অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজত আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ উদ্দেশ্যে যোৱা ২২ ডিচেম্বৰত জনতা ভৱনত এখন আঞ্চলিক সমিতিৰ উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়৷ আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ ক্ষেত্ৰত যে বৰ্তমানৰ চৰকাৰখনে অগ্ৰাধিকাৰ প্ৰদান কৰিছে সেয়া বিগত দিনসমূহত স্পষ্ট হৈ পৰিছে৷
এই আলোচনাকালত অসমৰ তিনিচুকীয়া আৰু অৰুণাচলৰ নামচাই আৰু লোহিত জিলাৰ বিবদমান অঞ্চলসমূহ পৰিভ্ৰমণ কৰা আঞ্চলিক সমিতিয়ে অংশ লয়৷ এই বৈঠকত উপস্থিত থাকে অসম চৰকাৰৰ ৰাজ্যিক সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্বাওনা মিনে৷
অতুল বৰাই কয়, “আঞ্চলিক সমিতিৰ এই বৈঠকত এই তিনিখন জিলাৰ মাজত সীমা বিবাদ দুয়োখন ৰাজ্যৰ পাৰস্পৰিক বুজাবুজিৰ আধাৰত সমাধান কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷” শ্বাওনা মিনে বৈঠকখনক ফলপ্ৰসূ বুলি উল্লেখ কৰি কয়, ‘‘অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত এই সীমা বিবাদ সাত দশক পুৰণি যদিও এই দুয়োখন ৰাজ্যৰ মাজৰ পৰম্পৰাৰ আদান প্ৰদান তাতোকৈও পুৰণি৷ সেয়েহে এই পৰম্পৰাক সুৰক্ষিত কৰি ৰাখিব লাগিব৷”
এই বৈঠকত অতুল বৰা আৰু শ্বাওনা মিনৰ লগতে শদিয়াৰ বিধায়ক বলিন চেতিয়া, তেজুৰ বিধায়ক কাৰিখো ক্ৰী, লেকাঙৰ বিধায়ক জুমুমন এটে দেউৰী, নামছাইৰ বিধায়ক চৌ জিগনু নামচুমকে আদি কৰি দুয়োখন ৰাজ্যৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে৷