প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বনাথ চাৰিআলিৰপৰা গহপুৰলৈ ১,৪৫১ কোটি টকা ব্যয়েৰে চাৰিলেনযুক্ত কৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ লগতে ৫৯২ কোটি টকাৰে চাৰিলেনযুক্ত কৰা ডোলাবাৰীৰপৰা জামুগুৰিলৈ ৰাষ্ট্ৰীয় ঘাইপথটোৰ উদ্বোধন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন প্ৰচেষ্টা (পিএম-ডিভাইন) আঁচনিৰ অধীনত অনুমোদন জনোৱা ৪৯৮ কোটি টকাৰ মা কামাখ্যা এক্সপ্ৰেছ কৰিড’ৰ (দিব্যলোক পৰিযোজনা)ৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰপৰা কামাখ্যা মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলে বিশ্বমানৰ সুবিধা লাভ কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম মালা ২.০ ৰ অধীনত ৩,৪৪৪ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া একাধিক পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ অধীনত দক্ষিণ এছিয়াৰ উপ-আঞ্চলিক অৰ্থনৈতিক সহযোগিতা (এছএএছইচি) কৰিড’ৰ সংযোগৰ অংশ হিচাপে ৩৮খন দলং আৰু ৪৩টা পথ উন্নীতকৰণ হ’ব।
প্ৰধানমন্ত্ৰী মোদীয়ে ২৯৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এটা ইউনিটী মল আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক সংযোগী পথছোৱাৰ বহলকৰণৰ বাবে গ্ৰহণ কৰা ৩৫৮ কোটি টকা ব্যয়েৰ এটা প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে।

অঞ্চলটোৰ ব্যাপক ক্ৰীড়া সম্ভাৱনাৰ উৎকৰ্ষ সাধন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত ক্ৰীড়া আন্তঃগাঁথনি বৃদ্ধিৰ বাবে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত আছে নেহৰু ষ্টেডিয়ামক ৮৩১ কোটি টকাৰ প্ৰকল্প ব্যয়েৰে ফিফা মানৰ ফুটবল ষ্টেডিয়ামলৈ উন্নীতকৰণ আৰু চন্দ্ৰপুৰত ৩০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এখন অত্যাধুনিক ষ্টেডিয়াম।
প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলাৰ লগতে কৰিমগঞ্জত এখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ উন্নয়ন প্ৰকল্পৰ আনুমানিক ব্যয় হৈছে ৩,২৫০ কোটি টকা আৰু কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ আনুমানিক প্ৰকল্প ব্যয় হৈছে ৫৭৮ কোটি টকা।