পশুপালন আৰু পশু চিকিৎসা বিভাগক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দৰে কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰে কাম-কাজ অব্যাহত ৰাখিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয় যে অসমৰ বৃহৎ পৰিমাণৰ পশুধনৰ চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ উদ্দেশ্যে পশু চিকিৎসা বিষয়াসকলৰ বাবে নতুনকৈ পদ সৃষ্টি কৰা হ’ব৷
গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা, মীন, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ২১০গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰাৰ পিছত তেওঁ এই কথা উল্লেখ কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ১৬১গৰাকী পশু চিকিৎসকৰ লগতে মীন বিভাগৰ ৩২গৰাকী, উদ্যোগ আৰু বাণিজ্য বিভাগৰ ১৩গৰাকী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৪গৰাকী নৱনিযুক্ত প্ৰাৰ্থীক বিভিন্ন পদৰ বাবে আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ আগবঢ়ায়৷
অনুষ্ঠানত উপস্থিত সকলোকে সম্বোধন কৰি ড॰ শৰ্মাই কয় যে ৰাজ্যখনৰ যোগ্য আৰু দক্ষ যুৱক-যুৱতীসকলক নিযুক্তি দিয়াটো অসমৰ মীনপালন, পশুপালন আৰু পশু চিকিৎসা খণ্ডত ৰাজহুৱা সেৱাৰ উন্নীতকৰণ আৰু প্ৰচাৰ-প্ৰসাৰৰ দিশত এক উল্লেখনীয় পদক্ষেপ৷
ৰাজ্যখনৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত মীনপালন, পশুপালন আৰু পশু চিকিৎসাৰ দৰে খণ্ডসমূহত থকা সম্ভাৱনীয়তাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰখনে এই খণ্ডসমূহক নতুন মাত্ৰা প্ৰদান কৰিবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে৷
নৱনিযুক্ত বিষয়াসকলক সমৰ্পিত মনোভাৱেৰে সেৱা আগবঢ়োৱাৰ লগতে তেওঁলোকে নিযুক্তি লাভ কৰা স্থানৰ লোকসকলৰ সৈতে এক সু-সম্পৰ্ক স্থাপন কৰিবলৈ তেখেতে আহ৩ান জনায়৷ সমাজত আদৰ্শ সৃষ্টিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে নতুনকৈ নিযুক্তি লাভ কৰা বিষয়াসকলৰ কৰ্তব্যনিষ্ঠা আৰু শালীনতাই সমাজখনৰ প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্য ৰাখি ৰাজ্যখনৰ যুৱ প্ৰজন্মক উৎসাহিত কৰাত যথেষ্ট সহায় কৰিব৷
নতুন নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত সন্তুষ্টি ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে যুৱক-যুৱতীসকলক ১ লাখ চৰকাৰী নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰত সুকলমে আগবাঢ়িছে ৷
উক্ত অনুষ্ঠানত কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ো ভাষণ প্ৰদান কৰে৷ তদুপৰি, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়া, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, চাহ জনজাতি কল্যাণ আৰু শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, শক্তি আৰু সহযোগিতা বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷