ব্ৰহ্মপুত্ৰ, বৰাক, সোৱণশিৰি, জাঁজী আদি বিভিন্ন নদী-উপনদীয়ে অসমক যিদৰে সুজলা-সুফলা কৰিছে তাৰ সমান্তৰালকৈ বাৰিষা কালত বানপানীৰ দৰে বিৰাট সমস্যাৰো সৃষ্টি কৰি আহিছে৷ ৰাজ্যৰ জনজীৱনক বান সমস্যাটোৱে ইমানেই প্ৰভাৱিত কৰি আহিছে যে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ “লুইতৰ বলিয়া বান/ তই ক’লৈনো ঢাপলি মেলিছ? ’’ -এই কালজয়ী গীতটিৰ প্ৰতিটো শব্দৰ সৈতে আমি আজিও একাত্ম অনুভৱ কৰোঁ৷ অৱশ্যে প্ৰাকৃতিক আৰু ভৌগোলিক কাৰণত অসম দীৰ্ঘদিন ধৰি বান সমস্যাৰ সন্মুখীন হৈ আহিছে৷ ব’হাগ বিহুৰ সময়ৰেপৰা এইবাৰ অসমত প্ৰবল বৃষ্টিপাত হৈছে৷ ইয়াৰ ফলশ্ৰুতিত জলস্তৰ বৃদ্ধি পাই ৰাজ্যৰ ৩২খন জিলাৰ ৩, ২৪৬খন গাঁও বানপানী, গৰাখহনীয়া আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত হৈছে আৰু এই পৰ্যন্ত ৩৯জন লোকৰ মৃত্যু হৈছে৷ ইয়াৰে বৰাক উপত্যকা, ডিমা হাচাও, নগাঁও আৰু হোজাই জিলা বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথ প্ৰচেষ্টাৰে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বান সাহায্যৰ বাবে ১০০০ কোটি টকা আৱণ্টন দিছে আৰু ইয়াৰে ১৫০ কোটি টকা বিভিন্ন বানাক্ৰান্ত জিলাৰ বাবে আবণ্টন কৰাৰ লগতে পঞ্চদশ বিত্তীয় আয়োগৰ পৰামৰ্শৰ ভিত্তিত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীৰ পুঁজিৰপৰা আগতীয়াকৈ ৩২৪ কোটি টকা ৰাজ্যখনৰ বাবে মুকলি কৰি দিছে৷ চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ প্ৰায় ৮,৩৯,৬৯১ লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে৷ পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ মূহুৰ্তত SDRF কৰ্মীসকল জিলাসমূহৰ ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰ্ণয় কৰাৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ড্ৰ’ন আৰু ছেটেলাইট ডাটাৰ ব্যৱহাৰ কৰিব৷ “বানপীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ্সংস্থাপনৰ বাবে পুঁজিৰ কোনোধৰণৰ অভাৱ হোৱা নাই আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ চৰকাৰে ২৪ ঘণ্টাই সক্ৰিয়তাৰে কাম কৰি আছে”, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে৷ বৰাক উপত্যকাৰ লগতে বৰকৈ প্ৰভাৱিত হোৱা অঞ্চলসমূহত বিশেষ বিমানযোগে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে৷ এন ডি আৰ এফ আৰু এছ ডি আৰ এফে এইপৰ্যন্ত লক্ষাধিক লোকক উদ্ধাৰ কৰিছে আৰু বিভিন্ন অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত আছে৷ ৰাজ্যিক কেবিনেটে বান আৰু ভূমিস্খলনৰ ফলত আবদ্ধ হৈ থকা লোকসকলৰ বাবে বৰাক উপত্যকাৰ পৰা প্ৰতিজন যাত্ৰীৰ বাবে ৩০০০ টকাকৈ ৰাজসাহায্যযুক্ত ভাৰাৰ বিনিময়ত ফ্লাইবিগ এয়াৰলাইনছৰ এখন বিশেষ বিমান চলোৱাৰ সিদ্ধান্তত অনুমোদন জনাইছে৷ শেহতীয়াকৈ, ৰাজ্য চৰকাৰে বান-ভূমিস্খলনত বিধ্বস্ত ডিমা হাছাওত বিভিন্ন খণ্ডৰ পুনৰ্নিৰ্মাণৰ বাবে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য প্ৰদান কৰিবলৈ জৰুৰীকালীনভাৱে ৫০ কোটি টকাৰ পেকেজ আগবঢ়াইছে৷ এই পেকেজৰ অধীনত গুৰুত্বপূৰ্ণ পথসমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ৩০ কোটি টকা প্ৰদান কৰা হ’ব৷তদুপৰি, ৫৯০টা পৰিয়ালক তেওঁলোকৰ ক্ষতিগ্ৰস্ত ঘৰসমূহ পুনৰ্নিৰ্মাণ কৰিবলৈ ২ লাখ টকাকৈ প্ৰদান কৰা হ’ব৷ ইয়াৰ বাবে মুঠ ১১.৮০ কোটি টকা আবণ্টন দিয়াৰ লগতে মুঠ পুনৰুদ্ধাৰ পেকেজৰ ভিতৰত এছ ডি আৰ এফৰ পৰা ২৩ কোটি টকা আৰু এছ অ’ পি ডিৰ পৰা ২৭ কোটি টকা প্ৰদান কৰা হ’ব৷