ভাৰতৰ পূব-হিমালয়ৰ দৃশ্যপটত বিস্তৃত হৈ আছে উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰ্যপূৰ্ণ জৈৱসংস্কৃতি৷ ইয়াত অন্তৰ্ভুক্ত হৈ আছে ২০০তকৈও অধিক খিলঞ্জীয়া সম্প্ৰদায়৷ অঞ্চলটোৰ ৭০%ৰো অধিক লোক বাস কৰে গ্ৰামাঞ্চলত আৰু ইয়াৰে ৮০% নিয়োজিত হৈ আছে কৃষি, কৃষিবন, মীন পালন, পৰ্যটন, খাদ্য আৰু পানীয়ৰ দৰে প্ৰকৃতি নিৰ্ভৰশীল খণ্ডত৷ জলবিভাজিকাসমূহ আৰু দাঁতিকাষৰীয়া অৰণ্যসমূহৰদ্বাৰা অঞ্চলটোৰ জল-ভূবিজ্ঞান পৰিচালিত হৈ আহিছে৷ এই ভূগোল অবিহনে অঞ্চলটোত ভূগৰ্ভস্থ পানীৰ পূৰ্ণতা নাথাকিব, বান অধিক ধ্বংসাত্মক হ’ব, গৰাখহনীয়া অত্যধিক হ’ব আৰু নদী তথা সুঁতিসমূহৰ প্ৰবাহ নিয়মীয়া নহ’ব৷
২০১৯ চনৰ ৰাষ্ট্ৰীয় জলবায়ু সংবেদনশীল মূল্যায়নৰ তথ্যত ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে প্ৰকাশ কৰিছে যে উত্তৰ-পূবৰ প্ৰাণকেন্দ্ৰ অসম জলবায়ুৰ ক্ষেত্ৰত সংবেদনশীল ভাৰতৰ শীৰ্ষ তিনিখন ৰাজ্যৰ ভিতৰত আছে৷ এই প্ৰতিৱেদন অনুসৰি বনৰ অৱক্ষয় বৃদ্ধি পোৱাৰ লগতে অসমত জলবায়ু সম্পৰ্কীয় প্ৰত্যাহ্বান বৃদ্ধি পাইছে৷ ইয়াৰ ফলত গ্ৰামাঞ্চলত জনমূৰি বন সম্পদৰ পৰিমাণ হ্ৰাস পাইছে৷ বৰ্তমানৰ পৰিস্থিতিত বনাঞ্চলৰ অৰ্থনৈতিক গুৰুত্বৰ লগতে বনজ সম্পদে আগবঢ়োৱা সেৱাসমূহৰ মূল্যাংকনত আলোকদৃষ্টি দিয়াৰ প্ৰয়োজনীয়তা আছে৷ সেয়েহে অসম তথা সম্পূৰ্ণ পূব হিমালয় অঞ্চলতে প্ৰকৃতিপ্ৰদত্ত মূলধনক উচিত মূল্য প্ৰদান কৰিলেহে অঞ্চলটোৰ ভৱিষ্যৎ সুৰক্ষিত হ’ব৷
এক প্ৰকৃতি আধাৰিত অৰ্থনীতিৰ বাবে নেচাৰন’মিক্স
অমৃত বৃক্ষ আন্দোলনৰ অভিলাষী পৰিকল্পনা আৰম্ভ কৰাৰ এয়াই হৈছে সঠিক সময়৷ বিশেষকৈ গ্ৰামাঞ্চলৰ সম্প্ৰদায়সমূহৰ বাবে প্ৰকৃতিৰ বাবে ইতিবাচক এক অৰ্থনীতিৰ গঢ় দিয়াটো অনাগত দিনৰ সবলতাৰ বাবে গুৰুত্বপূৰ্ণ৷ ২০২২ চনত ভাৰতে থলুৱা সম্প্ৰদায়সমূহৰ পৰম্পৰাগত কৃষিবন প্ৰণালীক উৎসাহিত কৰাৰ বাবে সহযোগ আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰিছিল৷ জলবায়ু-স্থিতিস্থাপক কৃষি নীতিক শক্তিশালী কৰাৰ দিশত এয়া এক উত্তম পদক্ষেপ আছিল৷
শোণিতপুৰ আৰু যোৰহাট জিলাৰ গ্ৰামাঞ্চলৰ জনসাধাৰণৰ সৈতে ভৱিষ্যতৰ গাঁৱৰ আৰ্হিৰ জৰিয়তে এৰেহা মাটিত বনানীকৰণ আৰু কৃষিক কৃষিবনলৈ ৰূপান্তৰ কৰাৰ দিশত কাম কৰাৰ অভিজ্ঞতা হৈছিল৷ এই অভিজ্ঞতাৰ পৰা আমি স্পষ্টৰূপত বুজি উঠিছিলোঁযে ‘গছবোৰ লাভজনক’৷ নদীদ্বীপসমূহৰ বাসিন্দাসকলে গৰাখহনীয়া আৰু ভূমিৰ ক্ষতি হ্ৰাস কৰাৰ ক্ষেত্ৰত গছপুলি ৰোপণ কৰাৰ সুফলাফল লাভ কৰিছে৷ তেওঁলোকৰ উপাৰ্জনৰ ক্ষেত্ৰত ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিছে৷ এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰা কৃষিৰ জৰিয়তে বছৰি গড়ে ৪৫,০০০ টকা উপাৰ্জন কৰি থকা কৃষকসকলৰ অন্তৰ্ভুক্তিৰ এবছৰৰ ভিতৰতে উপাৰ্জন ৪০-৫০% বৃদ্ধি পাইছে: নেচাৰন’মিক্স কাৰ্যকৰী হৈছে৷
নেচাৰন’মিক্সৰ ধাৰণাটো অতি সৰল: প্ৰকৃতি আৰু অৰ্থনীতি পাৰস্পৰৰ ওপৰত নিৰ্ভৰশীল৷ এই ব্যৱস্থাই আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ মূল্যাঙ্কনক আধাৰিত কৰি এটা নৱ-দৃষ্টান্তৰ প্ৰস্তাৱ আগবঢ়াইছে৷ ঐতিহাসিকভাৱে দেখা যায় যে এই প্ৰাকৃতিক সম্পদসমূহৰ সৈতে আমাৰ এক পোনপটীয়া সৰল সম্পৰ্ক আছে৷ অৱশ্যে, নেচাৰন’মিক্স হৈছে এই প্ৰাকৃতিক সম্পদসমূহৰ পুনৰুদ্ধাৰ আৰু পুনৰ্গঠনত বিনিয়োগ কৰা আৰু আৰু প্ৰকৃতি প্ৰদত্ত মূলধনক নিৰ্ভৰ কৰি বহনক্ষম উপাৰ্জন কৰা৷ গোলকীয় ব্যৱসায় তথা দেশসমূহে বৰ্তমান সময়ত নিজৰ অৰ্থনৈতিক দৃষ্টান্তৰ ক্ষেত্ৰত এক পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে – বিত্তীয় প্ৰণালীত প্ৰকৃতি প্ৰদত্ত মূলধনক একত্ৰিত কৰিব পৰা৷
পুনৰ্গঠনমূলক ভৱিষ্যতৰ বাবে প্ৰকৃতি মূল্য উপলব্ধি কৰা
ৰাষ্ট্ৰীয় অৰ্থনীতিত জৈৱ-বৈচিত্ৰ্যৰ ক্ষতিৰ বিপদাশংকাৰ বাবেই হওক, অন্ততঃ প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰৰ মূল্যক উপলব্ধি কৰাৰ প্ৰয়োজনীয়তাই আন্তৰ্জাতিক ক্ষেত্ৰত এক গতি লাভ কৰিছে৷ উদাহৰণ স্বৰূপে, ২০৫০ চনলৈকে পৰিস্থিতি তন্ত্ৰ ধ্বংস আৰু জৈৱ-বৈচিত্ৰ্যৰ ক্ষতিৰ বাবে হোৱা জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰতৰ বাৰ্ষিক মুঠ ঘৰুৱা উৎপাদনৰ ২% হেৰুৱাব বুলি শংকা ব্যক্ত কৰা হৈছে৷ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰকৃতিক গুৰুত্ব প্ৰদান কৰিবলৈ ৰাষ্ট্ৰসংঘৰ এছইইএ-ত স্বাক্ষৰ কৰা ৯০খন দেশৰ ভিতৰত ভাৰতো অন্যতম৷ মূল্য নিৰ্ধাৰণে আমাৰ ক্ষতিৰ লগতে প্ৰকৃতিত কাৰ্যকৰীভাৱে বিনিয়োগ কৰিলে আমি কেনেদৰে লাভাম্বিত হ’ম সেই বিষয়েও এখন স্পষ্ট ছবি ডাঙি ধৰে৷
অসম বনজ সম্পদৰে সমৃদ্ধ ৰাজ্য৷ অমৃত বৃক্ষ আন্দোলন হৈছে অবনাঞ্চলত গছৰ জৰিয়তে প্ৰাকৃতিক মূলধন পূৰণ কৰাৰ দিশত আগবঢ়োৱা এক সঠিক ‘প্ৰথম পদক্ষেপ’৷ ২০০৬ চনত গ্ৰীন ইণ্ডিয়া ষ্টেটছ ট্ৰাষ্টৰ এক অধ্যয়নত প্ৰকাশ পাইছিল যে অসমত ৰ হেক্টৰ বনাঞ্চলে প্ৰাকৃতিক মূলধনৰ ক্ষেত্ৰত বছৰি ৩৫ লাখ টকাৰ অৱদান আগবঢ়ায়৷ ইয়াত প্ৰত্যক্ষ অৰ্থনৈতিক লাভালাভৰ লগতে মাটিৰ পুনৰ্বিকাশ আৰু খহনীয়া প্ৰতিৰোধৰ দৰে পৰোক্ষ অৰ্থনৈতিক মূল্য অন্তৰ্ভুক্ত হৈ আছে৷ নতুন অৰ্থনৈতিক পৰিস্থিতিৰ বাবে নতুন মূল্য নিৰ্ধাৰণৰ প্ৰয়োজন: কাৰ্বন বজাৰৰ মূল্য বৃদ্ধিৰ বাবে হোৱা বনাঞ্চলৰ বৰ্ধিত মূল্য, বানৰ ক্ষতিৰ বৰ্ধিত ব্যয় আৰু গৰাখহনীয়া আৰু মৰুভূমিকৰণ প্ৰতিৰোধৰ বৰ্ধিত ব্যয় আদি৷
২০২০ চনত সংযুক্ত গণৰাজ্যৰ ট্ৰেজাৰীয়ে কমিছন কৰা ছাৰ পাৰ্থ দাশগুপ্তাৰ ইকনমী অৱ বায়’ডাইভাৰছিটী শীৰ্ষক যুগান্তকাৰী অধ্যয়নত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নীতি আৰু অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত প্ৰকৃতিক কেনেদৰে অন্তৰ্ভুক্ত কৰিব লাগে তাৰ এক প্ৰণালীবদ্ধ ৰূপৰেখা প্ৰস্তুত কৰা হৈছিল৷ দ্য দাশগুপ্তা ৰিভিউ-য়ে চাহিদা-যোগান অৰ্থনীতিৰ পটভূমিৰ জৰিয়তে প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰটোক বুজিবলৈ এক অত্যাধুনিক অৰ্থনৈতিক ক্ষেত্ৰঅধ্যয়ন আগবঢ়াইছে৷ পৰিস্থিতি তন্ত্ৰৰ সেৱাসমূহৰ ব্যৱহাৰৰ বৃদ্ধি ইয়াৰ যোগান পুনৰ সৃষ্টিতকৈ দ্ৰুততৰ৷ এই প্ৰতিৱেদনখনে যোগান ব্যৱস্থা পুনৰ সৃষ্টি কৰাৰ বাবে ৰাষ্ট্ৰীয় একাউণ্টিং আৰু বাজেটিং প্ৰণালীত প্ৰকৃতিক অন্তৰ্ভুক্ত কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়৷ প্ৰকৃতি-আধাৰিত সমাধানৰ বাবে বিত্তীয় বিনিয়োগ বৃদ্ধি কৰা, প্ৰকৃতি পুনৰ্গঠন কৰিব পৰা ব্যৱসায়ক উৎসাহিত কৰা আৰু পৰিস্থিতি তন্ত্ৰক ধ্বংস কৰিব পৰা প্ৰথাবোৰক আইনীভাৱে দণ্ডিত কৰা আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰাৰ বাবেও এই প্ৰতিৱেদনে পৰামৰ্শ প্ৰদান কৰে৷
সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ লগতে ব্যৱহাৰৰ পৰিমাণৰ সৈতে সংগতি ৰাখি আমাৰ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰটোৰ পুনৰুত্থান নিশ্চিত কৰিবলৈ অসমৰ অৰণ্যত নতুন বিনিয়োগৰ প্ৰয়োজন৷ অৱক্ষয় হোৱা ভূমিৰ বৈজ্ঞানিক পদ্ধতিৰে পুনৰুদ্ধাৰৰ বাবে এমএছএমই-ক উৎসাহিত কৰাৰ উদ্দেশ্যে আৰু প্ৰকৃতি-আধাৰিত অৰ্থনীতিৰ বাবে মূল্য শৃংখলা– প্ৰক্ৰিয়াকৰণ, পৰিবহন, বজাৰৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ বাবে আমাক এক নীতিৰ প্ৰয়োজন৷ অসমৰ প্ৰাকৃতিক সম্পদৰ প্ৰকৃত মূল্য নিৰ্ধাৰণ কৰিহে, আমি নিশ্চিত কৰিব পাৰিম যে সম্প্ৰদায়সমূহ অৰ্থনৈতিকভাৱে লাভাম্বিত হ’ব আৰু লগতে জলবায়ু আৰু পাৰিপাশ্বিৰ্ক স্থিতিস্থাপকতাৰ দিশতো লাভান্বিত হ’ব পৰা যাব৷
আমাৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্য হৈছে আমাৰ সম্পদ: আমাৰ ভৱিষ্যতৰ বাবে এই সম্পদৰ ক্ষেত্ৰত বিনিয়োগ আৰু বিকাশ অব্যাহত ৰাখিব লাগিব৷