কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিহাসবিদ, পণ্ডিত, শিক্ষাবিদ আৰু শিক্ষাৰ্থীসকলক ১৫০ বছৰতকৈও অধিক কাল শাসন কৰা ৩০খন ভাৰতীয় সাম্ৰাজ্যৰ লগতে ৩০০গৰাকী ঐতিহাসিক ব্যক্তিত্বৰ বিষয়ে গভীৰ অধ্যয়ন কৰি ‘মিথ্যা’ৰে পৰিপূৰ্ণ ইতিহাস সংশোধন কৰিবলৈ আহ্বান জনায়৷ “ইতিহাস বিকৃতকৰণ হোৱাৰ কথা বাৰে বাৰে আমাৰ কৰ্ণগোচৰ হয়৷ যি লিপিবদ্ধ হৈ আছে সেয়া সঠিকো হ’ব পাৰে কিন্তু অলিখিত গৌৰৱময় ইতিহাসৰ পুনঃলিখনৰ ক্ষেত্ৰত আমি থমকি নৰওঁ৷ এই ইতিহাস সংশোধন কৰি গৌৰৱেৰে বিশ্বদৰবাৰলৈ আমি আগুৱাই নিব লাগিব,” ২৪ নৱেম্বৰত নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ পূৰ্ণাংগ অধিৱেশনত অংশগ্ৰহণ কৰি তেওঁ এনেদৰে কয়৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰখনে ভাৰতৰ ইতিহাস সম্পৰ্কীয় সত্য উদঘাটনৰ বাবে গ্ৰহণ কৰা কেইবাটাও পদক্ষেপৰ বিষয়ে উল্লেখ কৰি শ্বাহে লাচিত বৰফুকনৰ বীৰত্বপূৰ্ণ গাথাৰ লগতে আহোমসকলে কিদৰে মোগলৰ উৰ্পযুপৰি আক্ৰমণ প্ৰতিৰোধ কৰি আঞ্চলটোৰ অখণ্ডতা ৰক্ষা কৰিছিল তাৰ বন্দনা কৰে৷ গৃহমন্ত্ৰীগৰাকীয়ে কয়, “যদি লাচিত বৰফুকন নাথাকিলহেঁতেন তেতিয়া উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ অংশই নহ’লহেঁতেন৷”
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সমৱেত লোকসকলক সম্বোধন কৰি কয়, “মুছলমান শক্তিয়ে ১২০৪ৰ পৰা ১৬০৭ চনৰ ভিতৰত কমেও ২২ বাৰ অসম আক্ৰমণ কৰিছিল যদিও মাত্ৰ নবাৰহে বিজয় লাভ কৰিছিল আৰু সেই বিজয়ো ক্ষণস্থায়ী আছিল৷”
পূৰ্ণাংগ অধিৱেশনখনত উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ, লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে বহুকেইগৰাকী কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰী, বিধায়ক, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, শিক্ষাবিদ, ইতিহাসবিদ, গৱেষক আৰু শিক্ষাৰ্থী৷ অসমৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে অনুষ্ঠানটোত আদৰণী ভাষণ প্ৰদান কৰে৷
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মা আৰু অন্যান্য গণ্যমান্য ব্যক্তিৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিশিষ্ট শিল্পী নুৰুদ্দিন আহমেদে সৃষ্টি কৰা অসমৰ গ্ৰাম্য পৰিৱেশ আৰু মধ্যযুগৰ অসমৰ শিল্পকলাৰ এখন প্ৰদৰ্শনীৰ পৰিদৰ্শন কৰে৷ লাচিত বৰফুকনৰ জীৱনৰ আধাৰত নিৰ্মিত এখন তথ্যচিত্ৰও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে৷
অনুষ্ঠানটিত দুখনকৈ আলোচনা-চক্ৰ আৰু এটা সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়৷