দৃশ্য ১ : সন্ধিয়া ৭ বাজিছে৷ জোনবিল মেলালৈ সাঁচি ৰখা আদা, জলকীয়া, হালধি, কচুৰ মোনাকেইটা ভূমিলা খৰায়ে মাজে মাজে চাই গৈছে৷ পিছদিনা পুৱাই তেওঁ যাব লাগিব জাগীৰোডলৈ৷ সেয়ে সোনকালে ৰাতিৰ ভাতসাঁজ খাই পুৱাই উঠি সহযাত্ৰীসকলৰ সৈতে ৰাওনা হ’ল ঐতিহ্যমণ্ডিত গোভা দেওৰজাৰ ৰাজ্যলৈ বুলি৷
দৃশ্য ২ : জোনবিল মেলাত কাপোৰৰ অস্থায়ী বিপণী দিয়া নগাঁৱৰ বাৰপূজীয়াৰ বন্দনা পাটৰে শুকান মাছ, চিৰা-সান্দহৰ টোপোলাটো সযতনে লগত লৈ আহিছে৷ সৰুৰে পৰা দেউতাকৰ মুখত শুনি অহা এই মেলাখন স্ব-চক্ষে চোৱাৰ হেঁপাহ এইবাৰ পূৰণ হ’ল৷ সন্মুখত বিভিন্ন সামগ্ৰী লৈ তিৱা জনগোষ্ঠীয় মহিলা এগৰাকী বহি আছিল৷ বন্দনা পাটৰে টোপোলাটো মহিলাগৰাকীলৈ আগবঢ়াই দিলে আৰু বিনিময়ত পালে আদা, হালধি আৰু জলকীয়া৷ বিপণীলৈ উভতি যাব খোজোঁতেই তিৱা মহিলাগৰাকীয়ে উপযাচি কচু দুটাও দিলে৷ সামগ্ৰীকেইবিধ আলফুলকৈ লৈ তেওঁ নিজৰ বিপণীলৈ খোজ দিলে৷
পাহাৰ-ভৈয়ামৰ মিলনভূমি, জনজাতীয় সংস্কৃতিৰ প্ৰতীক এই জোনবিল মেলাতেই প্ৰাণ পাই উঠে প্ৰাচীন বিনিময় প্ৰথা৷ বছৰ বছৰ ধৰি প্ৰচলিত এই বিনিময় প্ৰথাত ভাগ ল’বলৈ পাহাৰৰ লোকসকলেও আগতীয়াকৈ আহি থাকিবলৈ বিলৰ পাৰৰ পথাৰত অস্থায়ী পঁজা সাজি লয়৷ এই ঐতিহ্যময় পৰম্পৰাক জীয়াই ৰাখি মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপৱৰ্তী জোনবিলৰ পাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বছৰো ১৯, ২০ আৰু ২১ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈ যায় জোনবিল মেলা৷ গোভা দেওৰজা চাৰিভাই দেওশাল শিৱথানত মাংগলিক কাৰ্য সম্পাদনেৰে মেলাৰ প্ৰথম দিনৰ শুভাৰম্ভণি হয়৷ গাভৰু আম বৃক্ষত বন্তি প্ৰজ্বলন আৰু পাহাৰৰ মামা-মামীসকলৰ সৈতে গোভা ৰজাৰ বাৰ্তালাপো আছিল প্ৰথম দিনৰ কাৰ্যসূচীৰ অংশ৷ সেইদিনাই ইউনেস্ক’ৰ এটি প্ৰতিনিধি দলে ‘জোনবিল মেলা’ৰ বিষয়বস্তু সমৃদ্ধ এখনি তথ্যচিত্ৰ নিৰ্মাণৰ কামো আৰম্ভ কৰে৷
“স্বকীয় পৰম্পৰা ৰক্ষাৰে জোনবিল মেলাই পাহাৰ-ভৈয়ামৰ মাজত সমন্বয়ৰ জৰীডাল শক্তিশালী কৰি তুলিছে৷ এইক্ষেত্ৰত বিনিময় প্ৰথাই বিশেষ ভূমিকা পালন কৰিছে”
দীপছিং দেওৰজা, গোভা ৰজা
মেলাৰ দ্বিতীয় দিনা পুৱা ৫ বজাৰ পৰাই আৰম্ভ হয় পৰম্পৰাগত বিনিময় প্ৰথা৷ ইয়াত পাহাৰৰ লোকসকলে স্ব-উৎপাদিত তথা স্ব-সংগৃহীত সামগ্ৰীসমূহ ভৈয়ামৰ লোকসকলৰ সামগ্ৰীৰ সৈতে আদান-প্ৰদান কৰে৷ পাহাৰীয়া লোকসকলে আদা, হালধি, আলু, কচু, লাও-কোমোৰা, আমলখি আদিকে ধৰি বিভিন্ন শাক-পাচলি লৈ আহে৷ ঠিক একেদৰে, ভৈয়ামৰ লোকসকলেও শুকান মাছ, চিৰা, পিঠা, সান্দহ, গুড় আদি বিভিন্ন সামগ্ৰীৰে এই বিনিময় প্ৰথাত অংশগ্ৰহণ কৰে৷ ইয়াৰ পাছতেই জোনবিলত সমূহীয়া মাছমৰা পৰ্ব অনুষ্ঠিত হয়৷ ৰাজদৰবাৰ আৰু ৰাজভাট্টা প্ৰদান অনুষ্ঠান, বিনিময় প্ৰথাৰ সমান্তৰালকৈ কুকুৰা যুঁজৰো আয়োজন কৰা হয়৷ মেলাৰ শেষৰ দিনটোত গোভা দেওৰজা ‘অৰম’ বিলত সমূহীয়া মাছমৰা পৰ্ব অনুষ্ঠিত হয়৷ মাছধৰা সঁজুলি লৈ সকলোৱে গীত গাই, নাচি-বাগি ফূৰ্তি কৰে৷ ইয়াৰ পাছতেই সাংস্কৃতিক অনুষ্ঠান, প্ৰতীকী ৰূপত পৰম্পৰাগত কৰ সংগ্ৰহ কাৰ্যকে ধৰি আন কেইবাটাও অনুষ্ঠানেৰে মেলাৰ সামৰণি পৰে৷
“মই পুৱা ৫ বজাতে আহিছোঁ৷ লগত হালধি, আদা, জলকীয়া, কচু লৈ আনিছোঁ৷ ইয়াত আহি মানুহৰ পৰা সান্দহ, শুকান মাছ আৰু পিঠা পাইছোঁ”, বিনিময় প্ৰথাত অংশগ্ৰহণ কৰা উলুকুঞ্চিৰ টিবিচুৰি পোমাই কয়৷
পৰম্পৰা ৰক্ষা কৰি বহু বছৰ ধৰি বিনিময় প্ৰথাত অংশগ্ৰহণ কৰা পশ্চিম কাৰ্বি আংলং জিলাৰ বৰমাৰ্জঙৰ ভূমিলা খৰায়ে কয়, “মই যোৱা ১০ বছৰ ধৰি জোনবিল মেলালৈ আহি আছোঁ৷ আগতে আমি খোজকাঢ়ি আহিছিলোঁ৷ এইবাৰ গাড়ীৰে আহিছোঁ৷ প্ৰতিবাৰেই নতুন নতুন মানুহ লগ পাওঁ৷ ভৈয়ামৰ মানুহৰ লগত বিভিন্ন সামগ্ৰী আদান-আদান কৰোঁ৷ এই বছৰ বহুত মানুহ হৈছে৷ ভাল লাগিছে৷”
বিনিময় প্ৰথাৰ সমান্তৰালকৈ বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীৰ বৃহৎ অস্থায়ী বজাৰে বহু ক্ষুদ্ৰ ব্যৱসায়ীকো উপকৃত কৰিছে৷ বৰ্তমান মেলাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ব্যৱসায়ী তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে বিভিন্ন জনগোষ্ঠীয় সাজ-পোছাক, কাঠ-বাঁহৰ সামগ্ৰী, বাচন-বতৰ্ন, আ-অলংকাৰ, খেলা-ধূলাৰ সৰঞ্জাম আদি বিভিন্ন বজাৰকেন্দ্ৰিক সামগ্ৰী বিক্ৰীৰে উপাৰ্জন কৰিছে৷ তদুপৰি বিভিন্ন থলুৱা খাদ্যয়ো বজাৰত লাভ কৰিছে বিশেষ স্থান৷
“মই যোৱা ১৩ বছৰ ধৰি মেলাত অস্থায়ী বিপণী দি আহিছোঁ৷ বিক্ৰীও ভাল হয়৷ ইয়াৰ লগতে পাহাৰৰ মামা-মামীসকলৰ সৈতে কথা পতাৰ সুযোগ পাওঁ৷ সামগ্ৰীৰ আদান-প্ৰদান কৰোঁ,” গোৱালপাৰাৰ অহা কণিকা কছাৰীয়ে অসম বাৰ্তাক কয়৷

১৯৯৫ চনৰ পৰাই গোভা ৰাজ্যৰ ৰজাৰ দায়িত্ব পালন কৰি অহা দীপছিং দেওৰজাই কয় “স্বকীয় পৰম্পৰা ৰক্ষাৰে জোনবিল মেলাই পাহাৰ-ভৈয়ামৰ মাজত সমন্বয়ৰ জৰীডাল শক্তিশালী কৰি তুলিছে৷ এইক্ষেত্ৰত বিনিময় প্ৰথাই বিশেষ ভূমিকা পালন কৰিছে৷ ভূমিজনিত সমস্যাৰ সমাধানেৰে ইতিহাসপ্ৰসিদ্ধ এই পৰম্পৰাক আমি চিৰদিন জীয়াই ৰাখিব পাৰিম৷”
“আমি আমাৰ পৰম্পৰা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ৷ শ শ বছৰ ধৰি অনুষ্ঠিত জোনবিল মেলাই আন্তৰ্জাতিক মৰ্যাদা লাভ কৰিবলৈও সক্ষম হৈছে৷ এইবাৰৰ জোনবিল মেলা অনুষ্ঠিত কৰিবলৈ আমাক প্ৰশাসনৰ লগতে পাহাৰ-ভৈয়ামৰ লোকসকলেও সকলোপ্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াইছে,” গোভা দেওৰজা জোনবিল মেলা উন্নয়ন সমিতিৰ সম্পাদক জুৰছিং বৰদলৈয়ে কয়৷
বিশ্বাস আৰু পৰম্পৰাৰ ভেটি সুদৃঢ় কৰি সমন্বয়-সম্প্ৰীতিৰ স্বাক্ষৰ বহন কৰা জোনবিল মেলাত প্ৰতিবছৰে সমাগম হয় দেশ-বিদেশৰ বহু পৰ্যটকৰ৷ এনেদৰেই পূৰ্বাপৰ ৰীতি-নীতি, ঐতিহ্য-সংস্কৃতি-গৰিমাৰে জোনবিল মেলাই দাঙি ধৰিছে একতাৰ উৎকৃষ্ট নিদৰ্শন৷