়লৈ অহা-যোৱা কৰোঁতে কমেও এঘণ্টা সময় ৰাহি হ’ব৷

একেদৰেই নীলাচলস্থিত শক্তিপীঠ কামাখ্যা ধামৰ পূজাৰী নৱজ্যোতি শৰ্মাই এই সেতুখন কামাখ্যা ধামলৈ অহা ভক্তবৃন্দ তথা পৰ্যটকসকলৰ বাবে বিশেষ সুবিধাজনক হ’ব বুলি মত পোষণ কৰে৷ তেওঁ কয়, “আগতে বাহিৰৰ পৰ্যটকসকলে আমাক মন্দিৰ দৰ্শনৰ সময়ৰ বিষয়ে সুধিলে যান-জঁটৰ বাবে এঘণ্টা পূৰ্বেই আহিবলৈ কৈছিলোঁ৷ বহুতো পৰ্যটকে সময়মতে বিমানবন্দৰত উপস্থিত হ’ব নোৱাৰাত ফ্লাইট মিছ কৰাৰো নিদৰ্শন আছে৷ এতিয়া তেওঁলোকৰ কষ্ট যথেষ্ট কমিব৷ ইমান ধুনীয়া এখন উৰণ সেতু বৰ কম সময়তে নিৰ্মাণ কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ৷”
নীলাচল পাহাৰৰ নামেৰে নামকৰণ কৰা প্ৰায় ৪২০.৭৫ কোটি টকা ব্যয়েৰে গুৱাহাটীৰ পাণ্ডুঘাট, মালিগাঁও চাৰিআলি আৰু কামাখ্যা গেটসংযোগী উৰণ সেতুখন ৩০ আগষ্টৰ সন্ধিয়া উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ এ টি ৰোডস্থিত মূল উৰণ সেতুখন চাৰি লেনযুক্ত আৰু এই অংশৰ দৈৰ্ঘ্য ২.০৬৫ কিল’মিটাৰ তথা প্ৰস্থ ১৬.৬ মিটাৰ৷ পাণ্ডুঘাট ফিডাৰ পথলৈ সম্প্ৰসাৰিত ২ লেনযুক্ত বাহু অংশৰ দৈৰ্ঘ্য ২১০ মিটাৰ আৰু প্ৰস্থ ৮ মিটাৰ৷ ৩৫ মাহৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা এই সেতুখন হৈছে ৰাজ্যৰ দীৰ্ঘতম উৰণ সেতু৷
উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সময়মতে উৰণ সেতুখন সম্পূৰ্ণ হোৱাত গভীৰ সন্তুষ্টি ব্যক্ত কৰে৷
গুৱাহাটীৰ অন্যতম ব্যস্ত পথছোৱাত মালিগাঁৱত উৰণ সেতুৰ প্ৰয়োজনীয়তা দীৰ্ঘদিন ধৰি অনুভৱ কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে গুৱাহাটীবাসীৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবেই অঞ্চলটোত এখন উৰণ সেতু নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ গুৱাহাটী আৰু ইয়াৰ আশে-পাশে একেধৰণৰ কেইবাখনো উৰণ সেতু নিৰ্মাণ প্ৰকল্পৰ বিষয়ে তেওঁ ঘোষণা কৰে৷

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ বিষয়ে উল্লেখ কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে যে দলংখন স্থপতিবিদ্যাৰ দিশৰপৰা অনন্য হিচাপে পৰিগণিত হ’ব আৰু ইয়াৰ নাই মুম্বাই ছী-লিংক দলঙৰ সৌন্দৰ্যকো অতিক্ৰম কৰিব৷ তেওঁ লগতে কয়, “কামাখ্যা ৰে’ল ষ্টেচনৰ সৈতে মা কামাখ্যা মন্দিৰ সংযোগ কৰা এটা ৰ’পৱে প্ৰকল্প ২০২৬ চনত কাৰ্যকৰী হ’ব৷” ড॰ শৰ্মাই কয় যে গুৱাহাটীৰ চাৰিওফালে নিৰ্মাণ হ’বলগীয়া ‘ৰিং ৰোড’ শীঘ্ৰেই বাস্তৱত পৰিণত হ’ব আৰু ২০৩০ চনৰ ভিতৰত গুৱাহাটীৰ সকলো প্ৰকল্প বাস্তৱায়িত হ’ব বুলি বিশ্বাস প্ৰকাশ কৰে৷
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক কামাখ্যা মন্দিৰৰ সৈতে সংযোগ কৰি এখন উৰণ সেতু নিৰ্মাণৰ সপোনৰ কথাও মুখ্যমন্ত্ৰী ড॰ শৰ্মাই উল্লেখ কৰে৷ তেওঁ লগতে কয় যে পাণ্ডুৰ অন্তিম সীমাক শক্তিপীঠৰ সৈতে সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং নিৰ্মাণ কৰা হ’ব৷
গুৱাহাটী বিমানবন্দৰত নতুন টাৰ্মিনেলৰ নিৰ্মাণ শীঘ্ৰেই সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰি লোক নিৰ্মাণ বিভাগৰো দায়িত্ব থকা ড॰ শৰ্মাই কয় যে ধাৰাপুৰক জালুকবাৰীৰ সৈতে সংযোগ কৰা এটা ৬ লেনযুক্ত পথ আৰু ধাৰাপুৰ চাৰিআলিত এখন উৰণ সেতু নিৰ্মাণ কৰা হ’ব৷ তদুপৰি, দীপৰ বিলৰ সন্মুখত এটা ৰ’টাৰী নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ কয়৷
তদুপৰি, ডাউন টাউন হস্পিটেল, ৰাজীৱ ভৱনৰ সন্মুখৰ পথত আৰু ভৰলুমুখ ৰেল ক্ৰছিঙৰ ওপৰেৰে উৰণ সেতু নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ লগতে ৰিজাৰ্ভ বেংকৰ কাৰ্যালয় আৰু বামুণীমৈদামৰ মাজত ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু অতি সোনকালেই নিৰ্মাণকাৰ্য আৰম্ভ হ’ব বুলি তেওঁ বিশেষভাৱে উল্লেখ কৰে৷ তদুপৰি, গুৱাহাটীক উত্তৰ গুৱাহাটীৰ সৈতে সংযোগ কৰা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হৈ থকা দলংখন অহা বছৰ দুৰ্গা পূজাৰ পূৰ্বে উদ্বোধন কৰা হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে৷
“গুৱাহাটী এতিয়া ‘উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ’ হিচাপে সীমাবদ্ধ হৈ নাথাকিব৷ বৰঞ্চ অনাগত দিনবোৰত গুৱাহাটী মহানগৰী ‘দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ’ হিচাপে স্বীকৃতি লাভ কৰিব”, মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
উৰণ সেতুখনৰ নিৰ্মাণৰ ফলত মূলতঃ কামাখ্যা ৰে’লৱে ষ্টেচন, উত্তৰ-পূব সীমান্ত ৰে’লৱে মুখ্য কাৰ্যালয়, পাণ্ডু প’ৰ্ট, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু কামাখ্যা মন্দিৰ সুচল যাতায়াতৰ গন্তব্য স্থল হিচাপে পৰিগণিত হ’ব বুলি আশা কৰা হৈছে৷